ASSAM TIMES POST
বোকাখাত : অলপতে শিৱসাগৰৰ গড়গাঁও মহাবিদ্যালয়ত অনুষ্ঠিত হৈ যোৱা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আন্তঃ মহাবিদ্যালয় একাংক নাট প্ৰতিযোগিতাত বোকাখাত জে ডি এচ জি মহাবিদ্যালয়ৰ নাট্যদলটিয়ে সুন্দৰ নাট প্ৰদৰ্শনৰ জড়িয়তে দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হোৱাৰ লগতে মহাবিদ্যালয়ৰ উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ ছাত্ৰ ৰঞ্জিত কলিতাই শ্ৰেষ্ঠ অভিনেতাৰ সন্মান লাভ কৰি মহাবিদ্যালয়ৰ লগতে বোকাখাতলৈ গৌৰৱ কঢ়িয়াই আনিলে।
বিগত আৰু সাম্প্ৰতিক সময়ত অধিকবাৰ অসমৰ বিভিন্ন মঞ্চত শ্ৰেষ্ঠ নাট্যদল, শ্ৰেষ্ঠ নাট্যকাৰৰ পুৰস্কাৰ সমৃদ্ধ তথা শক্তিশালী নাটেৰে অসমৰ এমেচাৰ নাট জগতত সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হোৱা বোকাখাতৰ নাট্যকাৰ অমৰ শৰ্মাৰ “মায়ংজকা” একাংক নাটখনিৰে উক্ত প্ৰতিযোগিতাত অৱতীৰ্ণ হৈছিল মহাবিদ্যালয়খনৰ নাট্যদলটি। নাট পৰিচালনা আছিল বোকাখাত জে ডি এচ জি মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ তথা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰিবেশ্য কলা বিষয়ত স্নাতকোত্তৰ ডিগ্ৰীধাৰী বোকাখাতৰ প্ৰতিভা সম্পন্ন উদীয়মান নাট পৰিচালক তৰুণ তীৰ্থ শইকীয়াৰ।
উল্লেখ্য যে মুঠ ৭৫ৰো অধিক মহাবিদ্যালয়ৰ নাট্যদল সমূহে অংশগ্ৰহণ কৰা একাংক নাট প্ৰতিযোগিতাখনিত ধাহ্য কৰি দিয়া মুঠ পাঁচটি চূড়ান্ত পুৰস্কাৰৰ মাজৰ এটা পুৰস্কাৰ বোকাখাত জে ডি এচ জি মহাবিদ্যালয়ে লাভ কৰা বিষয়টোৱে বোকাখাতত যথেষ্ট গুৰুত্ব লাভ কৰে আৰু মহাবিদ্যালয়ৰ লগতে বোকাখাতবাসীক যথেষ্ট আবেগিক আৰু উৎফুল্লিত কৰি তুলিলে। নাটখনিৰ সংগীতত আছে তন্ময় শইকীয়া আৰু কংকন শইকীয়া, অভিনয়ত ৰঞ্জিত কলিতাৰ লগতে আছে ক্ৰমে মৃত্যুঞ্জয় শইকীয়া, প্ৰাঞ্জল জ্যোতি দত্ত, ঈশ্বী কুটুম, প্ৰাংগনা বৰা, মঞ্জিত শৰ্মা, বৈদুৰ্য্য তামুলী আৰু মধুস্মিতা দত্ত। জে ডি এচ জি মহাবিদ্যালয়ৰ অধ্যক্ষ ড° জয়ন্ত গগৈয়ে নাট্যকাৰ, পৰিচালককে ধৰি সমগ্ৰ দলটিৰ শলাগ লৈছে আৰু অভিনন্দন জ্ঞাপন কৰিছে।













