ASSAM TIMES POST
নিউজ ডেস্ক
“ভাৰত চৰকাৰে যি সময়ত সংস্কৃত ভাষা গুৰুত্বৰ বৃদ্ধি বাবে কেন্দ্ৰীয় সংস্কৃত বিশ্ববিদ্যালয় স্থাপন কৰিব বিচাৰিছে সেই সময়ত ৰাজ্য চৰকাৰে সংস্কৃত টোল সমূহ বন্ধ কৰাৰ আঁৰত আছে বেলেগ উদ্দেশ্য”-এই গুৰুত্বৰ অভিযোগ বৰপেটাৰ সাংসদ আব্দুল খালেকৰ।
কিছুদিন পূৰ্বে যি গৰাকী শিক্ষামন্ত্ৰীয়ে সংস্কৃত বিষয় ৰাজ্য বিদ্যালয়ত বাধ্যতামূলক কৰিব বুলি ঘোষণা কৰিছিল সেই গৰাকী মন্ত্ৰীয়ে মহম্মদ বিন টোগলকী দৰে সিদ্ধান্ত গ্ৰহণ কৰি এতিয়া বন্ধ কৰিব সংস্কৃত টোল।সাংসদ গৰাকীয়ে লগতে কয় সংস্কৃত ভাষা প্ৰসাৰ সাধানৰ বাবে ৰাজ্য চৰকাৰে বৃদ্ধি কৰিব লাগিছিল টোলৰ সংখ্যা।কিন্তু তাকে নকৰি থকা টোল সমূহ বন্ধ কৰিব ওলাইছে।
আনহাতে মাদ্ৰাছাৰ বন্ধ কৰাৰ সন্দৰ্ভত তেওঁকয় “মাদ্ৰাছা সমূহ সম্পুন্ন চৰকাৰৰ নিয়ন্ত্ৰণত পৰিচালিত হয়।চিনিয়ৰ মাদ্ৰাছা সমূহৰ পাঠ্যক্ৰম চৰকাৰে নিৰ্ধাৰণ কৰা।তেনে স্থলত বন্ধ কৰাৰ কোনো যুক্তি হব নোৱাৰে”।
আনহাতে কেন্দ্ৰ-ৰাজ্যত একে দলৰে চৰকাৰ থকাৰ পিছতো ৰাজ্য চৰকাৰে কোনো সুবিধা গ্ৰহণ কৰিব পৰা নাই বুলি উল্লেখ কৰি খালেকে কয় “অনুসূচীত জাতি-জনজাতিৰ প্ৰতি চৰকাৰৰ কোনো দৰদ নাই। জনজাতি-খিলঞ্জীয়া কথা কয় কিন্তু ৰাজ্য চৰকাৰে আজিলৈকে জনজাতি সকলৰ বাবে থকা একলব্য মডেল বিদ্যালয় আৰম্ভ কৰিব নোৱাৰিলে”।
“অনুসূচীত জাতি ছাত্ৰ-ছাত্ৰী বাবে বাবু জগজীৱন ৰাম ছাত্ৰবাস আছিল।কিন্তু বিগত তিনিবছৰে ৰাজ্য চৰকাৰ খনে কেন্দ্ৰীয় চৰকাৰৰ পৰা এটাও ছাত্ৰাবাস আনিব নোৱাৰিলে।দেশৰ অন্য ৰাজ্য বিলাকে কিন্তু সুবিধা গ্ৰহণ কৰিছে”- খালেকে কয়। ইয়াৰ উপৰিও অসমৰ বাবে ব্যক্তিগত ভাৱে আন্তঃৰাজ্যিক পাৰপত্ৰ ব্যৱস্থাক সমৰ্থন কৰো বুলি গুৱাহাটীত সম্বোধন কৰা সংবাদ মেলত জানিবলৈ দিয়ে।













