ASSAM TIMES POST
নিউজ ডেস্ক
তেজপুৰ লোকসভাৰ প্ৰাক্তন সাংসদ তথা বিজেপি প্ৰবীণ নেতা ৰাম প্ৰসাদ শৰ্মাই যোগদান কৰিব কংগ্ৰেছত।বিগত তিনি দিন ধৰি দলটো শীর্ষ নেতৃত্বক দিল্লীত শৰ্মাই সাক্ষাৎ কৰিছে।বৰ্তমান কংগ্ৰেছৰ সাংগঠনিক সম্পাদক কে চি বেনু গোপালক লগ কৰাৰ বাবে অপেক্ষাত আছে।
প্ৰাপ্ত তথ্য অনুসৰি সাংগঠনিক সম্পাদক গৰাকীক সাক্ষাৎ কৰাৰ পিছতে অহা দুই-তিনিদিনৰ ভিতৰত শৰ্মাই আনুষ্ঠানিক ভাৱে যোগদান কৰিব। গুৰুত্বপূৰ্ণ কথা এই যে বিগত লোকসভাৰ নিৰ্বাচনত দলৰ পৰা টিকট নোপোৱাৰ পিছতে প্ৰাথমিক সদস্য পদ ত্যাগ কৰিছিল।তাৰ পৰৱৰ্তী পৰ্যায়ত তৃণমূল কংগ্ৰেছত যোগদান কৰিব বুলি এক খবৰ ওলাইছিল।













