
বিত্তীয় অনিয়মৰ গোচৰত অভিযুক্ত উদ্যোগপতি তথা ৰিলায়েন্সৰ অধ্যক্ষ অনিল ধীৰুভাই আম্বানী (Anil Ambani) গ্ৰুপৰ অধ্যক্ষ অনিল ধীৰুভাই আম্বানীৰ পালি হিলৰ ঘৰ বাজেয়াপ্ত কৰিছে বলবৎকাৰী সঞ্চালকালয়ে।

ইডিৰ সূত্ৰৰ উদ্ধৃতি দি প্ৰতিবেদনত দাবী কৰা হৈছে যে প্ৰায় ৩৭১৬ কোটি ৮৩ লাখ টকাৰ ১৭ মহলীয়া ঘৰটো যাতে হস্তান্তৰ বা মালিকীস্বত্ব সলনি নহয় তাৰবাবে এই পদক্ষেপ লোৱা হৈছে।
আনুষংগিকভাৱে ৰিলায়েন্স এ ডি এ জি গ্ৰুপৰ বিভিন্ন কোম্পানী আৰু ইয়াৰ অধ্যক্ষ অনিল আম্বানীৰ বিৰুদ্ধে বিভিন্ন বেংকৰ পৰা লোৱা ঋণৰ ধন জালিয়াতিৰ অভিযোগ উত্থাপন হৈছে। ইয়াৰ বাবে তদন্তকাৰী সংস্থাসমূহেও তেওঁক জেৰা কৰিছে।
সেই গোচৰত যোৱা মাহত উচ্চতম ন্যায়ালয়ে অনিল আম্বানী আৰু তেওঁৰ দললৈ নতুন জাননী প্ৰেৰণ কৰিছিল। শীৰ্ষ আদালতে তাত স্পষ্টভাৱে উল্লেখ কৰিছিল যে ‘এইটোৱেই শেষ সুযোগ’। ইয়াৰ উপৰি চিবিআই আৰু ইডিক এই অভিযোগৰ তদন্তৰ অৱস্থাৰ বিষয়ে ১০ দিনৰ ভিতৰত চিবিআই আৰু ইডিক অৱগত কৰিবলৈও নিৰ্দেশ দিয়া হৈছিল।
কেন্দ্ৰীয় তদন্তকাৰী সংস্থা দুটাৰ সঁহাৰি শুনি ক্ষোভ প্ৰকাশ কৰি উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সূৰ্যকান্ত, ন্যায়াধীশ জয়মাল্য বাগচি আৰু ন্যায়াধীশ বিপুল এম পাঞ্চোলিৰে গঠিত বিচাৰপীঠে যোৱা ৪ ফেব্ৰুৱাৰীত কয়, “তদন্তত কিয় পলম হৈছে? ইমান পলম হোৱাৰ কোনো যুক্তিসংগত ব্যাখ্যা নাই।”
উল্লেখ্য যে ইয়াৰ পিছত অনিল আম্বানীৰ বিৰুদ্ধে ইডি সক্ৰিয় হৈ পৰে।
১৯ ফেব্ৰুৱাৰীত উচ্চতম ন্যায়ালয়ত এই গোচৰৰ শুনানিৰ সময়ত অনিল আম্বানীয়ে শপতনামাত উল্লেখ কৰিছিল যে আদালতৰ অনুমতি অবিহনে তেওঁ দেশৰ বাহিৰলৈ নাযায়। শপতনামাত প্ৰয়াত ধীৰুভাই আম্বানীৰ পুত্ৰই কয় যে কেন্দ্ৰীয় সংস্থা দুটা ইডি আৰু চিবিআইৰ তদন্তত তেওঁ সম্পূৰ্ণ সহযোগিতা আগবঢ়াব।
ইয়াৰ লগতে তেওঁ নিজৰ অধিবক্তাৰ জৰিয়তে উচ্চতম ন্যায়ালয়ত কয় যে ২০২৫ চনৰ জুলাইৰ পৰা (তদন্ত আৰম্ভ হোৱাৰ পিছৰে পৰা) তেওঁ ভাৰতৰ বাহিৰলৈ যোৱা নাই। তেওঁৰ ভাৰতৰ বাহিৰলৈ যোৱাৰ কোনো পৰিকল্পনা বা অভিপ্ৰায়ো এতিয়া নাই। একে সময়তে তেওঁ লগতে কয় যে যদি কেতিয়াবা বিদেশ ভ্ৰমণৰ প্ৰয়োজন হয় তেন্তে সেই ভ্ৰমণৰ বাবে উচ্চতম ন্যায়ালয়ৰ পৰা পূৰ্বে অনুমতি ল’ব।
উল্লেখ্য যে ইডি আৰু চিবিআয়ে অনিল আম্বানী আৰু তেওঁৰ কোম্পানীক ৪০ হাজাৰ কোটিতকৈ অধিক টকাৰ ঋণ জালিয়াতিৰ অভিযোগত তদন্ত চলাই আছে। অৱশ্যে এই তদন্তক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে প্ৰাক্তন কেন্দ্ৰীয় সচিব ই এ এছ শৰ্মাই। আদালতৰ তত্ত্বাৱধানত তদন্ত চলাবলৈ উচ্চতম ন্যায়ালয়ত আবেদন জনাইছে।
যোৱা নৱেম্বৰ মাহত ইডিয়ে এই গোচৰত দিল্লী, নয়ডা, গাজিয়াবাদ, পুনে, মুম্বাই, থানে, হায়দৰাবাদ, চেন্নাই আৰু অন্ধ্ৰপ্ৰদেশত থকা অনিল আম্বানী আৰু তেওঁৰ কোম্পানীৰ কেইবাটাও সম্পত্তি এটাচ কৰিছিল।












