ASSAM TIMES POST
থ্ৰি নট থ্ৰি ৰাইফল, মেগজিন, গুলী উদ্ধাৰ
নগাঁও : কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত প্ৰৱেশ কৰি গঁড় নিধন কৰাৰ পৰিকল্পনা কৰা চোৰাং চিকাৰীৰ পৰিকল্পনা ব্যৰ্থ কৰিলে নগাঁও আৰক্ষীয়ে।আজি নগাঁৱত সাংবাদিকৰ আগত এই কথা সদৰী কৰি নগাঁও জিলাৰ আৰক্ষী অধীক্ষক অভিজিৎ গৌৰৱ দিলীপে কয় যে এক গোপন সূত্ৰৰ খবৰৰ ভিত্তিত নগাঁও জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মোহন লাল মীনা, বিশেষ শাখাৰ উপ আৰক্ষী অধীক্ষক জন দাস আৰু জখলাবন্ধা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নীতু কলিতাৰ নেতৃত্বত আৰক্ষীৰ এটা দলে অভিযান চলাই জখলাবন্ধা ন-জানৰ পৰা এজন কুখ্যাত চোৰাং চিকাৰীক গ্ৰেপ্তাৰ কৰে।


ধৃত চোৰাং চিকাৰীটোৰ নাম ৰবি আলী ওৰফে কাণু(২৫)। পিছত ধৃত ৰবি আলীক জেৰা কৰি তেওঁৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে এটা থ্ৰি নট থ্ৰি ৰাইফল,এটা মেগজিন, দুই জাঁই সক্ৰিয় গুলী আৰু এটা চাইলেন্সাৰ উদ্ধাৰ কৰে।ধৃত চোৰাং চিকাৰীটোৱে কাজিৰঙাত গঁড় চিকাৰ কৰিবৰ কাৰণে এই অস্ত্ৰ শস্ত্ৰ খিনি নজানৰ ওচৰৰ এটা কালভাৰ্টৰ তলত লুকুৱাই ৰাখিছিল। আৰক্ষীৰ জেৰাত ধৃত চোৰাং চিকাৰীটোৱে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গঁড় চিকাৰৰ লগত জড়িত বুলি স্বীকাৰোক্তি দিছে ।













