ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Social Media

Viral Girl Monalisa : মহাকুম্ভত ভাইৰেল হোৱা মনালিছাৰ কথা মনত আছেনে? এইবাৰ মুছলিম যুৱকক বিয়া কৰাই চৰ্চাত

নিউজ ডেস্কঃ

News Desk by News Desk
March 12, 2026
Reading Time: 1 min read
A A
0
Viral Girl Monalisa : মহাকুম্ভত ভাইৰেল হোৱা মনালিছাৰ কথা মনত আছেনে? এইবাৰ মুছলিম যুৱকক বিয়া কৰাই চৰ্চাত

RELATED POSTS

Trump card : ‘ট্ৰাম্প কাৰ্ড’ বিফল : ভাইৰেল হ’ল লুকাকুৰ ‘ড’নাল্ড ট্ৰাম্প ডান্স’

PM Modi : ইনষ্টাগ্ৰামৰ পিছত এইবাৰ ইউটিউব, ডিজিটেল জগতত আন এক অভিলেখ গঢ়িলে মোদীয়ে

Wedding Manue : চিগাৰেট, বিড়ি, গুটখা, বিয়াৰ মেনুত বিৰিয়ানীৰ পৰিৱৰ্তে এই তালিকা

মনালিছা ভোছলে (Manalisa Bhosle)। বহুতে হয়তো এইটো নামেৰে তেওঁক চিনি নাপাব। কিন্তু যদি কওঁ, মহাকুম্ভৰ ‘ভাইৰেল’ (‘Viral’ of Mahakumbh) মনালিছা, এই নামেৰে তেওঁ বেছি পৰিচিত। সেই মনালিছাই এইবাৰ কেৰালাৰ তিৰুৱনন্তপুৰমত বিয়া পাতে। আৰক্ষীৰ পহৰাৰ মাজত অনুষ্ঠিত হয় এই বিবাহ। ‘কুম্ভমেলা গাৰ্ল’ নামেৰে বেছি পৰিচিত মনালিছাই বুধবাৰে ছ’চিয়েল মিডিয়াত লগ পোৱা এজন যুৱকৰ সৈতে বিবাহপাশত আবদ্ধ হয়। ছমাহ পূৰ্বে ফেচবুকত লগ হৈছিল দুয়োৰে।

‘ভাইৰেল গাৰ্ল’ মনালিছাই এইবাৰ জীৱন সংগী (Life partner) হিচাপে বাছি লয় সেই যুৱকজনক। অৱশ্যে এই বিবাহ বৰ সুকলমে নহ’ল। মনালিছাই দাবী কৰে যে তেওঁ নিজৰ জীৱন সংগী হিচাপে বেলেগ ধৰ্মৰ যুৱকক বাছি লোৱাৰ বাবে ঘৰৰ পৰাই বহু বাধাৰ সন্মুখীন হ’বলগীয়া হৈছিল। কিন্তু অৱশেষত তেওঁ আৰক্ষীৰ কাষ চাপে। ইয়াৰ পিছত আৰক্ষীৰ মধ্যস্থতাত মনালিছাই বিয়া পাতিলে। জানিব পৰা মতে, মনালিছাৰ জীৱন সংগী মহাৰাষ্ট্ৰৰ বাসিন্দা। মনালিছা মধ্যপ্ৰদেশৰ ইন্দোৰৰ। মনালিছাই বৰ্তমান মালয়ালম ছবি ‘নাগাম্মা’ৰ শ্বুটিং কৰি আছে। বিভিন্ন সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, যেতিয়া মনালিছাই নিজৰ জীৱন সংগীৰ বিষয়ে পৰিয়ালক জনাইছিল, তেতিয়া পৰিয়ালৰ পৰা তীব্ৰ আপত্তি হৈছিল। মনালিছাই দাবী কৰে যে তেওঁৰ প্ৰেমৰ কথা জানিব পাৰি ঘৰৰ পৰা দূৰৈৰ আত্মীয় এজনৰ লগত জোৰকৈ বিয়া কৰাবলৈ চেষ্টা কৰা হৈছিল। ইয়াৰ পিছতে মনালিছা আৰক্ষীৰ কাষ চাপে।

মহাকুম্ভত ভাইৰেল হোৱা মনালিছাৰ কথা মনত আছেনে? এইবাৰ মুছলিম যুৱকক বিয়া কৰাই চৰ্চাত

কেৰালাৰ থাম্পানুৰ থানাত এজাহাৰ দাখিল কৰে মনালিছাই। তাৰ পাছত আৰক্ষীয়ে মনালিছাৰ পৰিয়ালৰ লোকক থানালৈ মাতে। তাত তেওঁলোকক কোৱা হয় যে মনালিছা এগৰাকী প্ৰাপ্তবয়স্ক। তেওঁৰ নিজৰ সিদ্ধান্ত নিজে লোৱাৰ অধিকাৰ আছে। আৰক্ষীয়ে তেওঁৰ পৰিয়ালক পতিয়ন নিয়াবলৈও চেষ্টা কৰিছিল। অৱশেষত বুধবাৰে কেৰালাৰ তিৰুৱনন্তপুৰমত আৰক্ষীৰ পহৰাত (In police surveillance in Thiruvananthapuram) বিবাহ সম্পন্ন (Marriage completed) হয়। ৰঙা শাৰী, শিৰত সেন্দুৰ, ডিঙিত ফুলৰ মালা লৈ দেখা গ’ল মনালিছাক। তেওঁৰ বিয়া হ’ল অতি সহজভাৱে।

উল্লেখ্য যে ২০২৫ চনত উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজৰ মহাকুম্ভ মেলাত চকুৰ সৌন্দৰ্যৰ বাবে ভাইৰেল হৈছিল মনালিছা। তেওঁৰ ভনীয়েকৰ লগত মেলাত মালা বিক্ৰী কৰি আছিল। ইয়াৰ পিছত ছ’চিয়েল মিডিয়াৰ প্ৰভাৱশালী লোকৰ দৃষ্টিগোচৰ হয় তেওঁ। তেতিয়াৰে পৰাই তেওঁ ভাইৰেল হৈ পৰিছে। কেৱল সেয়াই নহয়, তেতিয়াৰে পৰা তেওঁৰ জীৱনটোও আমূলভাৱে সলনি হৈছে। ইটোৰ পিছত সিটোকৈ ছবি আৰু বিজ্ঞাপনৰ বাবে অফাৰ আহে। মনালিছাৰ মূৰৰ ওপৰত স্থায়ী চালিও নাছিল। প্লাষ্টিকেৰে আবৃত চালি, জৰাজীৰ্ণ ঘৰ। আগতে দিনত আনি দিনতে খোৱা মনালিছা এতিয়া বহুত চতুৰ হৈ পৰিছে। বহুত বেছি পৰিপক্বক। তেওঁ পৰিপাটিকৈ কথা কয়। সাজ-পোছাক আৰু আচাৰ-ব্যৱহাৰত বহু পৰিৱৰ্তন হৈছে। এখন মালয়ালম ছবিত কাম কৰি আছে। বলীউডতো প্ৰৱেশৰ কাম আৰম্ভ হৈছে। সনোজ মিশ্ৰৰ ছবি ‘দ্য ডায়েৰী অব মণিপুৰী ’ত আত্মপ্ৰকাশ হ’ব পাৰে। এতিয়া ছ’চিয়েল মিডিয়াত অতি সক্ৰিয় হৈ পৰিছে মনালিছা।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: ViralGirlMonalisa
Share4Tweet3Send

Related Posts

Trump card : ‘ট্ৰাম্প কাৰ্ড’ বিফল : ভাইৰেল হ’ল লুকাকুৰ ‘ড’নাল্ড ট্ৰাম্প ডান্স’
Social Media

Trump card : ‘ট্ৰাম্প কাৰ্ড’ বিফল : ভাইৰেল হ’ল লুকাকুৰ ‘ড’নাল্ড ট্ৰাম্প ডান্স’

by News Desk
July 7, 2026
50
PM Modi : ইনষ্টাগ্ৰামৰ পিছত এইবাৰ ইউটিউব, ডিজিটেল জগতত আন এক অভিলেখ গঢ়িলে মোদীয়ে
National-International

PM Modi : ইনষ্টাগ্ৰামৰ পিছত এইবাৰ ইউটিউব, ডিজিটেল জগতত আন এক অভিলেখ গঢ়িলে মোদীয়ে

by News Desk
March 3, 2026
50
Wedding Manue : চিগাৰেট, বিড়ি, গুটখা, বিয়াৰ মেনুত বিৰিয়ানীৰ পৰিৱৰ্তে এই তালিকা
Social Media

Wedding Manue : চিগাৰেট, বিড়ি, গুটখা, বিয়াৰ মেনুত বিৰিয়ানীৰ পৰিৱৰ্তে এই তালিকা

by News Desk
February 11, 2026
52
WhatsApp : মাত্ৰ এটা ক্লিকতে হাইজেক ৱাটছএপ একাউণ্ট
crime

WhatsApp : মাত্ৰ এটা ক্লিকতে হাইজেক ৱাটছএপ একাউণ্ট

by News Desk
December 20, 2025
55
Discover Enchanting Hidden Getaways Around Assam: Unveil Unforgettable Experiences
Social Media

Discover Enchanting Hidden Getaways Around Assam: Unveil Unforgettable Experiences

by ASSAM TIMES POST
May 15, 2025
57
ADVERTISEMENT
Human trafficking : ৰঙিয়াত মানৱ সৰবৰাহকাৰী চক্ৰৰ পৰা উদ্ধাৰ ৩ যুৱক
Assam

Human trafficking : ৰঙিয়াত মানৱ সৰবৰাহকাৰী চক্ৰৰ পৰা উদ্ধাৰ ৩ যুৱক

September 16, 2026
50
India Newzealand ties : ভাৰতৰ সৈতে মুক্ত বাণিজ্য চুক্তিত অনুমোদন নিউজীলেণ্ডৰ সংসদৰ, ভাৰতৰ লাভ কি হ’ব
National-International

India Newzealand ties : ভাৰতৰ সৈতে মুক্ত বাণিজ্য চুক্তিত অনুমোদন নিউজীলেণ্ডৰ সংসদৰ, ভাৰতৰ লাভ কি হ’ব

September 16, 2026
50
Indian Navy : উত্তৰ আৰব সাগৰত ভাৰতীয় নৌসেনাৰ জাহাজত পাকিস্তানী জাহাজৰ খুন্দা, পাক কূটনীতিবিদক তলব
National-International

Indian Navy : উত্তৰ আৰব সাগৰত ভাৰতীয় নৌসেনাৰ জাহাজত পাকিস্তানী জাহাজৰ খুন্দা, পাক কূটনীতিবিদক তলব

September 16, 2026
50
Bishwajit Daimary at Diphu : কাৰ্বি ধৰ্মীয় পুৰোহিতৰ অনুষ্ঠানত যোগদান মন্ত্ৰী বিশ্বজিৎ দৈমাৰীৰ, ধৰ্ম আৰু সামাজিক পৰম্পৰা সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য
DIPHU

Bishwajit Daimary at Diphu : কাৰ্বি ধৰ্মীয় পুৰোহিতৰ অনুষ্ঠানত যোগদান মন্ত্ৰী বিশ্বজিৎ দৈমাৰীৰ, ধৰ্ম আৰু সামাজিক পৰম্পৰা সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য

September 16, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Human trafficking : ৰঙিয়াত মানৱ সৰবৰাহকাৰী চক্ৰৰ পৰা উদ্ধাৰ ৩ যুৱক

Human trafficking : ৰঙিয়াত মানৱ সৰবৰাহকাৰী চক্ৰৰ পৰা উদ্ধাৰ ৩ যুৱক

September 16, 2026
India Newzealand ties : ভাৰতৰ সৈতে মুক্ত বাণিজ্য চুক্তিত অনুমোদন নিউজীলেণ্ডৰ সংসদৰ, ভাৰতৰ লাভ কি হ’ব

India Newzealand ties : ভাৰতৰ সৈতে মুক্ত বাণিজ্য চুক্তিত অনুমোদন নিউজীলেণ্ডৰ সংসদৰ, ভাৰতৰ লাভ কি হ’ব

September 16, 2026
Indian Navy : উত্তৰ আৰব সাগৰত ভাৰতীয় নৌসেনাৰ জাহাজত পাকিস্তানী জাহাজৰ খুন্দা, পাক কূটনীতিবিদক তলব

Indian Navy : উত্তৰ আৰব সাগৰত ভাৰতীয় নৌসেনাৰ জাহাজত পাকিস্তানী জাহাজৰ খুন্দা, পাক কূটনীতিবিদক তলব

September 16, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d