
উত্তৰ প্ৰদেশত ভুৱা বাতৰি প্ৰকাশ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে এগৰাকী সাংবাদিক (Journalist Arrest) । মুখ্যমন্ত্রী যোগী আদিত্যনাথৰ কার্যকালত হোৱা অনিয়মৰ বিৰুদ্ধে বাতৰি প্ৰকাশত তেওঁ প্রতিহিংসাৰ বলি হোৱা বুলি পৰিয়ালৰ লোকে অভিযোগ উত্থাপন কৰিছে৷

উত্তৰ প্ৰদেশ আৰক্ষীয়ে বৃহস্পতিবাৰে বলৰামপুৰ জিলাৰ তুলসীপুৰত তেওঁক গ্ৰেপ্তাৰ কৰে। লক্ষ্ণৌৰ এখন দৈনিক কাকতৰ স্থানীয় সংবাদদাতা দিবাকৰ কাছোদাক জিলা চিকিৎসালয়খনৰ অধীক্ষক আৰু অন্যান্য কৰ্মচাৰীৰ বিৰুদ্ধে বিভ্ৰান্তিকৰ আৰু ভিত্তিহীন বাতৰি লিখাৰ অপৰাধত গ্ৰেপ্তাৰ কৰা হয়।
জিলা চিকিৎসালয়খনৰ অতিৰিক্ত অধীক্ষক সন্তোষ কুমাৰ শ্ৰীবাস্তৱে থানাত এজাহাৰ দাখিল কৰাৰ পিছতে এই ব্যৱস্থা গ্ৰহণ কৰা বুলি দাবী কৰে আৰক্ষীয়ে। তুলসীপুৰ দেহাট আৰক্ষী থানাৰ গৃহ বিষয়া গিৰ্জেশ কুমাৰ তিৱাৰীয়ে কয়, “বিষয়টোৰ তদন্ত চলি আছে আৰু সেই অনুসৰি অধিক আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব।”
বৃহস্পতিবাৰে দিবাকৰক আদালতত হাজিৰ কৰোৱাৰ সময়ত ন্যায়াধীশে তেওঁক জেল হাজোতত ৰখাৰ নিৰ্দেশ দিয়ে। বৃহস্পতিবাৰে সন্তোষে দাবী কৰে যে ধৃত সাংবাদিকগৰাকী আৰু তেওঁৰ একাংশ সহযোগী ধনদাবীত জড়িত আছিল।
ভয়-ভাবুকিৰ জৰিয়তে ধন সংগ্ৰহত ব্যৰ্থ হোৱা দিবাকৰে ১৯ ফেব্ৰুৱাৰীৰ পৰা ছ’চিয়েল মিডিয়াত অহৰহ ভুৱা অপপ্ৰচাৰ চলাই আহিছিল। অৱশ্যে বৃহস্পতিবাৰে দিবাকৰৰ ভাতৃ প্ৰভাকৰে এই অভিযোগ খণ্ডন কৰি কয়, “মোৰ দাদাই জিলা স্বাস্থ্য বিভাগৰ দুৰ্নীতি অবিৰতভাৱে উদঙাই দিছিল। সেয়েহে তেওঁ প্ৰশাসনিক প্ৰতিহিংসাৰ বলি হৈছে।”












