ASSAM TIMES POST
অজন্তা তালুকদাৰ, বোকাখাতঃ বোকাখাতৰ অন্যতম সাংস্কৃতিক অনুষ্ঠান বোকাখাত শিল্পী সমাজ আৰু বোকাখাত নগৰ মইনা পাৰিজাতৰ উদ্যোগত অসমীয়া চিৰসেউজ আধুনিক গীতৰ এক কৰ্মশালাৰ কালি শুভাৰম্ভ হয়।

১৬ ফেব্ৰুৱাৰীৰ পৰা ২৩ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হব লগা অনুষ্ঠান উদ্বোধন কৰি নাট্যকাৰ সাংবাদিক অমৰ শৰ্মাই বৰ্তমান নৱ প্ৰজন্মৰ মাজত চিৰসেউজ অসমীয়া গীতৰ জনপ্ৰিয়তা বৃদ্ধি, পুৰণি গীত সমুহক বিশুদ্ধ ৰূপত সংৰক্ষণ, পৰিবেশনৰ বাবে এনেধৰণৰ কৰ্মশালাৰ গুৰুত্বৰ ওপৰত মন্তব্য দি আয়োজক সকলক ধন্যবাদ জনায়।

বোকাখাত পুৱতি সাহিত্য সভাৰ সম্পাদক গীতাঞ্জলী কলিতাই আঁত ধৰা অনুষ্ঠানত বোকাখাত শিল্পী সমাজ আৰু বোকাখাত নগৰ মইনা পাৰিজাতৰ সভাপতি দুলাল ডেকা, নুমলীগড় জুনিয়ৰ কলেজৰ ইংৰাজী বিষয়ৰ শিক্ষয়িত্ৰী তথা কবি সাংবাদিক অজন্তা তালুকদাৰ, বিশিষ্ট গীতিকাৰ সাংস্কৃতিককৰ্মী শৰৎ ৰঞ্জন শৰ্মা, কৰ্মশালাৰ সংগীত প্ৰশিক্ষক ডঃ বৰ্ণালী বৰুৱা, শিক্ষয়িত্ৰী লক্ষী দেৱী , ৰেনুপ্ৰভা ফুকন আদি ব্যক্তিয়ে বন্তি প্ৰজ্বলন কৰি প্ৰশিক্ষাৰ্থী , অভিভাৱক সকলৰ উদ্দেশ্য কৰি ভাষন আগবঢ়ায়।

আৰম্ভণি দিনা বোকাখাতৰ প্ৰায় পঞ্চাশ গৰাকী ছাত্র ছাত্ৰীয়ে প্ৰশিক্ষণ গ্ৰহণ কৰে। অনুষ্ঠানতে ৰাতুল ফুকন আৰু সৌৰভ হাজৰিকাৰ যুটীয়া ভাবে ৰচিত আৰু সৌৰভ হাজৰিকাৰ সুৰ আৰু প্ৰতীক্ষা শৰ্মাৰ সতে দ্বৈত কন্ঠত এটি আধুনিক বাংলা ভাষাৰ গীতৰ উন্মোচন কৰে নুমলীগড় শোধনাগাৰৰ মানৱ সম্পদ বিভাগৰ জ্যেষ্ঠ উপ মহা প্ৰৱন্ধক মিন্টু কুমাৰ সন্দিকৈয়ে ।
লগতে তেখেতে প্ৰশিক্ষাৰ্থী সকলক উদ্দেশ্য কৰি অভ্যাস আৰু অনুশীলন অব্যাহত ৰাখি সফলতা অৰ্জন কৰি এজন ভাল শিল্পী হোৱাৰ কথা বাবে সকলোকে আহ্বান জনায় আৰু ব্যক্তিগত বা শোধনাগাৰৰ তৰফৰ পৰা সহায় আগ বঢ়োৱাৰ কথা ব্যক্ত কৰে। অসমৰ প্ৰতিষ্ঠিত সংগীত শিল্পী সীমান্ত শেখৰ কৰ্মশালাত উপস্থিত হৈ গীত পৰিবেশ কৰে।

বিশিষ্ট সমাজ কৰ্মী আকাশ ফুকনেও প্ৰশিক্ষাৰ্থী সকলৰ সমুখত বক্তব্য ৰাখে। বোকাখাত নগৰ মইনা পাৰিজাতৰ সম্পাদিকা নমিতা বৰা, অশোক হাজৰিকা মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষয়িত্ৰীদ্বয় ক্ৰমে লক্ষ্মী দেৱী আৰু দীপিকা ফুকন, সাংস্কৃতিক কৰ্মী ক্ৰমে ইলি বৰা, কাকলি কাশ্যপ, গুণু ডেকা, ৰক্তিম ৰাজ ডেকা, পপী শইকীয়াৰ লগতে বহু সংখ্যক অভিভাৱক আৰু স্থানীয় লোক উপস্থিত থাকে। প্ৰথম দিনৰ প্ৰশিক্ষনৰ অন্তত বোকাখাত শিল্পী সমাজৰ সম্পাদক সৌৰভ হাজৰিকাই সকলোৰে শলাগ লৈ কেউটাদিনৰ বাবে সহায় সহযোগিতা কামনা কৰে।













