ASSAM TIMES POST
ডিফু, ২০ ফেব্ৰুৱাৰী: এগৰাকী মানসিক বাবে বিকাৰগ্ৰস্থ মহিলাক ডিফু চিকিৎসা মহাবিদ্যালয় ও চিভিল হাস্পাতালত ৰাখি চিকিৎসাৰ ব্যৱস্থা কৰিলে জিলা আইন সেৱা প্ৰাধিকৰণ কৰ্তৃপক্ষই ৷ গাঁৱৰ ৰাইজৰ তথ্য অনুসৰি পৰিচয় বিহীন আৰু অকলশৰীয়া মানসিক বিকাৰ গ্ৰস্থ মহিলা গৰাকী ৰংবং তিমুঙ গাঁৱত থাকে ৷ তাইক চোৱা -চিতা কৰিবলৈ কোনো ওলাই নহাত আৰক্ষীৰ সহায়ত জিলা আইন সেৱা প্ৰাধিকৰণে মহিলা গৰাকীক চিকিৎসাৰ বাবে ডিফু চিকিৎসা মহাবিদ্যালয় ও হাস্পাতালত ৰখাৰ ব্যৱস্থা কৰে ৷
চিকিৎসা মহাবিদ্যালয়ৰ মনোৰোগ বিশেষজ্ঞই মানসিক বিকাৰগ্ৰস্থ মহিলাৰ চিকিৎসা কৰি আছে ৷ ইয়াৰোপৰি ২০১৭ বৰ্ষৰ ‘মেণ্টেল হেল্থ কেয়াৰ এক্টৰ সুবিধা অনুসৰি ডিএলএছএই মানসিক ৰোগীক সুৰক্ষাৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি জিলা আইন সেৱা প্ৰাধিকৰণ কৰ্তৃপক্ষই এক বিবৃতি জানিবলৈ দিছে ৷