ASSAM TIMES POST
অজন্তা তালুকদাৰ, বোকাখাত : বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বুধবাৰৰ পৰা আৰম্ভ হোৱা ত্ৰয়োদশ বাৰ্ষিক আৱাসিক প্ৰকৃতি শিৱিৰৰ ২১ ফেব্ৰুৱাৰীত সফলতাৰে সামৰণী পৰে ৷ ২০০৭ চনৰে পৰা ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰীয় গাওঁৰ ছাত্ৰ ছাত্ৰীৰ বাবে আয়োজিত নেচাৰ্চ অৰিয়েন্টেচন ইনিটিয়েটিভ নামৰ তিনিদিনীয়া এই আৱাসিক শিৱিৰৰ সামৰণী অনুষ্ঠানত উপস্থিত থাকে অসমৰ জলসম্পদ বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত ৷

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহঁৰা বনাঞ্চলৰ শতবৰ্ষ সমাৰোহ প্ৰেক্ষাগৃহত আয়োজিত এই সমাৱৰ্তন সমাৰোহত মন্ত্ৰী কেশৱ মহন্তৰ উপৰিও কাজিৰঙাৰ সঞ্চালক পি শিৱকুমাৰ পুৱ অসম বন্যপ্ৰাণী সংমণ্ডলৰ ডি এফ অ’ ৰমেশ কুমাৰ গগৈ, নগাওঁ বন সংমণ্ডলৰ ডি এফ অ’ ৰঞ্জিত ৰাম আৰু গোলাঘাট জিলাৰ অ’নাৰেৰী ৱাইল্ড লাইফ ৱাৰ্ডেন উত্তম শইকীয়াই অংশগ্ৰহন কৰে ৷ যোৱা ১৯ ফেব্ৰুৱাৰীৰ বিয়লি সঞ্চালক পি শিৱকুমাৰে অনুষ্ঠানিকভাৱে উদ্বোধন কৰা এই প্ৰকৃতি শিৱিৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰীয় ২৯ খন গাওঁৰ ৩৭ গৰাকী ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহন কৰে ৷
ত্ৰয়োদশ বৰ্ষৰ বাবে আয়োজিত এই আৱাসিক শিৱিৰ ৰাষ্ট্ৰীয় উদ্যানখনৰ বাগৰি বনাঞ্চলৰ বিভাগীয় আৱাসত অনুষ্ঠিত হয় ৷ ১৯ ফেব্ৰুৱাৰীৰ পৰা ২১ ফেব্ৰুৱাৰীলৈ আয়োজিত এই আৱাসিক প্ৰকৃতি শিৱিৰৰ তিনিটা দিনত বন আৰু বন্যপ্ৰাণী সংৰক্ষণৰ সন্দৰ্ভত প্ৰাৰম্ভিক জ্ঞান দিয়াৰ লগতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিভিন্ন প্ৰান্তৰো ছাত্ৰ ছাত্ৰী সকলক দেখুৱা হয় ৷ অসমৰ বিভিন্ন প্ৰান্তৰৰ পৰা অহা সমল ব্যক্তি সকলে শিৱিৰত বন আৰু বন্যপ্ৰাণী সম্পৰ্কত বিভিন্ন জ্ঞান ছাত্ৰ ছাত্ৰী সকলক প্ৰদান কৰে ৷

শিৱিৰৰ আৰম্ভনীতেই ছাত্ৰ ছাত্ৰী সকলৰ স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে ক্ষেত্ৰ অধ্যয়নৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়াপাহাৰ ৰেঞ্জৰ কঠাল চাং বনশিৱিৰ এলেকাৰ পতাহী বিলৰ পাৰলৈ পক্ষী দৰ্শনৰ বাবে নিয়া হয় ৷ পৰৱৰ্তী সময়ত বুঢ়াপাহাৰৰৰে নতুনডাঙ্গা গাওঁলৈও ছাত্ৰ ছাত্ৰী সকলক ক্ষেত্ৰ অধ্যয়নৰ লগতে গাওঁবাসীৰ লগত বাৰ্তালাপৰ বাবেও লৈ যোৱা হয় ৷ বুঢ়াপাহৰ বনাঞ্চলত বন বিভাগে বন্যপ্ৰাণীৰ সুবিধাৰ্থে নিৰ্মান কৰা পানী সংৰক্ষণ প্ৰকল্প শিৱিৰত অংশগ্ৰহন কৰা অষ্টম মান শ্ৰেণীৰ ছাত্ৰী মামনী ওৰাংৰ দ্বাৰা উন্মোচন কৰা হয় ৷
২১ ফেব্ৰুৱাৰীত অংশগ্ৰহনকাৰী ছাত্ৰ ছাত্ৰীক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰোৱা হয় ৷ উল্লেখ্য যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ উদ্যোগত দেশৰ আগশাৰীৰ প্ৰকৃতি সংগঠন আৰণ্যক, বিশ্ব প্ৰকৃতি নিধি, ৱাইল্ড লাইফ ট্ৰাষ্ট অৱ ইণ্ডিয়া, ভূমি, কৰবেট ফাউণ্ডেচন আৰু প্ৰকৃতি শিক্ষন কেন্দ্ৰৰ সহযোগত বিগত তেৰটা বছৰেই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এই প্ৰকৃতি শিৱিৰ আয়োজন কৰা হয়৷
বিগত তেৰটা বছৰেই কাজিৰঙাৰ কাষৰীয় গাওঁৰ পাচ শতাধিক ছাত্ৰ ছাত্ৰী এই শিৱিৰৰ দ্বাৰা উপকৃত হৈছে৷ এয়োদশ বাৰ্ষিক এই আৱাসিক প্ৰকৃতি শিৱিৰৰ সমাৱৰ্তন সমাৰোহত উপস্থিত থাকি এনেবোৰ অনুষ্ঠানৰ জড়িয়তে কাজিৰঙাৰ লগত একাত্মক হৈ সংৰক্ষণৰ বাবে কাম কৰিবলৈ ছাত্ৰ ছাত্ৰী সকলক আহ্বান জনায় মন্ত্ৰী কেশৱ মহন্তই৷ সমাৱৰ্তন সমাৰোহত শিৱিৰত অংশগ্ৰহন কৰা ছাত্ৰ ছাত্ৰী সকলক মান পত্ৰ আৰু উপহাৰ প্ৰদান কৰা হয় ৷
অনুষ্ঠানতে ২০১৯ বৰ্ষত অনুষ্ঠিত শিৱিৰত অংশ গ্ৰহনকাৰী কাজিৰঙাৰ মৃদুস্মিতা গগৈৰ কন্ঠত বনীবদ্ধ কৰা কাজিৰঙা শীৰ্ষক গীতটো আনুষ্ঠানিক ভাৱে উন্মোচন কৰা লগতে ইউ টিউবৰ জড়িয়তে জনসাধাৰণৰ বাবে মুকলি কৰি দিয়ে মন্ত্ৰী কেশৱ মহন্তই৷ ইফালে ১৯ ফেব্ৰুৱাৰীৰ বিয়লিৰ উদ্বোধনী অনুষ্ঠানত সঞ্চালক পি শিৱ কুমাৰৰ লগতে পুৱ অসম বন্যপ্ৰাণী সংমণ্ডলৰ ডি এফ অ’ ৰমেশ কুমাৰ গগৈ , সহকাৰী বন সংৰক্ষক ঋৃতু পৱন বৰা , কলিয়াবৰ মহকুমাৰ প্ৰশাসনিক বিষয়া অমৰজ্যোতি নাথ , ঋৃতু পল্লৱ বৰুৱা, কাজিৰঙা আঞ্চলিক সাংবাদিক সন্থাৰ সভাপতি স্বপন নাথ , কলিয়াবৰ প্ৰেছ ক্লাৱৰ সভাপতি নৃপেন কেওঁট , বনাঞ্চলিক বিষয়া পঙ্কজ বৰা , চেলিম আহমেদ , আৰণ্যকৰ ড৹ বিভূতি প্ৰসাদ লহকৰ , কৰবেট ফাউণ্ডেচনৰ উপ সঞ্চালক ডা৹ নবীন পাণ্ডে আৰু প্ৰকৃতি শিক্ষণ কেন্দ্ৰৰ ড৹ বনশ্ৰী শৰ্মা উপস্থিত থাকে৷













