ASSAM TIMES POST
নিউজ ডেক্স
মেধা পাটকাৰ আৰু সন্দীপ পাণ্ডে দিয়া অভিযোগ টুলুঙা আৰু দায়িত্ব জ্ঞানহীন।এনে মন্তৱ্য নকৰিবলৈ সদৌ অসম ছাত্ৰ সন্থা মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য সকীয়নী প্ৰদান কৰি কয় “প্ৰথম কেব আৰু বৰ্তমান ‘কা’ৰ বিৰুদ্ধে আন্দোলন প্ৰথম অসম আৰু উত্তৰ-পূৰ্বাঞ্চলতে হৈছিল।পিচলৈ দেশৰ বিভিন্ন প্ৰান্তলৈ সম্প্ৰসাৰণ ঘটিল”।
অসমৰ ৰাইজ আৰু উত্তৰ-পূৰ্বাঞ্চলৰ সাতোখন ৰাজ্য ৰাইজে অহিংস-শৃংখলাবদ্ধ ভাৱে সংগ্রাম অব্যাহত ৰাখিছে। কেব যেতিয়া কা’ৰলৈ পৰিৱৰ্তন হ’ল সদৌ অসম ছাত্ৰ সন্থাই আন্দোলনতো শৃংখলা বদ্ধ আৰু অহিংস ভাৱে আগবঢ়াই নিয়া লক্ষ্যৰ আগত ৰাখি হাত দিনৰ বাবে সন্ধিয়া পাঁচ বজাৰ পৰা আন্দোলনটো সাময়িক ভাৱে স্থগিত ৰাখিছিলো।অসমৰ ৰাইজে তাক আদৰি লৈছিল।তাৰ পিছৰে পৰা ৰাইজৰ অভিভাৱ কত্বত সমগ্ৰ ৰাজ্যতে সকলো সময়তে খেল পথাৰ-ৰাজপথ সকলোতে নিৰবিছিন্ন ভাৱে আন্দোলন চলি আছে আৰু চলি থাকিব”- ভট্টাচাৰ্য কয়।
অসমৰ আন্দোলনটো সম্পৰ্কত তেওঁলোক দুইয়ো গৰাকীয়ে ইমান মিছা কথা কব বুলি ৰাইজে কেতিয়াও ভবা নাছিল বুলি উল্লেখ কৰি ভট্টাচাৰ্য কয় “ফুলকুমলীয়া ছাত্ৰকে ধৰি মুঠ ছয় গৰাকীৰ আন্দোলনত শ্বহীদ হ’ল। এনে টুলুঙা মন্তৱ্যৰে শ্বহীদ- শ্বহীদৰ পৰিয়াল আৰু আন্দোলনকাৰী অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ জনতাক চূড়ান্ত ভাৱে অপমান কৰিছে । লগতে আছু সন্দৰ্ভত অসন্মান সূচক মন্তব্য দিয়াৰ পৰা দুয়োগৰাকী নেতাকে কঠোৰ ভাৱে সকীযায় দিয়া বুলি উল্লেখ কৰি ভট্টাচাৰ্য কয় “ছাত্ৰ সন্থা অভিভাৱক অসমৰ ৰাইজ।তেওঁলোক অভিভাৱক নহয় আৰু হবও নোৱাৰে।অসমৰ ৰাইজৰ অভিভাৱকত্বত আছুৱে ‘কা’ৰ বিৰুদ্ধে আন্দোলন সমগ্ৰ অসমত দৃঢ়তাৰে, নিৰবিছিন্ন চলাই নিব।













