
চূড়ান্ত হৈছে আগন্তুক অসম বিধানসভা নিৰ্বাচন (Assam Assembly Election)ৰ বাবে এন ডি এ (NDA) মিত্ৰদলৰ আসন বুজাবুজি (Seat understanding)। এতিয়া মাথোঁ অপেক্ষা প্ৰাৰ্থী তালিকা ঘোষণালৈ। দিল্লীত বাহৰ পাতি থকা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সাংবাদিকৰ আগত এই কথা প্ৰকাশ কৰে।
মঙলবাৰে মুখ্যমন্ত্ৰীয়ে দিল্লীত কয় যে ১২৬ খন আসনৰ অসম বিধানসভাৰ আগন্তুক নিৰ্বাচনৰ বাবে অসম গণ পৰিষদ (AGP)ক এৰি দিয়া হৈছে ২৬ খন আসন (26 Seats)। আনহাতে, শেহতীয়াকৈ বড়োভূমিত হাগ্ৰামা মহিলাৰীৰ সৈতে নতুনকৈ মিত্ৰতা স্থাপন কৰা বি পি এফ (BPF)ক দিয়া হৈছে ১১ খন আসন (11 Seats)। অৱশ্যে আসনৰ সংখ্যা উল্লেখ কৰিলেও কোনকেইখন আসন দল দুটাক এৰি দিয়া হৈছে সেই কথা প্ৰকাশ কৰা নাই মুখ্যমন্ত্ৰীয়ে।
আনহাতে, মুখ্যমন্ত্ৰীয়ে কয় যে আজি সন্ধিয়া দিল্লীত সংসদীয় দলৰ বৈঠকত চূড়ান্ত কৰা হ’ব সমষ্টি আৰু প্ৰাৰ্থীৰ নাম। তাৰ পিছত আজি নিশা নতুবা বৃহস্পতিবাৰে ঘোষণা কৰা হ’ব বিজেপিৰ প্ৰাৰ্থী তালিকা। অগপ আৰু বি পি এফক এৰি দিয়া মুঠ ৩৭ খন আসনৰ বাহিৰে বাকী আটাইকেইখন আসনত বিজেপিয়ে প্ৰাৰ্থী দিব বুলি জানিব পৰা গৈছে।

আনহাতে, মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিছে যে এইবাৰ বিজেপিয়ে নতুন মুখক প্ৰাধান্য দিব। তেনে ক্ষেত্ৰত বৰ্তমানৰ বহু বিধায়কে এইবাৰ টিকট নোপোৱাটো চূড়ান্ত হৈছে। লগতে যুৱ আৰু মহিলাক প্ৰাৰ্থীত্ব প্ৰদানত অগ্ৰাধিকাৰ দিয়া হ’ব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিছে।
উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে বি টি আৰত প্ৰমোদ বড়ো নেতৃত্বাধীন ইউ পি পি এলৰ সৈতে আছিল বিজেপিৰ মিত্ৰতা। কিন্তু বি টি চি নিৰ্বাচনৰ পিছৰ পৰা বিজেপি আৰু ইউ পি পি এলৰ মাজত দূৰত্ব বৃদ্ধি পাইছে। দেওবাৰলৈকে মিত্ৰতাৰ বাবে ইউ পি পি এল অপেক্ষা কৰি আছিল যদিও সেইটো হৈ নুঠাত ইউ পি পি এলে বি টি আৰৰ ১৫ খন আসনৰ আটাইকেইখনতে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰি সোমবাৰে প্ৰকাশ কৰে ৭ জন প্ৰাৰ্থীৰ প্ৰথমখন তালিকা।
এই তালিকাত আটাইতকৈ আচৰিত কথাটো হৈছে যে মাত্ৰ কিছুদিন পূৰ্বে বিনা প্ৰতিদ্বন্দ্বিতাৰে ৰাজ্যসভাৰ নিৰ্বাচনত জয়লাভ কৰা ইউ পি পি এলৰ সভাপতি প্ৰমোদ বড়োৱে এইবাৰ বিধানসভা নিৰ্বাচনতো প্ৰতিদ্বন্দ্বিতা কৰিব। প্ৰমোদ বড়োৱে তামোলপুৰ সমষ্টিৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হ’ব। আনহাতে, মাথোঁ দুদিন পূৰ্বে সক্ৰিয় ৰাজনীতিত যোগদান কৰে এবছুৰ প্ৰাক্তন সভাপতি দ্বীপেন বড়োৱে ইউ পি পি এলৰ প্ৰাৰ্থী হিচাপে ওদালগুৰি সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব। তেনেক্ষেত্ৰত এইবাৰ বিধানসভা নিৰ্বাচনত বড়োভূমিৰ যুঁজখন চাবলগীয়া হ’ব।












