
বুধবাৰে দিল্লীৰ মালব্যনগৰৰ আদালতে উত্তৰ-পূবৰ তিনিগৰাকী যুৱতীৰ সৈতে বৰ্ণবাদী আচৰণ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা এহাল দম্পতীক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে।

অৰুণাচল প্ৰদেশৰ দুই বিজেপি নেতা কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজু আৰু মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে কয় যে উত্তৰ-পূবৰ জনসাধাৰণৰ প্ৰতি বৰ্ণবাদী আচৰণ কোনো কাৰণতে সহ্য কৰা নহ’ব। ৰিজিজুৱে কয় যে উত্তৰ-পূবৰ জনসাধাৰণৰ বিৰুদ্ধে এনে অপৰাধ সংঘটিত কৰাসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব।
উল্লেখ্য যে যুৱতী তিনিগৰাকী হৈছে অৰুণাচল প্ৰদেশৰ। কামৰ কাৰণে দিল্লীৰ ভাড়াতীয়া ফ্লেটত থাকে। যোৱা শুকুৰবাৰে বিয়লি তেওঁলোকৰ বাসগৃহত এটা পৰিয়ালৰ সৈতে কাজিয়া হৈছিল।
যুৱতীকেইগৰাকীৰ পাঁচ মহলীয়া ফ্লেটটোত বৈদ্যুতিক সঁজুলি স্থাপনৰ কাম চলি আছিল। তাৰ বাবে বেৰত এটা ফুটা কৰা হৈছিল। সেই সময়ত ধূলি আৰু শিলৰ কিছু টুকুৰা তলৰ মহলাত পৰে। চাৰি মহলীয়া ফ্লেটৰ বাসিন্দাগৰাকীয়ে এই কথাত আপত্তি কৰে।
যুৱতীকেইগৰাকীৰ মতে, পৰিয়ালটোৱে তেওঁলোকক এই বিষয়ে ভালকৈ ক’ব পাৰিলেহেঁতেন। কিন্তু তেনে কৰাৰ পৰিৱৰ্তে যুৱতী তিনিগৰাকীক আক্ৰমণ কৰে দম্পতীহালে। উক্ত কাজিয়াৰ কিছু ভিডিঅ’ ইতিমধ্যে ছ’চিয়েল মিডিয়াত প্ৰকাশ পাইছে । এটা ভিডিঅ’ত অভিযুক্ত মহিলাগৰাকীয়ে কোৱা শুনা যায়, “তোমালোকে ইয়াত মাছাজ পাৰ্লাৰ চলোৱা নেকি! ৰাতি পাৰ্টি হয়, কোন আহে?”
তেতিয়া এগৰাকী যুৱতীয়ে দৃঢ়তাৰে কয়, “সিহঁত ক’ৰ পৰা আহিছে আমি কেনেকৈ গম পাম? আপুনি চিচিটিভি কেমেৰাবোৰ চেক কৰিব লাগে। তেতিয়াহে আপুনি বুজিব যে আমাৰ ফ্লেটলৈ কোনোবা আহে নে নাহে।” ইয়াৰ পিছতো অভিযুক্ত মহিলাগৰাকীয়ে তেওঁলোকক উদ্দেশ্যি চিঞৰি থাকে। আনকি মহিলাগৰাকীয়ে উত্তৰ-পূৰ্বাঞ্চলৰ মহিলাসকলক লৈ বিভিন্ন কটু মন্তব্য কৰাও শুনা যায়।
সংবাদ মাধ্যম পি টি আইৰ বাতৰি অনুসৰি, আন এটা ভিডিঅ’ত অভিযুক্তই কোৱা শুনা যায়, “তোমালোক যৌনকৰ্মী নেকি! তোমালোকে ইয়াত কি ব্যৱসায় কৰা? তোমালোকে ঘৰত মাছাজ পাৰ্লাৰ খুলিছা নেকি?” কেৱল মহিলাগৰাকীয়ে নহয়, তেওঁৰ স্বামীয়েও যুৱতীকেইগৰাকীৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰাৰ অভিযোগ।
এটা ভিডিঅ’ত মহিলাগৰাকীৰ স্বামীয়ে কোৱা শুনা গৈছে, “তেওঁলোকে উত্তৰ-পূবৰ পৰা আহি ইয়াত লেতেৰা কাম কৰি আছে।” ভাৰতীয় ন্যায় সংহিতাৰ বিভিন্ন ধাৰাত শুকুৰবাৰে গ্ৰেপ্তাৰ হোৱা দম্পতীহালৰ বিৰুদ্ধে মালব্যনগৰ আৰক্ষীয়ে এফ আই আৰ ৰুজু কৰিছে। আৰক্ষীৰ সূত্ৰ অনুসৰি, যুৱতীকেইগৰাকীৰ ওপৰত কোনো ধৰণৰ শাৰীৰিক আক্ৰমণ হোৱা নাই।
অৱশ্যে তেওঁলোকক যি ধৰণে নিন্দা কৰা হৈছিল তাৰ বাবে তেওঁলোক মানসিক হাৰাশাস্তিৰ সন্মুখীন হোৱাৰ অভিযোগ উত্থাপন হৈছে। বুধবাৰে ৰিজিজুৱে কয় যে ঘটনাটো তেওঁৰ দৃষ্টিগোচৰ হোৱাৰ পিছত তেওঁ নিজেই আৰক্ষীৰ সৈতে যোগাযোগ কৰি দোষীৰ বিৰুদ্ধে ব্যৱস্থা ল’ব লাগে বুলি কয়।












