ASSAM TIMES POST
অজন্তা তালুকদাৰ, বোকাখাতঃ সমাজৰ ভিন্ন ক্ষেত্ৰত নিজ নিজ প্ৰতিভাৰ অনন্য প্ৰদৰ্শনেৰে উজলিছে এদল মেধা আৰু প্ৰতিভাশালী যুৱক-যুৱতী।
এওঁলোকে নিজকে চিনাকী দিয়ে নবোদয়ান বুলি। গোলাঘাট নবোদয় বিদ্যালয়ৰ পৰা শিক্ষা সাং কৰি এতিয়া নিজ নিজ কৰ্মক্ষেত্ৰত ব্যস্ত থকা উক্ত মেধাৱী প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সকলে জন্ম দিয়া উমৈহতীয়া মঞ্চ “নবোজিয়া”ৰ উদ্যোগত বোকাখাতৰ শ্বহীদ কমলামিৰি অসামৰিক চিকিৎস্যালয়ত আজি অনুষ্ঠিত কৰে এক ৰক্তদান শিবিৰ।
উল্লেখ্য যে, গোলাঘাট নবোদয় বিদ্যালয়ে এই বছৰত ভৰি দিছে ৰূপালী জয়ন্তী বৰ্ষত । ইয়াৰ লগত সংগতি ৰাখি প্ৰাক্তন নবোদয়ান সকলৰ এই প্ৰচেষ্টা অব্যাহত ৰাখিছে বোকাখাতৰ বিভিন্ন প্ৰান্তত। প্ৰায় ৫০ জনৰো অধিক ব্যক্তি তথা সাংবাদিকেও ৰক্তদান কৰে উক্ত ৰক্তদান শিবিৰত। উক্ত ৰক্তদান শিবিৰৰ শুভাৰম্ভনি কৰে গোলাঘাট কোশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ ব্লাড বেংকৰ সমন্বয়ক বিজু বৰাই। নবোদয় বিদ্যালয়ৰ পৰা শিক্ষা সাং কৰি আজিৰ তাৰিখত সমাজৰ ভিন্ন ক্ষেত্ৰত নিজৰ অধ্যৱসায় আৰু মেধাৰে জিলিকি উঠা এই সকল নবোদয়ানৰ এনে পদক্ষেপ ভবিষ্যত প্ৰজন্মৰ প্ৰতি আশাৰ বাত মুকলি কৰিছে ৷
ইফালে, উক্ত ৰক্তদান শিবিৰত সাংবাদিক সুৰক্ষা মঞ্চৰ কেন্দ্ৰীয় সমিতিৰ উপ সভাপতি জিতু ৰঞ্জন বৰগোহাঁই আৰু কেন্দ্ৰীয় সমিতিৰ মুখ্য সাংগঠনিক সম্পাদক অলক জ্যোতি শইকীয়াই ৰক্তদান কৰি কয় যে, ৰক্তদান হৈছে এক মহান দান ৷ আপোনাৰ এটোপাল ৰক্তই হয়টো জীয়াই তুলিব পাৰে হাজাৰ জনৰ মৃত্যুমুখি যাত্ৰীক। তেনে এক মহান আদৰ্শৰেই প্ৰতিফলিত হল বোকাখাতত।
ইপিনে, বোকাখাতত অনুষ্ঠিত কৰা উক্ত ৰক্তদান মহান কাৰ্যসূচীত আছাম টকছৰ সাংবাদিক মাধৱ জ্যোতি দত্ত, পি আই নিউজৰ সাংবাদিক উত্তম শৰ্মা, সাংবাদিক ট্ৰিনয়ন বৰাৰ লগতে বোকাখাত আৰু কাজিৰঙাৰ কেইবাজনো গণ্যমান্য ব্যক্তিয়ে ৰক্তদান কৰে ৷
ইয়াৰ ওপৰিও বোকাখাত-গোলাঘাট তথা ৰাজ্যৰ ভিন্ন প্ৰান্তৰ ভিন্ন ক্ষেত্ৰত কৰ্মৰত নবোদয়ান সকলে এই শিবিৰত অংশ গ্ৰহণ কৰে ৷













