ASSAM TIMES POST
গুৱাহাটী : টিহুত আৰক্ষীৰ জালত পৰিল দৰঙৰ এদল ট্ৰাক হাইজেককাৰী ৷ এক বিবৃতিত উল্লেখ থকা অনুসৰি যোৱা নিশা দৰঙ আৰক্ষীয়ে ফোনযোগে আৰক্ষীক জনায় যে দৰঙত কেইবাটাও ট্ৰাক হাইজেক কাৰ্যত জড়িত এদল দূৰ্ধৰ্ষ ট্ৰাক হাইজেককাৰী ৰূপালী ৰঙৰ এল্ট’ গাড়ীলৈ গৈ থকাত দৰঙ আৰক্ষীয়ে তেওলোকক আটক কৰিব চেষ্টা কৰে যদিও দলটো পলাই যাবলৈ সক্ষম হয় ৷
খবৰ লাভ কৰি ঘগৰাপাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া, নলবাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া, আৰু টিহু থানাৰ ভাৰপ্ৰাপ্ত বিষয়াই ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথৰ ওপৰত হাইজেককাৰী দলটোক ভেটা দি দলটোক আটক কৰিবলৈ সক্ষম হয় ৷ পিছত আটকাধীন দলটোক অধিক জেৰাৰ বাবে মঙলদৈ আৰক্ষীক গতাই দিয়া হয় ৷
আটকাধীন হাইজেককাৰী সকল ক্ৰমে,বৰবৰী থানা এলেকা দীঘলদঙ্গাৰ মৃত ইন্তা আলিৰ পুত্ৰ গোলাপ আলী (২৬), মৃত ছাৰিব আলীৰ পুত্ৰ চুলতান আলী(২৩), বাবুল আলীৰ ৰুত্ৰ মিৰাজুল আলী (২২), কুদ্দুছ আলীৰ পুত্ৰ কুতুব আলী (২৭), কামৰূপ জিলাৰ বাইহাটা থানা এলেকাৰ খেপকুছিৰ সৰুজাহান আলীৰ পুত্ৰ খাইৰুল আলী (২৪) আৰু গোৰেশ্বৰ থানা এলেকাৰ কাউবাঁহাৰ হামিদুল্লাহ আলীৰ পুত্ৰ নজৰুল আলী ওৰফে ৰাতুল আলী (২৮) বুলি চিনাক্ত কৰা হৈছে ৷













