ASSAM TIMES POST
আছিফ আলি: শিৱসাগৰৰ ঐতিহাসিক শিৱদলত বিগত বছৰ বোৰৰ দৰে এইবাৰো মহা শিৱৰাত্রী উৎসৱৰ আয়োজন কৰা হৈছে। আহোম স্বৰ্গদেউ শিৱ সিংহৰ দিনত নিৰ্মাণ কৰা এই শিৱদলত প্ৰতিষ্ঠা দিনৰে পৰা অনুষ্ঠিত হৈ আহিছে শিৱৰ পূজা আৰু আৰাধনাৰ এই উৎসৱ।

বিগত বছৰৰ দৰে এইবাৰো আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উদযাপন কৰা শিৱৰাত্ৰী উপলক্ষে আজি শিৱসাগৰৰ শিৱ দৌল চৌহদত ব্যাপক জন সমাগম হোৱা দেখা যায়।যদিও কা’ বিৰোধী আন্দোলন আৰু কৰণা ভাইৰাছৰ বাবে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্তপ্ৰাণ ৰাইজ কম অহা পৰিলক্ষিত হৈছে তথাপিও হাজাৰ হাজাৰ লোকে পুৱাৰে পৰা দীঘলীয়া শাৰী পাতি দেৱাদি দেৱ শিৱৰ পূজা অৰ্চনা কৰা দেখা যায়।
শিৱসাগৰ জিলা প্ৰশাসন আৰু দ’ল উন্নয়ণ সমিতিৰ উদ্যোগত ২৩ ফেব্ৰুৱাৰী লৈ অনুষ্ঠিত হবলগা শিৱৰাত্ৰীৰ সতে সংগতি ৰাখি আয়োজন কৰা মেলাত প্ৰায় ৫ শতাধিক ব্যৱসায়ীয়ে অংশগ্ৰহণ কৰিছে। আজি সন্ধিয়া নগৰৰ দ’লমুখ চাৰিআলিৰ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিৰ সন্মুখত অনুষ্ঠিত হব লগা সাংস্কৃতিক অনুষ্ঠানত নেপালৰ এদল শিল্পীয়ে অনুষ্ঠান পৰিৱেশন কৰিব।

শিৱসাগৰ জিলা প্ৰশাসনে মেলা উপলক্ষে কেতবোৰ বিশেষ ব্যৱস্থা লৈছে।এই ব্যৱস্থাৰ অংশ ৰূপে দ’ল চৌহদত ৫০ টা চিচিটিভি কেমেৰা সংস্থাপন কৰা হৈছে।লগতে কাষৰীয়া জিলাৰ পৰাও বহু সংখ্যক সুৰক্ষা কৰ্মী নিয়োগ কৰিছে শিৱসাগৰ আৰক্ষী প্ৰশাসনে।শিৱৰাত্ৰীত ভিৰ নিয়ন্ত্ৰণ আৰক্ষীৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বান বুলি উল্লেখ কৰিছে শিৱসাগৰ জিলাৰ আৰক্ষী অধীক্ষক অমিতাভ সিনহাই।
লক্ষণীয় যে শিৱৰাত্ৰীৰ সময়ত শিৱসাগৰৰ সোণৰ কলচী যুক্ত শতায়ু পুৰণি ভাৰতৰ সৰ্বোচ্চ শিৱদল ৰূপে পৰিচিত শিৱদললৈ ভক্ত আৰু সাধু সন্যাসীৰ ব্যাপক ভিৰ হয় যদিও এইবাৰ কিছু ব্যতিক্ৰমী দেখা গৈছে। সাধু সন্যাসীৰ সংখ্যা এইবাৰ চকুত লগাকৈ কম।













