ASSAM TIMES POST
বিজেপিৰ উন্নয়নক কোনেও প্ৰতিৰোধ কৰিব নোৱাৰে:মুখ্যমন্ত্ৰী সোণোৱাল
বিভাস দুৱৰা,ডিব্ৰুগড় : সংকল্প যাত্ৰাক কোনো ৰুধ কৰিব নোৱাৰে।অসমখন বিশৃংখল কৰিব কাৰণে একাংশই বিভ্ৰান্তি সৃষ্টি কৰি উন্নয়ন স্থবিৰ কৰিব বিছাৰিছে।মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে ডিব্ৰুগড়ৰ সংকল্প সমাৰোহত অংশগ্ৰহণ কৰি এনেদৰে মন্তব্য কৰে।ডিব্ৰুগড়ৰ খনিকৰত অনুষ্ঠিত হোৱা বিশাল সংকল্প সমাৰোহত অংশগ্ৰহণ কৰি কা বিৰুধী আন্দোলন কাৰী সকলক কঠোৰ সমালোচনা কৰি চৰকাৰৰ বিভিন্ন আচনিৰ সন্দৰ্ভত বক্তব্য ৰাখে।আমাৰ জাতি, আমাৰ মাটি, আমাৰ ভাষা -সংস্কৃতি সদায় অটুট থাকিব বুলি মুখ্যমন্ত্ৰীয়ে পুণৰ বাৰ সোৱৰে।

উজনিৰ ২৩ টা বিধান সভাক সাঙুৰি ডিব্ৰুগড়ত অনুষ্ঠিত হৈছিল বিজেপিৰ অন্তিম খন সংকল্প সমাৰোহ।ডিব্ৰুগড়ৰ খনিকৰত শাসকীয় দলটোৰ অন্তিম খন সংকল্প সমাৰোহত সমবেত হয় প্ৰায় লক্ষ্যাধিক লোকৰ। যোৰহাট, শিৱসাগৰ,চৰাইদেউ, তিনিচুকীয়া,ধেমাজি আৰু লক্ষীমপুৰৰ পৰাও অংশগ্ৰহণ কৰে বিজেপিৰ কৰ্মী-সৰ্মথক সকল।মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা,বিজেপিৰ সভাপতি ৰঞ্জিত দাস,কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী,মন্ত্ৰী নৱ কুমাৰ দলে,অগপৰ সভাপতি তথা মন্ত্ৰী অতুল বৰা,মন্ত্ৰী কেশৱ মহন্ত,সাংসদ তপন গগৈ, কামাখ্যা প্ৰসাদ তাছা,প্ৰদান বৰুৱাকে ধৰি কেউখন জিলাৰ বিধায়ক সকলে অংশগ্ৰহণ কৰে।নাগৰিকত্ব সংশোধনী বিধেয়ক আইনৰ বিৰুদ্ধে ৰাজ্যজুৰি তীব্ৰ প্ৰতিবাদৰ পাছৰে পৰা বিজেপিয়ে শান্তি সমদল,শান্তি সমাৰোহ,সংকল্প যাত্ৰা আদি বিভিন্ন নামেৰে কা সৰ্মথনত নলবাৰী জিলাৰ পৰা আৰম্ভ কৰিছিল বিশাল সমাৰোহ।মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰি

একাংশই দিনত আন্দোলন কৰে,ৰাতি চান্দা তোলে বুলি সমালোচনা কৰে কা বিৰুধী সকলক।আন্দোলনে অসমক কেতিয়াও আগুৱাই নিব নোৱাৰে।জুবিনকো সমালোচনা হিমন্তৰ।পুনৰ ১০০টা আসনেৰে পুনৰ চৰকাৰ গঠন কৰিব চাৰি বছৰত যিমান কাম কৰিলে তাতকৈ দুগুণ কাম এবছৰত কৰাৰ সংকল্প বিজেপিৰ বুলি হিমন্ত ই ভাষণ প্ৰসংগত কয়।আনহাতে নলবাৰী, শুৱালকুচি, জাগিৰোড,ধেমাজি, বোকাখাতৰ সমাৰোহত কৈ ডিব্ৰুগড়ত অভিলেখ সংখ্যক লোকৰ সমাগম হোৱা বুলি উল্লেখ কৰছ তেওঁ।
অৱশ্যে আজি ডিব্ৰুগড়ত ব্যাপক নিৰাপত্তা বেষ্টনিৰ মাজত অন্তিমখন সমাৰোহ অনুষ্ঠিত হয়।বিশেষকৈ কা বিৰুদ্ধে উজনিত ব্যাপক প্ৰতিবাদ অব্যাহত ৰখাৰ লগতে মুখ্যমন্ত্ৰীয়ে নিজৰ গৃহ নগৰত সংকল্প সমাৰোহ অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল।যাৰ বাবে ডিব্ৰুগড়ত অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধানকে ধৰি উচ্চ পদস্ত আৰক্ষী বিষয়া সকল বাহৰ পাতি থকাৰ লগতে ব্যাপক ধৰনে নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিছিল।













