ASSAM TIMES POST
আছিফ আলি: শিৱসাগৰত অনুষ্ঠিত হৈ থকা চাৰিদিনীয়া মহা শিৱৰাত্ৰি মহোৎসৱৰ লগত সংগতি ৰাখি আয়োজন কৰা সন্ধিয়াৰ সাংস্কৃতিক অনুষ্ঠানত বাৰেৰহণীয়া আকৰ্ষণীয় বিভিন্ন ঠাইৰ লোকনৃত্যই মুহিলে দর্শকৰ মন। শংকৰ আজানৰ দেশত পুনৰ এবাৰ সম্প্ৰীতিৰ এনাজৰীডাল সুদৃঢ় হৈ উঠা ও দেখিবলৈ পোৱা গ’ল শিৱসাগৰৰ শিৱৰাত্ৰি উৎসৱত।

শিৱসাগৰৰ দ’লমুখ চাৰিআলিৰ সমীপৰ সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ প্রতিমূর্তিৰ কাষত অনুষ্ঠিত হোৱা তৃতীয় আন্ত:ৰাষ্টীয় শিৱমহোৎসৱত শিৱসাগৰৰ ভংগীমা কলাকেন্দ্রৰ শিল্পী সকলে পৰিবেশন কৰা শিৱ বন্দনাৰে আৰম্ভ হয়। ইয়াৰ লগতে লেপালৰ সাংস্কৃতিক দল, ডিব্ৰুগড়ৰ কোঁচ ৰাজবংশী চালী নৃত্য, শিৱসাগৰৰ গোৰ্খা সাংস্কৃতিক,দল’পা, শিৱসাগৰৰ বকতাৰ তাই সাংস্কৃতিক দল লগতে স্থানীয় ধাই আলি শিল্পীসকলে জিকিৰ জাৰি পৰিৱশেন কৰি সমাজলৈ সম্প্ৰতিৰ বার্তা প্রেৰণ কৰিলে উদযাপন সমিতিয়ে।

হিন্দু ধৰ্মালম্বীৰ পবিত্ৰ শ্রী শ্রী শিৱৰাত্ৰি উৎসৱৰ প্রথম দিনাৰ সাংস্কৃতিক অনুষ্ঠানত বিভিন্ন জাতি জনগোষ্ঠীৰ দলীয় নৃত্য পৰিৱেশন লগতে ইছলাম ধৰ্মাৱলম্বী লোকৰ দ্বাৰা পৰিৱেশন কৰা হয় আজাৰ ফকীৰৰ বিৰচিত জিকিৰ জাৰীআজি সন্ধিয়ালৈ আৰম্ভ হ’ব লগীয়া অনুষ্ঠান সমূহ হৈছে শিৱ বন্দনা, অসমৰ লোক বাদ্য যন্ত্ৰ অনুষ্ঠান, গুৱাহাটী,নগা সাংস্কৃতিক দল, নাগালেণ্ড, মণিপুৰী সাংস্কৃতিক দল, মণিপুৰ, গাৰো সাংস্কৃতিক দল, দুধনৈ, তিৱা সাংস্কৃতিক দল, গুৱাহাটী, কাৰ্বি সাংস্কৃতিক দল, গুৱাহাটী, ৰাজস্হানী সাংস্কৃতিক দল আৰু শিৱ পার্ৱতীৰ বেশ ভূষা প্রদর্শন হ’ব ।
অহা কাইলৈ শিৱসাগৰ সেউজীয়া সমাজ বিদ্যালয়ৰ শিল্পীসকলে পৰিৱশেন কৰিব শিৱ বন্দনা। টোকাৰী গীত পৰিৱেশন কৰিব কমলা গগৈয়ে। ইয়াৰ লগতে উৎপল কাকতি আৰু কল্যানজ্যোতি নাথৰ পৰিচালনাত হৰি হৰৰ যুদ্ধ, বান পৰাজয় ভাওনা মঞ্চস্থ কৰা হ’ব বুলি ও জানিবলৈ দিছে শিৱৰাত্ৰি উদযাপন সমিতিয়ে। লক্ষাধিক ভক্তৰ আগমনে ঐতিহাসিক শিৱসাগৰৰ শিৱদ’ল প্রাংগন আৰু মেলাত পুৱাৰে ভক্তৰ লানি নিছিগা শাৰী দেখিবলৈ পোৱা গৈছে।













