ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

বোকাখাত জে ডি এছ জি মহাবিদ্যালয় আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ নৃ-তত্ব বিভাগৰ সাংস্কৃতিক বিনিময় কাৰ্যসূচীৰ সফল ৰূপায়নঃ

Staff Reporter by Staff Reporter
February 21, 2020
Reading Time: 1 min read
A A
0
বোকাখাত জে ডি এছ জি মহাবিদ্যালয় আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ নৃ-তত্ব বিভাগৰ সাংস্কৃতিক বিনিময় কাৰ্যসূচীৰ সফল ৰূপায়নঃ

0 1 e1574345654996 6 | ASSAM TIMES POSTASSAM TIMES POST

RELATED POSTS

Independence Day 2026 : অসমত কোন মন্ত্ৰীয়ে ক’ত উত্তোলন কৰিব স্বাধীনতা দিৱসৰ পতাকা

CM on Assam Flood relief : ৰাজ্যৰ শেহতীয়া বানত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ সবিশেষ প্ৰকাশ মুখ্যমন্ত্ৰীৰ

Sonitpur road accident : শোণিতপুৰ জিলাৰ মিছামাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত যুৱতী-মহিলা

অজন্তা তালুকদাৰ, বোকাখাত, ২১ ফেব্ৰুৱাৰীঃ বোকাখাত জে ডি এছ জি মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান কোষৰ উদ্যোগত বোকাখাত জে ডি এছ জি মহাবিদ্যালয় আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ নৃ-তত্ত্ব বিভাগৰ সাংস্কৃতিক আৰু শৈক্ষিক বিনিময় কাৰ্য্যসূচী যোৱা ২০ ফেব্ৰুৱাৰীত সফল ভাবে ৰূপায়িত হৈ যায়। ছাত্ৰ একতা সভাৰ সহযোগত অনুষ্ঠিত এই কাৰ্যসূচীত অলপতে অনুষ্ঠিত হোৱা ডিব্ৰুগড় বিশ্ববিদ্যালয় যুৱ মহোৎসৱত শ্ৰেষ্ঠ অভিনেতাৰ সন্মান লাভ কৰা ৰঞ্জিত কলিতা, নাটক ‘মায়ংজকা’ৰ নাট্যকাৰ অমৰ শৰ্মা আৰু পৰিচালক তৰুণ তীৰ্থ শইকীয়াকো আনুষ্ঠানিক ভাৱে সম্বৰ্দ্ধনা জ্ঞাপন কৰে মহাবিদ্যালয় শিক্ষক গোট, মহাবিদ্যালয় আছু গোট আৰু ছাত্ৰ একতা সভাই। সম্বৰ্দ্ধনা অনুষ্ঠানৰ পাছতে মহাবিদ্যালয়ৰ অধ্যপক অতুল বেজবৰুৱাৰ পৰিচালনাত মহাবিদ্যালয় সংগীত পৰিবেশন কৰা হয়, তাৰ পাছতেই মহাবিদ্যালয় খনৰ ছাত্ৰ ছাত্ৰী সকলৰ দ্বাৰা নেপালী লোক সংগীত, চাহ বাগানীয়া সকলৰ লোক সংগীত, নাও খেলৰ গীত, বিহু নৃত্য, ঐনিতম আৰু নাটক ‘মায়ংজকা’ পৰিবেশন কৰা হয়। লগতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলে দুটা ভিন্ন ধৰণৰ নৃত্য প্ৰদৰ্শন কৰে। ছাত্ৰ একতা সভাৰ তৰ্ক বিভাগৰ সম্পাদক বিশ্বজিৎ দাসে আঁত ধৰা অনুষ্ঠানত ৰঞ্জিত কলিতাৰ পিতৃ পংকজ কলিতা আৰু মাতৃ নিৰ্মালী কলিতাকো মঞ্চত সকলোৰে সন্মুখত পৰিচয় কৰাই দিয়ে।

WhatsApp Image 2020 02 21 at 17.34.45 1 | ASSAM TIMES POST

মহাবিদ্যালয় খনৰ অধ্যক্ষ ড° জয়ন্ত গগৈয়ে তেওঁৰ ভাষণত কয় যে এনে ধৰণৰ অনুষ্ঠানে ছাত্ৰ ছাত্ৰীৰ সাংস্কৃতিক শৈক্ষিক বিকাশেই নহয় মানসিক ভাৱেও সুস্থ কৰি তোলে। উক্ত অনুষ্ঠানত মহাবিদ্যালয় খনৰ অধ্যক্ষ ড° জয়ন্ত গগৈ , গুৱাহাটী বিশ্ববিদ্যালয়ৰ নৃতত্ত্ব বিভাগৰ প্ৰাধ্যাপক ড° আৰিফ জামান জে ডি এছ জি মহাবিদ্যালয়ৰ শৈক্ষিক তত্বাবধায়ক কমল গগৈ, আভ্যন্তৰীণ মান নিশ্চিত কোষৰ সম্বনয়ক গোপীকানন্দ শইকীয়া, অধ্যাপকবৃন্দ শান্তি ছায়া বৰুৱা, দিপালী ৰাজখোৱা ফুকন, দিপালী ৰাজকুমাৰী, প্ৰশান্ত শইকীয়া জয়ন্ত দাস আৰু মহাবিদ্যালয়ৰ অন্যান্য অধ্যপক সকলৰ লগতে বোকাখাতৰ নাট্যকর্মী ৰাতুল ফুকন, প্ৰণৱ শইকীয়া আদিও উপস্থিত থাকে। শেষত মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলৰ সুস্থ সহযোগিতাৰ বাবে সমূহ ছাত্ৰ ছাত্ৰীক ছাত্ৰ একতা সভাই ধন্যবাদ জনায়।

WhatsApp Image 2020 02 21 at 17.34.45 | ASSAM TIMES POST

আনহাতে একে অনুষ্ঠানতে মহাবিদ্যালয়ৰ পৰা যুৱ মহোৎসৱৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা নাট্যকাৰ অমৰ শৰ্মাৰ “মায়ংজকা” একাংক নাটখনিৰ প্ৰদৰ্শন কৰা হয়। নাটখনিৰ পৰিচালনা বোকাখাত জে ডি এচ জি মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ তথা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰিবেশ্য কলা বিষয়ত স্নাতকোত্তৰ ডিগ্ৰীধাৰী বোকাখাতৰ প্ৰতিভা সম্পন্ন উদীয়মান নাট পৰিচালক তৰুণ তীৰ্থ শইকীয়াৰ। উল্লেখ্য যে সৰ্বমুঠ ৭৫ৰো অধিক মহাবিদ্যালয়ৰ নাট্যদল সমূহে অংশগ্ৰহণ কৰা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ যুৱ মহোৎসৱৰ একাংক নাট প্ৰতিযোগিতাখনিত ধাহ্য কৰি দিয়া মুঠ পাঁচটি চূড়ান্ত পুৰস্কাৰৰ মাজৰ এটা পুৰস্কাৰ বোকাখাত জে ডি এচ জি মহাবিদ্যালয়ে লাভ কৰা বিষয়টোৱে মহাবিদ্যালয়খনিৰ লগতে বোকাখাততো যথেষ্ট গুৰুত্ব লাভ কৰিছিল। নাটখনিৰ সংগীতত আছে তন্ময় শইকীয়া আৰু কংকন শইকীয়া, অভিনয়ত ৰঞ্জিত কলিতাৰ লগতে আছে ক্ৰমে মৃত্যুঞ্জয় শইকীয়া, প্ৰাঞ্জল জ্যোতি দত্ত, ঈশ্বী কুটুম, প্ৰাংগনা বৰা, মঞ্জিত শৰ্মা, বৈদুৰ্য্য তামুলী আৰু মধুস্মিতা দত্ত। 

Tags: Bokakhat
Share5Tweet3Send

Related Posts

Independence Day 2026 : অসমত কোন মন্ত্ৰীয়ে ক’ত উত্তোলন কৰিব স্বাধীনতা দিৱসৰ পতাকা
Assam

Independence Day 2026 : অসমত কোন মন্ত্ৰীয়ে ক’ত উত্তোলন কৰিব স্বাধীনতা দিৱসৰ পতাকা

by News Desk
August 14, 2026
50
CM on Assam Flood relief : ৰাজ্যৰ শেহতীয়া বানত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ সবিশেষ প্ৰকাশ মুখ্যমন্ত্ৰীৰ
Assam

CM on Assam Flood relief : ৰাজ্যৰ শেহতীয়া বানত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ সবিশেষ প্ৰকাশ মুখ্যমন্ত্ৰীৰ

by News Desk
August 12, 2026
50
Sonitpur road accident : শোণিতপুৰ জিলাৰ মিছামাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত যুৱতী-মহিলা
Assam

Sonitpur road accident : শোণিতপুৰ জিলাৰ মিছামাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত যুৱতী-মহিলা

by News Desk
August 10, 2026
50
CM Himanta Biswa Sarma : আজিৰে পৰা ৰেহাই মূল্যত পাব দালি-চেনি, সুলভ মূল্যৰ আঁচনি উদ্বোধন মুখ্যমন্ত্ৰীৰ
Assam

CM Himanta Biswa Sarma : আজিৰে পৰা ৰেহাই মূল্যত পাব দালি-চেনি, সুলভ মূল্যৰ আঁচনি উদ্বোধন মুখ্যমন্ত্ৰীৰ

by News Desk
August 10, 2026
50
Assam Arunachal conflict : অসম-অৰুণাচল সীমান্তত অৰুণাচলী দুৰ্বৃত্তৰ আক্ৰমণত আহত অসমৰ ৮ ব্যক্তি
Assam

Assam Arunachal conflict : অসম-অৰুণাচল সীমান্তত অৰুণাচলী দুৰ্বৃত্তৰ আক্ৰমণত আহত অসমৰ ৮ ব্যক্তি

by News Desk
August 10, 2026
50
Assam flood : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ১০০ জনলৈ বৃদ্ধি
Assam

Assam flood : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ১০০ জনলৈ বৃদ্ধি

by News Desk
August 10, 2026
50
ADVERTISEMENT
PM Modi : লালকিল্লাৰ পৰা ‘শক্তিৰ সপ্ত ধাৰা’ ঘোষণা প্ৰধানমন্ত্ৰী মোদীৰ, সাত শক্তিৰ ওপৰত ভিত্তি কৰি উন্নত ভাৰতৰ দিশে যাত্ৰাৰ আহ্বান
National-International

PM Modi : লালকিল্লাৰ পৰা ‘শক্তিৰ সপ্ত ধাৰা’ ঘোষণা প্ৰধানমন্ত্ৰী মোদীৰ, সাত শক্তিৰ ওপৰত ভিত্তি কৰি উন্নত ভাৰতৰ দিশে যাত্ৰাৰ আহ্বান

August 15, 2026
50
Independence Day 2026 : লালকিল্লাৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানত পুনৰ অনুপস্থিত ৰাহুল-খাৰ্গে, বিজেপিৰ কটাক্ষ
National-International

Independence Day 2026 : লালকিল্লাৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানত পুনৰ অনুপস্থিত ৰাহুল-খাৰ্গে, বিজেপিৰ কটাক্ষ

August 15, 2026
50
Independence Day 2026 : খানাপাৰাত কেন্দ্ৰীয় স্বাধীনতা দিৱসৰ পতাকা উত্তোলন মুখ্যমন্ত্ৰীৰ
Guwahati

Independence Day 2026 : খানাপাৰাত কেন্দ্ৰীয় স্বাধীনতা দিৱসৰ পতাকা উত্তোলন মুখ্যমন্ত্ৰীৰ

August 15, 2026
50
El Nino : বছৰৰ শেষলৈকে প্ৰশান্ত মহাসাগৰত সাত দশকৰ শক্তিশালী এল নিনো, ভাৰতত কি প্ৰভাৱ পৰিব
National-International

El Nino : বছৰৰ শেষলৈকে প্ৰশান্ত মহাসাগৰত সাত দশকৰ শক্তিশালী এল নিনো, ভাৰতত কি প্ৰভাৱ পৰিব

August 15, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

PM Modi : লালকিল্লাৰ পৰা ‘শক্তিৰ সপ্ত ধাৰা’ ঘোষণা প্ৰধানমন্ত্ৰী মোদীৰ, সাত শক্তিৰ ওপৰত ভিত্তি কৰি উন্নত ভাৰতৰ দিশে যাত্ৰাৰ আহ্বান

PM Modi : লালকিল্লাৰ পৰা ‘শক্তিৰ সপ্ত ধাৰা’ ঘোষণা প্ৰধানমন্ত্ৰী মোদীৰ, সাত শক্তিৰ ওপৰত ভিত্তি কৰি উন্নত ভাৰতৰ দিশে যাত্ৰাৰ আহ্বান

August 15, 2026
Independence Day 2026 : লালকিল্লাৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানত পুনৰ অনুপস্থিত ৰাহুল-খাৰ্গে, বিজেপিৰ কটাক্ষ

Independence Day 2026 : লালকিল্লাৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানত পুনৰ অনুপস্থিত ৰাহুল-খাৰ্গে, বিজেপিৰ কটাক্ষ

August 15, 2026
Independence Day 2026 : খানাপাৰাত কেন্দ্ৰীয় স্বাধীনতা দিৱসৰ পতাকা উত্তোলন মুখ্যমন্ত্ৰীৰ

Independence Day 2026 : খানাপাৰাত কেন্দ্ৰীয় স্বাধীনতা দিৱসৰ পতাকা উত্তোলন মুখ্যমন্ত্ৰীৰ

August 15, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx