লোকে লোকাৰণ্য, প্ৰায় ৭০ দল সংগঠনৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপনঃ
ASSAM TIMES POST
অজন্তা তালুকদাৰ, বোকাখাতঃ
বোকাখাতৰ খতিয়াখলিৰ বয়োজ্যেষ্ঠ নাগৰিক, বিশিষ্ট শিক্ষাবিদ, আধুনিক চিন্তা কৰ্মৰ অন্যতম পথিকৃত টংকেশ্বৰ হাজৰিকাৰ (৯৪) আজি পুৱা ৮:৩০ বজাত নিজা বাসভৱনত দেহাৱসান ঘটে। কিছুদিন অসুস্থ হৈ থকা ব্যক্তি গৰাকীৰ বিয়োগৰ বাতৰি বিয়পি পৰাৰ লগে লগে অগণন গুণমুগ্ধ প্ৰয়াত গৰাকীৰ গৃহত সমবেত হৈ শেষ শ্ৰদ্ধা নিবেদন কৰে।

১৯২৭ চনত জন্মগ্ৰহণ কৰা হাজৰিকাই দুঃসাধ্যৰ শৈক্ষিক জীৱন অতিক্ৰম কৰি আত্ম প্ৰতিষ্ঠা লাভ কৰে। ১৯৬২ চনত মাৰ্ক্সীয় দৰ্শনৰ প্ৰতি আকৃষ্ট হৈ তেখেতে চি পি আই দলৰ সদস্য ১৯৬৩ চনত সেই দলৰ পৰাই নিৰ্বাচনত অৱতীৰ্ণ হৈ গড়মূৰ পঞ্চায়তৰ সভাপতি নিৰ্বাচিত হৈছিল।
বোকাখাতৰ আগশাৰীৰ শিক্ষানুষ্ঠান ৰজাবাৰী হাইস্কুলৰ প্ৰতিষ্ঠাপক সকলৰ অন্যতম হাজৰিকাই এই বিদ্যালয়তে শিক্ষকতাৰ সেৱাত নিয়োজিত হয় যদিও সমাজ উত্তৰণৰ বাবে অবিৰত চেষ্টা ৰাখিছিল। তেখেতৰ নেতৃত্বতে কুৰুৱাবাহী সমবায় সমিতিৰ গঠন হৈছিল আৰু তিনিটাকৈ কাৰ্যকালৰ দায়িত্বত আছিল।
তদানীন্তন মুখ্যমন্ত্ৰী শৰৎ চন্দ্ৰ সিংহই এই সমবায় সমিতি খনৰ তিনিবছৰীয়া উন্নতিত সন্তুষ্ট হৈ নিজে আহি ১৯৭৩ চনত কুৰুৱাবাহী সমবায়ক অসমৰ শ্ৰেষ্ঠ সমবায় সমিতিৰ স্বীকৃতি প্ৰদান কৰিছিল। তাৰোপৰি সমগ্ৰ বোকাখাতৰে সাহিত্য, সংস্কৃতি আৰু শিক্ষাৰ উত্তৰণত আত্মনিয়োগ কৰে। ৰজাবাৰী অংকুৰণ শাখা সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰয়াত হাজৰিকা অঞ্চলটোৰ উচ্চ শিক্ষাৰ একমাত্ৰ কেন্দ্ৰ নুমলীগড় জুনিয়ৰ কলেজৰো আছিল প্ৰতিষ্ঠাপক সভাপতি।

কেইবাটাও কাৰ্যকাল কলেজখনৰ পৰিচালনা সমিতিৰ সভাপতি ৰূপে কাৰ্যনিৰ্বাহ কৰিছিল। খতিয়াখলিৰো সকলো অনুষ্ঠানৰ গুৰি ধৰোতা হাজৰিকাৰ বিয়োগত কুৰুৱাবাহীৰ লগতে সমগ্ৰ বোকাখাত শোকস্তব্দ্ধ হৈ পৰে।
প্ৰয়াত গৰাকীৰ গৃহত সমবেত হয় বিভিন্ন দল সংগঠন। চোতালতে অনুষ্ঠিত হোৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ অসম ৰাজ্যিক, কুৰুৱাবাহী যুৱক সংঘ, কোচ-ৰাজবংশী সন্মিলন, অসম ৰাজ্যিক সাংবাদিক সন্থা, বোকাখাত মহকুমা সাংবাদিক সন্থা, ইমজা বোকাখাত, বোকাখাত সাংস্কৃতিক সমাজ, কুৰুৱাবাহী গাঁও পঞ্চায়ত, নুমলীগড় জুনিয়ৰ কলেজ, বোকাখাত মহকুমা কবি সন্মিলন, বোকাখাত টাউন হাইস্কুল, প্ৰথম পৰঙ্গনীয়া বোৱা কটা সমবায় সমিতি, জ্যেষ্ঠ নাগৰিক সন্থা, খতিয়াখলি লেখিকা সমাৰোহ, তেজীমলা মহিলা সমিতি, খতিয়াখলি প্ৰাথমিক বিদ্যালয়, খতিয়াখলি মধ্য ইংৰাজী বিদ্যালয়, খতিয়াখলি আঞ্চলিক শিল্পী সমাজ, চিত্ৰলেখা মইনা পাৰিজাত, লখৌজান সৌৰভ পুথিভঁৰাল আৰু নাট্যমন্দিৰ, প্ৰয়াস অধ্যয়ন চক্ৰ, অসম প্ৰদেশ কংগ্ৰেছ, মঞ্ডল কংগ্ৰেছ, মহিলা কংগ্ৰেছ, কলিতা জনগোষ্ঠী, বোকাখাত উচ্চতৰ মাধ্যমিক বিদ্যালয়, অৱসৰপ্ৰাপ্ত শিক্ষক কৰ্মচাৰী, মাষ্টাৰ্চ এথলেটিকচ, ৰজাবাৰী ক্ৰীড়া সন্থা, শংকৰদেৱ নামঘৰ, ৰজাবাৰী খতিয়াখলি নামঘৰ, শংকৰদেৱ শিশু নিকেতন ৰজাবাৰী, ৰূপজ্যোতি সংঘ, নাট্যম বোকাখাত, “মইনা বাৰ্ত”ৰ সম্পাদক, সাৰথি নাট্যগোষ্ঠী, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আদি বিভিন্ন দল সংগঠনে শ্ৰদ্ধা জ্ঞাপন কৰে।

ইয়াৰ পাছতে প্ৰয়াত গৰাকীয়ে প্ৰতিষ্ঠা কৰা কুৰুৱাবাহী সমবায়ে নতুনকৈ ক্ৰয় কৰা এখন পুষ্প সজ্জিত বাহনত গায়ন বায়ন সহ তেখেতৰ নশ্বৰ দেহ খতিয়াখলি যুৱ সংঘ, খতিয়াখলি প্ৰাথমিক বিদ্যালয়, খতিয়াখলি বুঢ়া নামঘৰ, কুৰুৱাবাহী সমবায় সমিতিৰ কাৰ্যালয়, অংকুৰণ শাখা সাহিত্য সভাৰ কাৰ্য্যালয়, নুমলীগড় জুনিয়ৰ কলেজ, ৰজাবাৰী হাইস্কুললৈ নিয়া হয়।
কেওতা অনুষ্ঠানত সংশ্লিষ্ট অনুষ্ঠান সমূহৰ লগতে জীপাল কৃষক শ্ৰমিক সংঘ, ৰজাবাৰী নাট্যগোষ্ঠী, ৰজাবাৰী ব্যৱসায়ী সন্থা, অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনী, কুৰুৱাবাহী কৰ্ম পৰিষদ, চিনামৰা কলেজ যোৰহাট, ৰজাবাৰী গাঁও পঞ্চায়ত, মাধৱপুৰ নামঘৰ, ৰজাবাৰী প্ৰাথমিক বিদ্যালয়, অনুসূচিত জাতি পৰিষদ, মিলনপুৰ প্ৰাথমিক নামঘৰ, জিলা পৰিষদ, গাঁও ৰক্ষী সংগঠনৰ বোকাখাত থানা সমিতি, ৰজাবাৰী পালনাম সমিতি, পৰিত্ৰাণ, চুতীয়া জাতি সন্মিলনকে ধৰি প্ৰায় ৭০ টা দল সংগঠনে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
অংকুৰণ শাখা সাহিত্য সভা আৰু কুৰুৱাবাহী সমবায় সমিতিয়ে প্ৰয়াত গৰাকীলৈ শ্ৰদ্ধা জনাই তিনিদিনকৈ পতাকা অৰ্দ্ধনমিত কৰিছে। ইফালে সাংসদ গৌৰৱ গগৈ আৰু গোলাঘাট জিলা সাহিত্য সভাইও গভীৰ শোক প্ৰকাশ কৰিছে।
এটা অনুষ্ঠানলৈ উন্নিত হোৱা এইগৰাকী ব্যক্তিয়ে সুযোগ্যা পত্নী, তিনি পুত্ৰ, তিনি বোৱাৰী, একমাত্ৰ জী আৰু জোঁৱাই, ছয় নাতি, বংশ-পৰিয়াল আৰু বহু সংখ্যক গুণমুগ্ধক এৰি থৈ গৈছে। দুপৰীয়া প্ৰয়াত হাজৰিকাৰ গৃহৰ সমীপত কাঠ-সংস্কাৰ সম্পন্ন কৰা হয়।












