ASSAM TIMES POST
কলা-সংস্কৃতিৰ অপূর্ব সমাহাৰেৰে উজলি উঠিব বিশ্ব ঐতিহ্যক্ষেত্র কাজিৰঙা
অজন্তা তালুকদাৰ, বােকাখাত : অহা ১২ মাৰ্চৰ পৰা ১৫ মার্চলৈকে চাৰিদিনীয়া কাৰ্যসূচীৰে বিশ্ব ঐতিহ্যক্ষেত্র কাজিৰঙাত অনুষ্ঠিত হ’ব বহু প্রত্যাশিত কাজিৰঙা উৎসৱ-২০২০।
বিশ্ববিখ্যাত কাজিৰঙাৰ কহঁৰাত অনুষ্ঠিত হবলগীয়া এই চাৰিদিনীয়া কাজিৰঙা উৎসৱ ২০২০”ত অসম তথা ইয়াৰ চুবুৰীয়া ৰাজ্যসমূহৰ বাৰেৰহনীয়া কলা-সংস্কৃতি প্রদর্শন কৰাৰ লগতে আত্মসহায়ক গােটৰ মেলা, “slow food festival” তথা থলুৱা খাদ্যৰ প্রদর্শনী ও প্রতিযােগিতা, ৱাইল্ডলাইফ ফটোগ্রাফি প্রতিযােগিতা, বিশিষ্ট প্রকৃতিবিদ তথা পক্ষী বিশেষজ্ঞৰ উপস্থিতিত কাজিৰঙাৰ পক্ষীকুল আৰু কাজিৰঙাৰ জৈৱ-বৈচিত্ৰতাৰ ওপৰত আলােচনাচক্র, বিশিষ্ট পক্ষী নিৰীক্ষকৰ তত্বৱধানত পক্ষী নিৰীক্ষন, “কাজিৰঙা উৎসৱ ২০২০”ৰ বিষয়ক ফটোগ্রাফী প্রতিযােগিতা, নিমন্ত্রিত আৰু স্থানীয় শিল্পীৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠান, মুকলি কবিতা পাঠ অনুষ্ঠান, চুটি নাট প্রদর্শন, চাইকেল টুৰ, কাজিৰঙাৰ দাতিকাষৰীয়া দেওপাহাৰ আৰু কাঁকচাঙ পৰ্য্যটনস্থলীলৈ ভ্রমন, কাজিৰঙাৰ চুবুৰীয়া গাওঁ আৰু চাহ বাগিচাসমূহত “village walk” তথা “tea walk” আদিৰ লগতে টুৰ অপাৰেটৰ সকলৰ সন্মিলনও আনুষ্ঠিত হব।
এই চাৰিদিনীয়া কাজিৰঙা উৎসৱ ২০২০-এ কাজিৰঙালৈ অহা পৰ্যটকসকলক আৰু আধিক আকর্ষিত কৰাৰ লগতে কাজিৰঙাৰ জৈৱ-বৈচিত্রতা তথা অঞ্চলটোৰ জন্তু-মানুহৰ শান্তিপূর্ণ সহাৱস্থানক বিশেষভাবে আলােকপাত কৰিব বুলি কাজিৰঙা উৎসৱ-২০২০ ৰ উদযাপন সমিতিৰ সম্পাদক তথা বোকাখাতৰ মহকুমাধিপতি , অতিৰিক্ত উপায়ুক্ত বিবেক শ্যামে জানিবলৈ দিয়ে ।













