ASSAM TIMES POST
নিউজ ডেক্স
বিতৰ্কিত নাগৰিকত্ব সংশোধনী আইন-২০১৯ বাতিলৰ বাবে ৰাইজৰ সৈতে থাকি সংগ্রাম কৰাৰ বাবে অসম চৰকাৰৰ দৃষ্টিত এইবাৰ অপৰাধী হ’ল জ্যেষ্ঠ সাংবাদিক মনজিৎ মহন্ত। ‘কা’ৰ আন্দোলনত চৰকাৰী কৰ্মচাৰীক শাৰীৰিকভাৱে অপদস্ত কৰাৰ অভিযোগত সাংবাদিক মহন্তৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত ৰুজু কৰা হৈছে ৭টাকৈ গোচৰ।
উল্লেখ যে কা’ৰ বিৰুদ্ধে তিনিচুকীয়া পানীতোলা এখন ভিতৰুৱা গাঁৱত অনুষ্ঠিত এখন গণ সমাৱেশত কৰাৰ বক্তব্য আলম লৈ চৰকাৰে তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ বুলি জানিবলৈ দিছে। ভাৰতীয় দণ্ডবিধিৰ ১২০(খ), ১২১(ক), ২১২, ২৯৪, ৩৫৩, ৫০৫ আৰু ৩৪ৰ অধীনত গোচৰ ৰুজু কৰি বৃহস্পতিবাৰে গীতানগৰ থানাত হাজিৰ হবলৈ চমন জাৰি কৰে।
ইফালে চমন জাৰি কৰাৰ পিছতে মহন্ত বৃহস্পতিবাৰে উপস্থিত হয় মহানগৰী গীতানগৰ থানাত। তেওঁ কয় – মোৰ বিৰুদ্ধে যি সমূহ ধাৰা ৰুজু কৰা হৈছে সেই অনুসৰি মই ৰাষ্ট্ৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছোঁ। জনসাধাৰণৰ কামত বাধা দিয়াৰ লগতে শাৰীৰিক ভাৱে অপদস্ত কৰিছোঁ।চৰকাৰৰ বিৰুদ্ধে ৰাইজক যুদ্ধ কৰিবলৈ উচটনি যোগাইছোঁ।
গণতান্ত্ৰিক তথা স্বাধীন দেশত চৰকাৰৰ নীতিক সমালোচনা কৰিলে যদি যুদ্ধ ঘোষণা কৰা হয়। একেদৰে জনপ্ৰতিনিধি জাতিদ্রোহীতাক সমালোচনা কৰিলে যদি ৰাষ্ট্ৰদ্রোহ অপৰাধ হয়। তেন্তে তেনে ভুল আমি বাৰে বাৰে কৰিম”-মহন্তই কয়। ভাৰতীয় সংবিধানৰ পবিত্ৰতাক ৰক্ষা কৰাৰ বাবে আমাৰ এই যুঁজ বুলি উল্লেখ কৰি মহন্তই কয় “সৰ্বানন্দ, হিমন্ত কথা ইয়াত নাই। ভাৰতীয় সংবিধানক উলংঘা কৰিলে সংগ্রাম চলিছে আৰু চলিব।













