ASSAM TIMES POST
অজন্তা তালুকদাৰ, বোকাখাত : বোকাখাতৰ অগৰাতলি ৰেঞ্জ অফিচৰ অন্তৰ্গত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এজন অসম ফৰেষ্ট বেটেলিয়ানৰ বনৰক্ষীৰ কৰ্মৰত অৱস্থাত আঘাত প্ৰাপ্তহৈ ভৰি এখন ভাঙে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত কৰ্মৰত অৱস্থাতে যোৰহাটৰ তিতাবৰ বৰহোলাৰ জিয়াউল হোছেইন (৩০) এটা গড়ৰ মুখামুখি হয় আৰু গড়ৰ খেদাত দৌৰি পলাই যোৱা অৱস্থাত পৰি গৈ এখন ভৰি ভাঙি যায়।
প্ৰায় চাৰি মান বজাৰ ঘটনাৰ পাছতে বনৰক্ষী জনক বোকাখাতৰ শ্বহীদ কমলা মিৰি অসামৰিক চিকিৎসালয়লৈ অনা হয় যদিও উন্নত চিকিৎসাৰ বাবে গুৱাহাটীৰ মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে।













