ASSAM TIMES POST
নগাঁও : নগাঁও চহৰৰ হয়বৰগাঁৱৰ মৰিগাঁও বাছ আস্থানৰ সমীপৰ এখন কম্পিউটাৰ ব্যৱসায়িক প্ৰতিষ্ঠানত আজি দিন দূপৰতে হোৱা এক চুৰিকাণ্ডৰ মুল অভিযুক্তক চি চি টি ভি ফুটেজৰ জৰিয়তে ৰাইজে কৰায়ত্ত কৰিবলৈ সক্ষম হয়।
জানিব পৰা মতে, কম্পিউটাৰ ছলিউশ্বন নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানখনৰ স্বত্বাধিকাৰীজন আজি পুৱা ভাগত বাহিৰলৈ ওলাই যোৱাৰ সুযোগ বুজি এজন যুৱক দোকানখনত প্ৰৱেশ কৰি এটা কম্পিউটাৰ ছেটসহ আন কেতবোৰ সামগ্ৰী লৈ উধাও হয়। এই সমগ্ৰ দৃশ্য চি চি টি ভি কেমেৰাত বন্দী হয় আৰু ইয়াৰ ফুটেজ চাই দোকানখনৰ স্বত্বাধিকাৰী অহিদুল মোল্লাই ৰাইজৰ সহযোগত অভিযান চলাই আজি দুপৰীয়া ভাগত নগাঁও চহৰখৰৰ খৃষ্টানপট্টিৰ পৰা ৰাণা ঘোষ নামৰ এজন যুৱকক আটক কৰি স্থানীয় হয়বৰগাঁও আৰক্ষীক গতাই দিয়ে।
পিছত আৰক্ষীয়ে ধৃত যুৱকজনক জেৰা চলাই তেওঁৰ তেলিয়াগাঁৱস্থ ঘৰৰ পৰা কম্পিউটাৰ ছেটসহ আন কেতবোৰ চুৰি সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হয়। ইতিমধ্যে ঘটনা সন্দৰ্ভত দোকানখনৰ গৰাকীজনে হয়বৰগাঁও আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰিছে। ধৃত যুৱকজনক আৰক্ষীয়ে অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে।













