ASSAM TIMES POST
নিউজ ডেস্ক
গুৱাহাটীত চলাচল কৰা ৰেপি’ড বাইক সেৱা কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগে বন্ধ কৰাৰ প্ৰতিবাদত দেওবাৰে গুৱাহাটী বৃহৎ প্ৰতিবাদী ৰেলি।বাইক কোম্পানীতো প্ৰায় ১৭হাজাৰ চালকে চান্দমাৰী অসম অভিযান্ত্ৰিক খেল পথাৰত সাৱ্যস্ত কৰে বৃহৎ প্ৰতিবাদ।উল্লেখ যে শনিবাৰে জিলা প্ৰশাসনে ৰেপিড বাইক সেৱা নিষিদ্ধ কৰি ছিল কৰিছিল কাৰ্যালয়।জিলা পৰিবহণ বিভাগৰ এই সিদ্ধান্ত বিৰুদ্ধে প্ৰতিবাদত উত্তাল কৰি তোলে ৰাজপথ।
“নিবনুৱা সংস্থাপন দিব নোৱাৰা চৰকাৰে কৰি থকা কামটো বন্ধ কৰি আমাৰ পেটত গোৰ মাৰিছে”- এজন ছালকৰ ভাষ্য।আনহাতে পৰিবহণ বিভাগে অনুজ্ঞাপত্ৰ নথকাৰ বাবে বন্ধ কৰাৰ বুলি কোৱা প্ৰসঙ্গক উল্লেখ কৰি বাইক চালক সকলে কয় “প্ৰতিটো ভাড়া বিনিময়ত আমি জিএছটি দি আছোঁ।যদি আমাৰ অনুজ্ঞাপত্ৰ নাই তেন্তে চৰকাৰে কিয় জিএছটি লৈছে”।
ইফালে চালক সকলে চান্দমাৰীত প্ৰতিবাদ সাব্যস্ত কৰি তেওঁলোকে বাইক ৰেলী কৰি সমগ্ৰ বিষয়টোত শিল্পী জুবিন গাৰ্গৰ সহায় বিচাৰি খাৰঘুলিলৈ যায়।কিন্তু নিজৰ কামতৰ ব্যস্ত থকা বাবে খাৰঘুলিত তেওঁলোকে আজি সাক্ষাৎ নাপালে।কিন্তু তেওঁলোকে শিল্পী গৰাকীৰ সৈতে যোগাযোগ কৰে আৰু অহা ৫মাৰ্চত তেওঁ লোকৰ সৈতে এক বৈঠকত মিলিত হব বুলি আশ্বাস প্ৰদান কৰে।













