ASSAM TIMES POST
বোকাখাত : অাজি ২৩ ফেব্ৰুৱাৰী তাৰিখে প্ৰয়াস কাব্যকানন, বোকাখাতৰ আতিথ্যত “অসম আবৃত্তি মঞ্চ“ৰ চতুৰ্থ বাৰ্ষিক অধিবেশনখন বোকাখাত জাতীয় বিদ্যালয় প্ৰাংগনত দিন জোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় ৷ পুৱাৰ “অসম আবৃত্তি মঞ্চ“ৰ কাৰ্যকৰী সমিতিৰ এখন বিশেষ বৈঠক মঞ্চৰ সভাপতি, আবৃত্তি প্ৰাণ , অসম চৰকাৰৰ সাহিত্যিক পেন্সনাৰ শান্তিছায়া শইকীয়াৰ পৌৰহিত্যত অনুষ্ঠিত হয় ৷
ইয়াৰ পিছতে মূল অধিবেশনৰ বন্তি প্ৰজ্বলন কৰে বিশিষ্ট কবি সাহিত্যিক বোকাখাতৰ নিজৰা বৰঠাকুৰে ৷ “পৰিবেশ্য কলা আবৃত্তি“ গ্ৰন্থৰ ৰচক, প্ৰয়াস কাব্য কানন বোকাখাতৰ সঞ্চালিকা ড০ গায়ত্ৰী বৰা কাকতিয়ে আঁত ধৰা আজিৰ অনুষ্ঠানত অসমৰ বিভিন্ন স্থানৰ পৰা অহা আবৃত্তি মঞ্চৰ কাৰ্যবাহী সদস্য আৰু কেন্দ্ৰ প্ৰমুখ সকলক চিনাকি কৰি সম্বৰ্ধনা জনোৱা হয় ৷

অনুষ্ঠানত অসম আবৃত্তি মঞ্চৰ তৰফৰ পৰা আবৃত্তিৰ শিক্ষক, আবৃত্তি সংগঠক, ‘প্ৰয়োগ শিল্প আবৃত্তি‘, ‘আবৃত্তি শিকো আহা‘ আদি কেইবাখনো গ্ৰন্থৰ লিখক গোলাপ চন্দ্ৰ বৰাৰ পত্নী খগমাই বৰাক সম্বৰ্ধনা জনোৱা হয় ৷ অধিবেশনৰ মঞ্চ উন্মোচন কৰে বোকাখাত জে,ডি,এচ,জি,মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহযোগী অধ্যাপক, সুলেখিকা ড০ ৰূবী বৰাই ৷ আবৃত্তি মঞ্চৰ সহকাৰী সম্পাদক প্ৰণৱ কুমাৰ বৰপাত্ৰগোহাঞিয়ে উদ্দেশ্য ব্যাখ্যা কৰে ৷
ইয়াৰ পিচতে অসমৰ বিভিন্ন স্হানৰ কেইবাখনো আবৃত্তি বিদ্যালয়ৰ শিশুসকল আৰু মহিলা সকলৰ দলীয় আলেখ্য, কেইবাজনো আবৃত্তিকাৰৰ একক প্ৰদৰ্শনৰ ছন্দোবদ্ধ আবৃত্তি প্ৰদৰ্শন কৰে ৷ অসমৰ প্ৰতিস্থিত কবি অজিত গগৈয়ে আবৃত্তিমঞ্চৰ ৫ম সংখ্যক বাৰ্তালোচনী “আবৃত্তি বাৰ্তা“ খন উন্মোচন কৰে ৷ আবৃত্তি বাৰ্তাৰ সম্পাদক জিতুমণি শইকীয়া আৰু কৈশৱ প্ৰতিম বৰুৱা ৷ নিজৰ ভাষণত কবি অজিত গগৈ কয় যে এনে অনুষ্ঠানে শব্দালংকাৰ, প্ৰতীক, ব্যঞ্জনা আদিৰ দৰে আপাততঃ কঠিন ধাৰণাবোৰৰ লগত শিশু আৰু প্ৰাপ্তবয়স্ক সকলোকে উপকৃত কৰিব ৷
সংকতপূৰ্ণ অসমীয়া জাতিক এনে ধৰণৰ অনুষ্ঠানে সংকতমুক্ত কৰি আগবঢ়ায় লৈ যাব পাৰিব বুলি কবি গৰাকীয়ে প্ৰত্যয়েৰে কয় ৷ অনুষ্ঠানত লিখক কল্পনা চেতিয়া, তেজপুৰৰ আবৃত্তিকাৰ অৰুন্ধতি পদ্মাপতিয়ে নিজৰ ভাৱ প্ৰকাশ কৰে ৷ অনুষ্ঠানৰ শেষত সমীৰ তাতীৰ এটা কবিতা আবৃত্তিৰে শান্তিচায়া শইকীয়াই সভাপতিৰ বক্তব্য আগবঢ়ায় ৷ অনুষ্ঠানত শান্তিছায়া শইকীয়া আৰু অৰুন্ধতী পদ্মপতিয়ে দ্বৈতভাৱে , যোৰহাটৰ বিভিন্ন কাব্য কাননৰ আবৃত্তিকাৰ সকলে এটা কবিতা দলীয়ভাবে আবৃত্তি কৰে ৷
উল্লেখ্য যে ২০১৬ চনৰ ৭ ফেব্ৰুৱাৰী তাৰিখে “অসম আবৃত্তি মঞ্চ“ৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হয়, যোৰহাটত । অসমৰ সমূহ আবৃত্তি শিল্পী, আবৃত্তি প্ৰশিক্ষক, আবৃত্তিকৰ্মী,আবৃত্তিপ্ৰেমী, আবৃত্তি গৱেষক, সমালোচক একত্ৰিত হোৱাৰ মানসেৰে, আবৃত্তি শিল্পৰ সমান্তৰালকৈ অসমীয়া ভাষাৰ চৰ্চা কৰাৰ উদ্দেশ্যেৰে গঠন কৰা হয় এই অনুষ্ঠান । আবৃত্তিকাৰ, সাহিত্যিক পেঞ্চনাৰ শান্তিছায়া শইকীয়াৰ নেতৃত্বত গঢ় লৈ উঠা এই অনুষ্ঠানত অসমৰ বিভিন্নজনে সহযোগিতা আগবঢ়োৱাৰ লগতে সক্ৰিয় ভূমিকা পালন কৰি আহিছে ।

অসমৰ ডেৰকুৰি খনৰো অধিক পাঠ্যক্ৰম ভিত্তিক আবৃত্তি বিদ্যালয়ৰ প্ৰশিক্ষক আৰু শিক্ষাৰ্থী সকলৰ উপস্হিতি আৰু অংশগ্ৰহণেৰে আৰম্ভ হোৱা আবৃত্তি মঞ্চই ইতিমধ্যে ৪ বছৰ অতিক্ৰম কৰিছে ৷ অনুষ্ঠানত শলাগৰ শৰাই আগবঢ়ায় অসম আবৃত্তি মঞ্চৰ সম্পাদক ৰাজীৱ বল্লভ গোস্বামীয়ে ৷ অসম সংগীত অ’ মোৰ আপোনাৰ দেশেৰে অনুষ্ঠান সামৰণি পৰে ৷ আজিৰ অনুষ্ঠানৰ সফল সমাপ্তিত প্ৰয়াস কাব্য কানন, বোকাখাতৰ সঞ্চালিকা ড০ গায়ত্ৰী বৰা কাকতি আৰু কেন্দ্ৰ ব্যৱস্হাপক ইনজু আহমেদে সকলোকে ধন্যবাদ জনাইছে ৷













