ASSAM TIMES POST
গুৱাহাটী : চলিত মাহৰ ১ আৰু ২ ফেব্ৰুৱাৰীত অনুষ্ঠিত হোৱা অসম চৰকাৰৰ জলসিঞ্চন বিভাগৰ শাখা সহায়ক পদৰ ফলাফলত স্থগিতাদেশ জাৰি গুৱাহাটী উচ্চ ন্যায়ালয়। একাংশ প্ৰাৰ্থী ৰাজহুৱা স্বাৰ্থ জড়িত আৱেদনৰ গোচৰৰ ভিত্তিত ন্যায়ালয়ে বুধবাৰে প্ৰদান কৰিছে এই নির্দেশ।ন্যায়ালয় অনুমতি নোপোৱাকৈ ৩৯৭টা পদৰ বাবে অনুষ্ঠিত হোৱা পৰীক্ষাৰ ফলাফল ঘোষণা কৰিব নোৱাৰিব। উল্লেখ যে পৰীক্ষাৰ অনুষ্ঠিত কৰা এবট্ৰেক নামৰ কোম্পানীটোক ব্লেক লিষ্টেড কৰিছিল এলাহাবাদ উচ্চ ন্যায়ালয়ে।
তাৰ ভিত্তিতে একাংশ প্ৰাৰ্থীয়ে কোম্পানীটোৰ বিৰূদ্ধে গোচৰ ৰুজু কৰিছিল ন্যায়ালয়ত। গোচৰৰ ৰায় প্ৰদান কৰি এই নির্দেশ প্ৰদান কৰিছে আদালতে। গুৰুত্বপূৰ্ণ কথা এই যে পৰীক্ষাৰ দিন ঘোষণা কৰাৰ পিছতে ব্লেক লিষ্টেড এপটেক কোম্পানীৰ বিৰুদ্ধে সংবাদমেল পাতি সকলো তথ্য ৰাজহুৱা কৰিছিল অসম সংগ্রামী মঞ্চৰ হৈ কাৰ্যকৰী সভাপতি অদীপ কুমাৰ ফুকনে।













