ASSAM TIMES POST
নিউজ ডেস্ক
ক্ষমতা দখল কৰিয়ে কথা চহকী পৰিবহন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে অসম ৰাজ্যিক পৰিবহন নিগমক উন্নীতকৰণ নামত মাৰ্চিডিজ বাছ চলোৱা কথা কিমান যে ঘোষণা পিছত ঘোষণা কৰিলে।পাঁচ বছৰীয়া কাৰ্যকাল শেষ হ’বলৈ এতিয়া আৰু এটা বছৰ বাকী দুৰ্ভাগ্যবসত কিন্তু ৰাজ্যবাসীয়ে উঠিহে নাপালে পাটোৱাৰীৰ বিলাসী মাৰ্চিডিজ বাছত।মাৰ্চিডিজ বাছৰ কথা পাহৰি ৰাইজৰ বাবে এইবাৰ নিগমে “উবেৰাইজেচন” নামেৰে অন্য এক বিলাসী আঁচনি লৈ আহিছে।
ৰাজ্য যোগাযোগ ব্যৱস্থা উন্নীতকৰণৰ সমান্তৰাল কৈ নিবনুৱা সংস্থাপনৰ উদ্দেশ্য আগত ৰাখি অসম ৰাজ্যিক পৰিবহন নিগমে উবেৰাইজেচন আঁচনিৰ ৰূপায়ন কৰাৰ বাবে আগবাঢ়িছে।শুক্ৰবাৰে ৰূপায়ন কৰিব লগা আঁচনি খনৰ কথা ঘোষণা কৰে নিগমৰ অধ্যক্ষ অশোক কুমাৰ ভট্টৰায়ে।অধ্যক্ষ গৰাকীয়ে উল্লেখ কৰা অনুসৰি এই আঁচনিৰ অধীনত ব্যক্তিগত, ক্ষুদ্ৰ ব্যৱসায়ী আৰু আত্ম সহায়ক গোট সমূহে ক্ৰয় কৰিব পাৰিব বাছ।নিগমে তাৰ বাবে প্ৰতি- জন হিতাধিকাৰীক মুঠ বাছৰ মূল্য ২৫শতাংশ অনুদান হিচাপে দিব।তাৰে হিতাধিকাৰীয়ে ১৫ শতাংশ শূণ্য সুদৰ হাৰত নিগমক ঘূৰাই দিয়া বিপৰীতে ১০শতাংশ লাভ কৰিব ৰেহাই।
গুৱাহাটী পল্টনবজাৰ স্থিতি ৰাজ্যিক পৰিবহন নিগমৰ কাৰ্যালয়ত সম্বোধন কৰা সংবাদ মেলখনত অধ্যক্ষ ভট্টৰায় আৰু কয় “আঁচনিৰ সুবিধা গ্ৰহণ কৰাৰ বাবে আগ্ৰহী হিতাধিকাৰী সকলে পৰিবহণ নিগমৰ ৱেবছাইট www.astc. assam.gov.inত অহা ২৯ ফেব্ৰুৱাৰীৰ ভিতৰত ১০০০টকা মাচুলেৰে আৱেদন কৰিব লাগিব।আৱেদনকাৰী সকলে কোন পথত গাড়ীখন চলাব উল্লেখ কৰিব লাগিব।এজন আৱেদন কাৰীয়ে সৰ্বোচ্চ পাঁচটা পথত মুঠ পাঁচখন পৃথক পৃথক আৱেদন কৰিব পাৰিব”।
গুৰুত্বপূৰ্ণ কথা এই যে সংবাদ মেলত উল্লেখ কৰা অনুসৰি “আঁচনিৰ অধিনত যি পথৰ বাবে হিতাধিকাৰীয়ে বাছখন ক্ৰয় কৰিব সেই পথত চলাব লাগিব।একেদৰে অতিক্ৰমেও পাঁচবছৰ নিগমৰ অধীনত বাছ খন চলাব লাগিব”- এই কথা অধ্যক্ষ ভট্টৰায়ে জানিবলৈ দিয়ে।
আঁচনিৰ বাবে চলিত বিত্ত বর্ষত ৭০কোটি টকা নিৰ্ধাৰণ কৰা বুলি উল্লেখ কৰি নিগমৰ পৰিচালক সঞ্চালক আনন্দ প্ৰকাশ তিৱাৰীয়ে কয় “চলিত বিত্তবর্ষত আঁচনিৰ অধীনত ক্ৰয় কৰা হ’ব মুঠ ৬৭৮খন বাছ।তাৰ বাবে ৫০কোটি টকা নিৰ্ধাৰণ কৰা হৈছে।বাকী ২০কোটি টকাৰে ৰাজ্য বিভিন্ন স্থানত বাছ আস্থান মেৰামতি-নিৰ্মাণ, শিশু পৰিচৰ্যা কক্ষ, শৌচালয় আদি নিৰ্মাণত ব্যয় কৰা হৈছে”।
উল্লেখ যে বৰ্তমান সমগ্ৰ ৰাজ্যত অসম ৰাজ্যিক পৰিবহণ নিগমৰ মুঠ ৮৫০খন বাছ চলি থকা বিপৰীতে অধিনত ১৩৬৯খন বাছ চলি থকা বুলি সঞ্চালক তিৱাৰীয়ে জানিবলৈ দিয়ে।ইয়াৰ উপৰিও নিগমৰ অধীনত চলিব লগা আঁচনি বাছ সমূহত সম্পূৰ্ন কতিত্ব থাকিব মালিকৰ।













