ASSAM TIMES POST
নিউজ ডেক্স
অখিল-মানস-ধৈৰ্য-বিতু জনতা স্বাৰ্থত নিজৰ স্থিতিত অটল থকাৰ বাবে মাওবাদী অভিযোগত অন্যায় ভাৱে জেলত ভৰাই ৰখা হৈছে।তেওঁলোকৰ দুখ হ’ল চৰকাৰৰ হিচাপত তেওঁলোকে বিক্ৰী গৈ আন্দোলন কৰা নাই”-এই মন্তৱ্য নৰ্মদা বচাও আন্দোলনৰ নেত্ৰী মেধা পাটকাৰ।ভাৰতবৰ্ষ গণ আন্দোলনৰ অন্যতম নেত্ৰী হিচাপে পৰিচিত পাটকাৰে গুৱাহাটীত এক সংবাদ মেল সম্বোধন কৰি কয় যে “কৃষক মুক্তিয়ে ভাৰতৰ সংবিধানৰ ধৰ্মনিৰপেক্ষ গুৰুত্ব দি নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে জন-সংগ্রাম গঢ়ি তুলিছিল।সংগ্রাম সাম্প্ৰদায়িক বিজপি-আৰএছএছৰ বিৰুদ্ধে অহিংস-গণ হত্যাগ্ৰহ ৰূপ লোৱা কম্পিত হৈছিল বিজেপি তাৰ বাবে আজি তেওঁলোক বন্ধী কৰি ৰখা হৈছে। এইয়া স্বেচ্ছাচাৰী নীতিক গৰিহণা দিয়া উচিত।
ৰাষ্ট্ৰীয় তদন্তকাৰী সন্থা চমুকৈ নিয়া আজি কেন্দ্ৰীয় চৰকাৰৰ নিয়ন্ত্ৰণত বুলি অভিযোগ উথাপন কৰি পাটকাৰে কয় “যি জন অখিলে এপিএছচি দুৰ্নীতি, অন্যায় আৰু কাজিৰঙাত অৰ্কিত উদ্যান স্থাপন কৰি জনতাৰ হিতৰ বাবে কাম কৰিছে সেই জন মানুহক পুৰস্কৃত কৰা বিপৰীতে ৰাষ্ট্ৰদ্রোহৰ মিছা অভিযোগ প্ৰদান কৰি বন্ধী কৰি ৰাখিছে”। জাতি আৰু ধৰ্মবাদৰ ৰাজনীতি শেষ কৰাৰ সময় এইয়া বুলি উল্লেখ কৰি পাটকাৰে কয় চৰকাৰ আন্দোলন কাৰীক পৃথক কৰিছে কিন্তু আমি এক হব লাগিব।কা’ৰ কেৱল ধৰ্মভিত্তি তিনিখন দেশৰ কথা কিয় কয়।কিয় শ্ৰীলংকাৰ কথা উল্লেখ নাই।কাৰণ এইয়া হৈছে ভোটবেংক ৰাজনীতি”।
ডিটেনচন কেম্প আৰু কাৰাগাৰ দুটা পৃথক বুলি উল্লেখ কৰি সংগ্রামী নেত্ৰী গৰাকীয়ে কয় “যত এনআৰচি সম্পূৰ্ন হৈ উঠা নাই তাত ডিটেনচন কেম্প কিয় প্ৰয়োজন। ডিটেনচন কেম্পৰ নামত কিয় জেল-পুলিচৰ জিম্মাত দিয়া হয়”। আনহাতে অসম চুক্তি সফল ভাৱে ৰূপায়ন কৰি অসমৰ নিবনুৱা সমস্যা সমাধান কৰা জৰুৰী বুলি পাটকাৰে উল্লেখ কৰে। গান্ধীবস্তী কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মুখ্য কাৰ্যলয়ত সম্বোধন কৰা সংবাদ মেলত সংগ্রামী নেতা সন্দীপ পাণ্ডে কয় – অখিল মাওবাদী নহয় ভাৰতীয় সংবিধানক বিশ্বাস কৰা এজন সমাজকর্মী। কৃষক, দৰিদ্ৰ আৰু পীড়িত জনতাৰ বাবে কাম কৰা এজন ব্যক্তি ।
অখিলে কা’ৰ বিৰুদ্ধে যি শক্তিশালী গণ- সংগ্রাম গঢ়ি তুলিছিল সেই সংগ্ৰাম আছুৱে নিজৰ নেতৃত্বলৈ নি চৰকাৰৰ নিয়ন্ত্ৰিত কৰিলে।ৰাজপথৰ আন্দোলন খেল পথাৰত প্ৰৱেশ কৰালে। পাঁচ বজাত আন্দোলন শেষ হ’ব বুলি সময় বান্ধি দিলে”-এইয়া কেনেধৰণৰ কথা সময় বান্ধি আন্দোলন কৰিব আছুলৈ প্ৰশ্ন পাণ্ডে। জনতাৰ আন্দোলন যেতিয়া শক্তিশালী সংগঠনৰ লগত থাকিব তেনে আন্দোলন সফল হ’বই বুলি উল্লেখ কৰি পাণ্ডে কয় বিজেপি-আৰএছএছক উৎখাত কৰাৰ বাবে আছুৱে অখিলৰ দৰে সংগ্রাম কৰক । বিদেশীক চিনাক্ত কৰি নাগৰিকত্ব দিয়া বিপৰীতে কাম কৰা অনুজ্ঞাপত্ৰ প্ৰদান কৰক দেশৰ উন্নতি হ’ব পাণ্ডে কয়। ‘কা’ৰ জৰিয়তে কোনো প্ৰমাণ পত্ৰ নথকাকৈ নাগৰিকত্ব দিয়াটো কেনে কথা বুলি উল্লেখ কৰে পাণ্ডে।













