ASSAM TIMES POST
অজন্তা তালুকদাৰ, বোকাখাত ২১ ফেব্ৰুৱাৰীঃ যোৰহাটত ২০১৬ চনৰ ৭ ফেব্ৰুৱাৰীত প্ৰতিষ্ঠা হোৱা “অসম আবৃত্তি মঞ্চ“ৰ অসমৰ সমূহ আবৃত্তি শিল্পী, আবৃত্তি প্ৰশিক্ষক, আবৃত্তিকৰ্মী, আবৃত্তিপ্ৰেমী, আবৃত্তি গৱেষক-সমালোচক একত্ৰিত হোৱাৰ মানসেৰে, আবৃত্তি শিল্পৰ সমান্তৰালকৈ অসমীয়া ভাষাৰ চৰ্চা কৰাৰ উদ্দেশ্যেৰে গঠন কৰা এই অনুষ্ঠান শুভ উদ্বোধন কৰে ডঃ নগেন শইকীয়াদেৱে। অসম আবৃত্তি মঞ্চৰ মূল হোতা আবৃত্তি প্ৰাণ শান্তিছায়া শইকীয়াৰ নেতৃত্বত গঢ় লৈ উঠা এই অনুষ্ঠানত অসমৰ বিভিন্নজনে সহযোগিতা আগবঢ়োৱাৰ লগতে সক্ৰিয় ভূমিকা পালন কৰি আহিছে ।
অসমৰ ডেৰকুৰি খনৰো অধিক পাঠ্যক্ৰম ভিত্তিক আবৃত্তি বিদ্যালয়ৰ প্ৰশিক্ষক আৰু শিক্ষাৰ্থী সকলৰ উপস্হিতি আৰু অংশগ্ৰহণেৰে আৰম্ভ হোৱা আবৃত্তি মঞ্চই ইতিমধ্যে ৪ বছৰ অতিক্ৰম কৰিছে ৷ অহা ২৩ ফেব্ৰুৱাৰী তাৰিখে প্ৰয়াস কাব্যকানন, বোকাখাতৰ সহযোগত অসম আবৃত্তি মঞ্চৰ চতুৰ্থ বাৰ্ষিক অধিবেশনখন বোকাখাত জাতীয় বিদ্যালয় প্ৰাংগনত দিন জোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হব বুলি প্ৰয়াস কাব্য কানন, বোকাখাতৰ সঞ্চালিকা ড০ গায়ত্ৰী বৰা কাকতি আৰু কেন্দ্ৰ ব্যৱস্হাপক ইনজু আহমেদে জনাইছে ৷ এই অনুষ্ঠানৰ প্ৰাৰম্ভতে “অসম আবৃত্তি মঞ্চ“ৰ কাৰ্যকৰী সমিতিৰ এখন বৈঠকৰ লগতে দিনৰ ১০.৪৫ ৰ পৰা আবৃত্তিৰ বিভিন্ন অনুষ্ঠান প্ৰদৰ্শন কৰা হব ৷ অসম আবৃত্তি মঞ্চৰ চতুৰ্থ বৰ্ষৰ আলোচনীখনো ইয়াতে উন্মোচন কৰা হব ৷ আয়োজক সকলে ৰাইজৰ উপস্থিতি কামনা কৰিছে।