ASSAM TIMES POST
নগাঁও : কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নগাঁও জিলা সমিতিৰ উদ্যোগত নাগৰিকত্ব সংশোধনী আইন চমুকৈ ‘কা’ বাতিল আৰু অখিল গগৈকে ধৰি কাৰাৰুদ্ধ হৈ থকা প্ৰতিবাদকাৰীক মুক্তিৰ দাবীত প্ৰতিবাদী গণ সভা অনুষ্ঠিত হয়।অঞ্চলটোৰ কেইবা সহস্ৰাধিক ৰাইজে অংশগ্ৰহণ কৰা সভাখনত অংশগ্ৰহন কৰি শিল্পী মহেন্দ্ৰ হাজৰিকাই কয় যে অসমৰ ৰাইজে সংগ্ৰাম নকৰিলে একোৱেই নাপায়।অতীজৰে পৰা অসমৰ জাতি-জনগোষ্ঠীয়ে নায্য প্ৰাপ্যৰ দাবীত আন্দোলন কৰিবলগীয়া হৈছে।
অসমে আজিলৈকে যি পাইছে সেইয়া শ্বহীদৰ কেঁচা তেজৰ বিনিময়তহে লাভ কৰিছে।তেওঁ লগতে কয় যে-ৰাজনীতিয়ে বিভেদ সৃষ্টি কৰে।সম্প্ৰীতিৰ বান্ধোন যেতিয়ালৈকে থাকিব, তেতিয়ালৈকে কোনো ৰাজনৈতিক শক্তিয়ে অসমীয়া জাতিক ধৰ্মৰ নামত বিভাজিত কৰিব নোৱাৰে।শিল্পী মহেন্দ্ৰ হাজৰিকাই ‘শ্বহীদ প্ৰণামো তোমাক’, ‘আহ আহ ওলাই আহ সজাগ জনতা’ আদিকে ধৰি কেইবাটাও সংগ্ৰামী গীত পৰিবেশন কৰে।কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নগাঁও জিলা সমিতিৰ সম্পাদক জীতেন বৰাই আঁত ধৰা সভাখনত সংগ্ৰামী নেত্ৰী মীৰা বৰঠাকুৰে কয় যে বিজেপি চৰকাৰখন দৰিদ্ৰতা আতৰোৱাৰ চৰকাৰ নহয়,দৰিদ্ৰক লুণ্ঠন কৰা চৰকাৰহে।
এইখন বেপাৰী চৰকাৰ।আম্বানী, আদানীৰ দৰে পুঁঁজিপতিৰ চৰকাৰ।ভূতপূৰ্ব প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী থকালৈকে বিজেপি চৰকাৰখন গণতান্ত্ৰিক চৰকাৰ আছিল।নৰেন্দ্ৰ মোদী অহাৰ পৰা ভ্ৰষ্টাচাৰী চৰকাৰত পৰিণত হ’ল।অসমৰ মূখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু বিত্ত মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাকো সমালোচনা কৰি বৰঠাকুৰে কয় যে- সৰ্বানন্দ-হিমন্তই অসমীয়া জাতিটোক দিল্লীৰ ওচৰত বন্ধকত থব বিচাৰিছে।
২০২১ চনত আমি জাতি-ভাষাৰ স্বাৰ্থত একগোটহৈ বিজেপিক উৎখাৎ কৰিব লাগিব।পথাৰ-বজাৰ আমি দখল কৰিব লাগিব।নহলে বিদেশী খেদা আন্দোলন সফল নহব। ইপিনে সদৌ অসম ছাত্র সন্থাৰ একাংশ প্ৰাক্তন নেতাক সমালোচনা কৰি তেওঁ কয় যে-আছুৰ পৰা ৰাজনৈতিক ক্ষেত্ৰখনলৈ যোৱা প্ৰায়সকল নেতাই জাতিটোক বিশ্বাসঘাটকতা কৰিছে। সৰ্বানন্দ সোনোৱাল, তপন গগৈ,অতুল বৰা,কেশৱ মহন্ত আদি জাতিৰ বিশ্বাসঘাটকৰ এনে উদাহৰণ।কংগ্ৰেছে ৬০ বছৰত কৰা দুৰ্নীতিৰ তুলনাত বিজেপিয়ে ৫ বছৰতে গঢ়িছে।সভাত আনন্দ ৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক তথা সমাজবাদী নেতা অমৰেন্দ্ৰ শৰ্মাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহক ফাঁকিবাজ আখ্যা দি কয় যে-তেওঁলোক আৰ এচ এচৰ বহতীয়া।
অসমৰো মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু বিত্ত মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মা আদিয়ে জাতিটোক বিশ্বাসঘাটকতা কৰি অসম চুক্তিক নস্যাৎ কৰিছে।নগাঁও কাগজ কল আৰু কাছাৰ কাগজকলক জীৱিত কৰাৰ বিপৰীতে এওঁলোকে ধ্বংসহে কৰিছে।নগাঁও প্ৰেছ ক্লাৱৰ সাধাৰণ সম্পাদক সাংবাদিক চন্দনজ্যোতি বৰাই বিজেপিয়ে ‘কা’ বিৰোধী আন্দোলনখন ধ্বংস কৰিবলৈ বিভাজন,প্ৰলোভন আৰু দমনৰ ৰাজনীতি আৰম্ভ কৰা বুলি উল্লেখ কৰি লগতে কয় যে ইয়াৰ বিৰুদ্ধে আমি সকলো দল-সংগঠন,ব্যক্তি একত্ৰিতহৈ শক্তিশালী প্ৰতিৰোধ সংগ্ৰাম গঢ়ি তুলিব লাগিব।
সভাত কবি বুবুল শৰ্মাই কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবী জনাই এটা স্বৰচিত কবিতা আবৃত্তি কৰে।সভাত কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ নেতা প্ৰাঞ্জল কলিতা, নিৱন্ধকাৰ তথা অধিবক্তা কিশোৰ কলিতা, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নগাঁও জিলা সমিতিৰ উপদেষ্টা ডাঃ ৰিয়াজ উদ্দিন আহমেদে ভাষন প্ৰদান কৰি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মুখ্য উপদেষ্টা অখিল গগৈকে ধৰি ‘কা’ বিৰোধী আন্দোলনত গ্ৰেপ্তাৰ হোৱা সংগ্ৰামী নেতাসকলৰ মুক্তিৰ দাবী জনায়।













