
ইজৰাইলৰ জনসাধাৰণেও অতি সোনকালে ইউ পি আই ব্যৱহাৰ কৰিব। দেশখনত দুদিনীয়া ভ্ৰমণৰ পৰা উভতি অহাৰ পূৰ্বে এই কথা ঘোষণা কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে (PM Visit Israel) । এই সন্দৰ্ভত দুয়োখন দেশৰ মাজত চুক্তি হোৱা বুলিও তেওঁ কয়।

ইয়াৰ সমান্তৰালকৈ ভাৰতে শীঘ্ৰে ইজৰাইলৰ সৈতে মুক্ত বাণিজ্য চুক্তি স্বাক্ষৰ কৰিবলৈ আৰম্ভ কৰিছে বুলিও মোদীয়ে এক যৌথ সন্মিলনত কয়। লগতে দুয়োখন দেশে কেইবাখনো বুজাবুজি চুক্তি স্বাক্ষৰ কৰে।
বৃহস্পতিবাৰে পুৱা স্মৃতিসৌধত মোদীয়ে হ’ল’কাষ্টৰ নিহতসকলকো শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তেওঁৰ এই পদক্ষেপক তাৎপৰ্যপূৰ্ণ বুলি বিবেচিত কৰা হৈছে। ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে তেওঁক ‘বন্ধুতকৈও ওপৰত’ বুলি অভিহিত কৰিছে।
২০১৭ চনত প্ৰথমবাৰৰ বাবে ইজৰাইল ভ্ৰমণ কৰিছিল মোদীয়ে। তাৰ পিছত দুদিনীয়া ভ্ৰমণলৈ গৈছিল আৰু নেতানিয়াহু আৰু ৰাষ্ট্ৰপতি এজ্ৰা হাৰ্জোগৰ সৈতে সাক্ষাৎ কৰিছিল। নেতানিয়াহুৱে মোদীক ‘বন্ধুতকৈও ওপৰত’ বুলি অভিহিত কৰে। তেওঁ সোঁৱৰাই দিয়ে যে ২০২৩ চনৰ ৭ অক্টোবৰত হামাছৰ আক্ৰমণৰ পিছতেই মোদীয়ে ইয়াক গৰিহণা দিছিল।
যৌথ সন্মিলনৰ আৰম্ভণিতে নেতানিয়াহুৱে কয়, “মোৰ প্ৰিয় বন্ধু নৰেন্দ্ৰ, আপোনাৰ ভ্ৰমণে মোক আপ্লুত কৰিছে। আপুনি ইজৰাইলৰ এজন মহান বন্ধু। আপুনি বিশ্বৰ এজন মহান নেতা। নৰেন্দ্ৰ, আপুনি এজন বন্ধুতকৈও অধিক। আপুনি মোৰ ভাই।” বিমানবন্দৰত মোদীক সাৱটি ধৰি বিদায় লয় বুলিও কয়।
ইজৰাইলৰ সংসদ নেচেটত ভাষণ দিয়াৰ পিছত মোদীয়ে ছ’চিয়েল মিডিয়াত নেতানিয়াহুৰ সৈতে থকা এখন ছবি পোষ্ট কৰে। যৌথ বিবৃতিত নেতানিয়াহুৰ কাষত থিয় হৈ মোদীয়ে স্পষ্টকৈ উল্লেখ কৰিছে যে বিশ্বত সন্ত্ৰাসবাদৰ কোনো স্থান নাই। ইয়াৰ পাছতে ভাৰত আৰু ইজৰাইলৰ মাজত শীঘ্ৰে মুক্ত বাণিজ্য চুক্তি হ’ব বুলি ঘোষণা কৰে।
তেওঁ কয়, “আমি অতি সোনকালে মুক্ত বাণিজ্য চুক্তি স্বাক্ষৰ কৰাৰ কাম সম্পূৰ্ণ কৰিম, যাৰ ফলত দুয়োপক্ষই লাভৱান হ’ব।” ইয়াৰ পিছত তেওঁ কয় যে ইজৰাইলতো অতি সোনকালে ইউ পি আইৰ ব্যৱহাৰ আৰম্ভ হ’ব। দুয়োখন দেশৰ ইউ পি আই ব্যৱস্থা সংযোগৰ বাবে চুক্তি স্বাক্ষৰিত হৈছে।
ফলত দুয়োখন দেশৰ মাজত অৰ্থনৈতিক সম্পৰ্ক আৰু অধিক বৃদ্ধি পাব। প্ৰযুক্তি আৰু প্ৰতিৰক্ষা বিষয়ত দুয়োখন দেশৰ প্ৰধানমন্ত্ৰীৰ উপস্থিতিত কেইবাটাও বুজাবুজি চুক্তি স্বাক্ষৰিত হয়। ইয়াৰ পিছতে প্ৰধানমন্ত্ৰীয়ে নেতানিয়াহুক ভাৰত ভ্ৰমণলৈ আমন্ত্ৰণ জনায়।












