ASSAM TIMES POST
বিভাস দুৱৰা,ডিব্ৰুগড়: বিশ্বৰ কেইবাখনো দেশত তীব্ৰ আতংক সৃষ্টি কৰা কৰোণা ভাইৰাছৰ সন্দেহত আজি ডিব্ৰুগড়ত অসম চিকিৎসা মহাবিদ্যালয়ৰ টিবি ৱাৰ্ডৰ এক বিশেষ আছুতীয়া কক্ষত ডিব্ৰুগড়ৰ এজন ৪৫ বছৰীয়া লোকক ভৰ্ত্তি কৰোৱা হয়।

জানিব পৰা মতে সূদুৰ মালয়েছিয়াৰ এটা তৈল কোম্পানীত কৰ্মৰত লোক জন যোৱা ৭ ফেব্ৰুৱাৰীত কলকতা হৈ ডিব্ৰুগড়লৈ আহিছিল।কলকতাত তেঁওৰ স্বাস্থ্য পৰীক্ষা নকৰাকৈ গুছি অহাত ডিব্ৰুগড়ৰ মোহনবাৰী বিমান বন্দৰত ডিব্ৰুগড়ৰ স্বাস্থ্য বিভাগৰ চিকিৎসক আৰু কৰ্মচাৰীয়ে লোকজনক ডিব্ৰুগড়ৰ নিজ গৃহতে ৰাখি নিৰীক্ষন কৰি আছিল।তেনেতে আজি লোকজনৰ কিছু মুৰৰ বিষ আৰু সামান্য জ্বৰ হোৱা বুলি জানিব পাৰি ততাতৈয়াকৈ অসম মেডিকেল কলেজৰ আচুতীয়া কক্ষলৈ স্থানান্তৰ কৰে।

লগে লগে লাহোৱালস্থিত আঞ্চলিক গবেষণাগাৰৰ পৰা তিনিগৰাকী বিশেষজ্ঞ আহি স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে তেজৰ নমুনা সংগ্ৰহ কৰে বুলি ডিব্ৰুগড়ৰ যুটীয়া স্বাস্থ্য সঞ্চালক কাৰ্যালয়ৰ চিকিৎসা বিষয়া ডা: নবজ্যোতি গগৈয়ে আজি নিয়মীয়া বাৰ্তাৰ আগত সদৰি কৰে।তেঁও কয় যে বৰ্তমানে ৰোগীজনক সম্পূৰ্ণ নিৰীক্ষনত ৰখা হব।তেজৰ নমুনাত যদি কৰোনা ভাইৰাছ ঋণাত্মক হয়,তেন্তে ৰোগীজনক ঘৰলৈ যাব দিয়া হব আৰু বিশেষ চিন্তনীয় বুলি ভবা নাই।যিহেতুকে ব্যক্তিজন কৰোনা ভাইৰাছত আক্ৰান্ত মালয়েচিয়াৰ পৰা আহিছে,সেয়ে এনে পদক্ষেপ লোৱাতো বাঞ্চনীয় বুলি চিকিৎসা বিষয়া গগৈয়ে মত পোষন কৰে।

বিশ্বৰ কেইবাখনো দেশত কৰোনাভাইৰাছে সংহাৰী ৰূপ ধাৰণ কৰাৰ পাছত এই মৃত্যুদূত ৰূপী ভাইৰাছৰ আতংক যাতে অসমলৈও বিয়পি নপৰে তাৰ বাবেই এনে পদক্ষেপ গ্ৰহন কৰি আজি চিকিৎসা মহাবিদ্যালয়ৰ আছুতীয়া কক্ষত লোকজনক ভৰ্তি কৰোৱা হৈছে।অৱশ্যে
চীনত সংহাৰী ৰূপ ধাৰণ কৰাৰ পাছত সমগ্ৰ বিশ্বতে বিশ্ব স্বাস্থ্য সংস্থাই বিশ্ব স্বাস্থ্য জৰুৰী হিচাপে ঘোষণা কৰাৰ সময়তে ভাৰততো কৰোনাভাইৰাছক লৈ আতংকৰ সৃষ্টি কৰিছিল।

দেশৰ বিভিন্ন বিমানকোঠ আৰু অসমকে ধৰি কেইবাখনো ৰাজ্যত সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে।ডিব্ৰুগড়টো মোহনবাৰী বিমানবন্দৰত দৈনিক যাত্ৰী সকলক পৰীক্ষা কৰোৱা হয়।অসম চিকিৎসা মহাবিদ্যালয়ত দহখন বিছনা যুক্ত এটা বিশেষ আছুতীয়া কক্ষ প্ৰস্তুত কৰা লগতে আজি এজনক কৰোনা ভাইৰাছত আক্ৰান্তৰ সন্দেহত ভৰ্তি কৰাৰ পাছত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।













