
সমাজ বিজ্ঞানৰ পাঠ্যপুথিত ‘ন্যায়পালিকাৰ দুৰ্নীতি’ বিষয়ক লৈ উত্তপ্ত বিতৰ্কৰ পৰিপ্ৰেক্ষিতত ভাৰতৰ উচ্চতম ন্যায়ালয়ে (Suprem Court) কঠোৰ ব্যৱস্থা (Strict measures) গ্ৰহণ কৰিছে। বৃহস্পতিবাৰে এক শুনানিত শীৰ্ষ ন্যায়ালয়ে দেশ-বিদেশত অষ্টম শ্ৰেণীৰ (8th standered) বাবে এন চি ই আৰ টি (NCERT)ৰ নতুন কিতাপ (New book) নিষিদ্ধ (Ban) কৰাৰ লগতে বজাৰত থকা সকলো কপি জব্দ কৰাৰ নিৰ্দেশ (Order to confiscate the copy) দিয়ে। ইয়াৰ উপৰি সমগ্ৰ কিতাপখন বা ইয়াৰ কিছু অংশ অনলাইনযোগে শ্বেয়াৰ কৰাত নিষেধাজ্ঞা আৰোপ কৰিছে।
২০২৬ চনৰ অষ্টম শ্ৰেণীৰ নতুন এন চি ই আৰ টি পাঠ্যপুথিত ঘৰুৱা ন্যায়পালিকাৰ দুৰ্নীতিৰ বিষয়টো সংযোজন কৰা হৈছে। ‘আমাৰ সমাজত ন্যায়পালিকাৰ ভূমিকা’ শীৰ্ষক এই নতুন অধ্যায়টোত বিচাৰ বিভাগৰ বৃহৎ সংখ্যক গোচৰৰ লগতে ন্যায়পালিকাৰ দুৰ্নীতি সম্পৰ্কীয় প্ৰতিকূলতাৰ কথা উল্লেখ কৰা হৈছে। এইবাৰ ছাত্ৰ-ছাত্ৰীসকলে কেৱল দেশৰ ন্যায়িক ব্যৱস্থাৰ গাঁথনি আৰু কাম-কাজৰ বিষয়েই নহয়, দুৰ্নীতিৰ বিষয়েও জানিব পাৰিব।
এই বিষয়টোৱে আলোড়নৰ সৃষ্টি কৰিলে নিজৰ কৰ্তব্য পালন কৰিব বুলি কয় উচ্চতম ন্যায়ালয়ে। জ্যেষ্ঠ ন্যায়াধীশ কপিল ছিবালে আদালতত কয় যে বিদ্যালয়ৰ পাঠ্যপুথিত ‘ন্যায়িক দুৰ্নীতি’ অন্তৰ্ভুক্ত কৰাটো ‘অত্যন্ত বিৰক্তিকৰ’। তেওঁৰ মতে, অষ্টম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক এনে বিষয়ৰ পাঠদান কৰিলে ন্যায়পালিকাৰ মৰ্যাদাক লৈ প্ৰশ্ন উত্থাপন হ’ব পাৰে। আদালতৰ বিচাৰপীঠৰ নেতৃত্বত আছিল মুখ্য ন্যায়াধীশ সূৰ্য্য কান্ত। শুনানিৰ সময়ত তেওঁ কয়, “আমি কাকো আমাৰ প্ৰতিষ্ঠানলৈ আঙুলিয়াব নিদিওঁ। আমি কাকো কলংকিত কৰিবলৈ নিদিওঁ। ইয়াৰ সম্পূৰ্ণ তদন্তৰ প্ৰয়োজন। আমি জানিব লাগিব কোন দায়ী। আমি দোষীক উলিয়াই আনিব লাগিব।”

শুনানিৰ সময়ত কেন্দ্ৰক প্ৰতিনিধিত্ব কৰি ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই কয় যে সংশ্লিষ্ট ব্যক্তি দুজনক আন কোনো মন্ত্ৰালয়ৰ সৈতে কাম কৰিবলৈ দিয়া নহ’ব। লগতে কয়, “আমি প্ৰতিষ্ঠানটোৰ লগত আছো। কাকো ৰেহাই দিয়া নহ’ব।” কিন্তু সেই কথাত মুখ্য ন্যায়াধীশ সন্তুষ্ট নহ’ল। তেওঁৰ মতে, এই ঘটনা আছিল এক ‘গভীৰ ষড়যন্ত্ৰ’ আৰু ‘পৰিকল্পিত পদক্ষেপ’। তেওঁ কয়, “ইয়াৰ ফলত কি হ’ল? পৰিকল্পিত গুলী আহি ন্যায়পালিকা ৰক্তাক্ত কৰি গ’ল।” মুখ্য ন্যায়াধীশগৰাকীয়ে লগতে কয় যে কিতাপখন এতিয়াও বজাৰত উপলব্ধ। যদিও ছলিচিটৰ জেনেৰেলে ৩২খন কিতাপ বজাৰত থকা বুলি দাবী কৰিছে, তথাপিও সেইবোৰ প্ৰত্যাহাৰ কৰা হৈছে আৰু সমগ্ৰ অধ্যায়টো সংশোধন কৰা হ’ব।
এন চি ই আৰ টিৰ প্ৰেছ বিবৃতিকো সমালোচনা কৰে আদালতে। ইয়াত লিখা আছিল, “অজানিতে অনুপযুক্ত লিখনী সন্নিৱিষ্ট কৰা হৈছিল” আৰু “বিচাৰৰ ভুলৰ বাবে আমি অনুশোচনা কৰিছো।” কিন্তু আদালতৰ মতে, ইয়াত স্পষ্ট ক্ষমা বিচৰা নাছিল। গ্ৰন্থখন প্ৰকাশৰ বাবে এন চি ই আৰ টিৰ অধ্যক্ষ দীনেশ প্ৰসাদ সাক্লানীলৈও জাননী প্ৰেৰণ কৰিছে। চৰকাৰী সূত্ৰৰ মতে, ‘ন্যায়পালিকাত দুৰ্নীতি’ বিষয়টো আতৰাই দিয়া হ’ব।
জ্যেষ্ঠ অধিবক্তা সিদ্ধাৰ্থ লুথ্ৰাই কয়, “অষ্টম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলক শাসন ব্যৱস্থাৰ অংগসমূহ সহজভাৱে চিনাকি কৰাই দিয়াটো লক্ষ্য হ’ব লাগে। অতিৰিক্ত জটিলতাৰ সৃষ্টি কৰাটো সঠিক নহয়।” আনহাতে, উচ্চতম ন্যায়ালয়ৰ অধিবক্তা প্ৰয়াগ পাৰিজাত সিঙে কয়, “সমালোচনাত্মক বিশ্লেষণ অবিহনে ন্যায়পালিকাৰ দুৰ্নীতিৰ কথা উল্লেখ কৰিলে ছাত্ৰ-ছাত্ৰীৰ মাজত বুজাবুজিৰ অভাৱৰ কথা পোহৰলৈ আহিব। ন্যায়পালিকাই সদায় আইনৰ উন্নতিৰ বাবে চেষ্টা কৰি আহিছে আৰু ভাৰতীয় গণতন্ত্ৰ গঠনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে— সেই প্ৰেক্ষাপটতো আলোকপাত কৰাৰ প্ৰয়োজন আছিল।”
এই ঘটনাৰ পিছত ন্যায়পালিকাত অস্বস্তিৰ সৃষ্টি হোৱা বুলি জানিব পৰা গৈছে। উচ্চতম ন্যায়ালয়ে ন্যায়পালিকাৰ মৰ্যাদা আৰু বিশ্বাসযোগ্যতাৰ ক্ষেত্ৰত আপোচ নকৰে বুলি স্পষ্ট বাৰ্তা দিছে।












