ASSAM TIMES POST
উৎপল দাস, গোলাঘাটঃ গোলাঘাটবাসীৰ বহু প্ৰত্যাশাৰ ওৰ পেলাই বুধবাৰে গোলাঘাটৰ শ্বহীদ অসামৰিক চিকিৎসালয়ত মুকলি কৰা ইনটেচিভ কেয়াৰ ইউনিট চমুকৈ আই চি ইউ সেৱা৷ গোলাঘাটবাসীৰ বহুদিনীয়া দাবীক সঁহাৰি জনাই উক্ত জৰুৰীকালীন সেৱা কেন্দ্ৰটি আনুষ্ঠানিকভাৱে মুকলি কৰে ৰাজ্য চৰকাৰৰ কৃষিমন্ত্ৰী অতুল বৰাই৷

লগতে উক্ত অনুষ্ঠানত গোলাঘাট সমষ্টিৰ বিধায়ক অজন্তা নেওগ, গোলাঘাট জিলাৰ উপায়ুক্ত বিভাস মোডী, অসামৰিক চিকিৎসালয়খনৰ অধীক্ষকে ধৰি কেইবাজনো গন্যমান্য ব্যক্তি উপস্থিত থাকে৷ উল্লেখ্য যে চিকিৎসালয়খনত আই চি ইউ সেৱা নথকা বাবে সততে জৰুৰীকালীন সময়ত ৰোগীসকলক চিকিৎসাৰ বাবে অন্য ঠাইলৈ প্ৰেৰণ কৰা লগতে আই চি ইউ অভাৱত বহু ৰোগী মৃত্যুমুখত পৰি আহিছে৷ এই জৰুৰীকালীন সেৱাই জিলাখনৰ ৰোগীসকলক যথেষ্ট পৰিমানে সকাহ দিব বুলি ক’ব পাৰি৷













