ASSAM TIMES POST
বোকাখাত : অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ বােকাখাত আঞ্চলিক সমিতিৰ উদ্যোগত বােকাখাত হিন্দী হাইস্কুলত যোৱা ২৩ ফেব্ৰুৱাৰীত অনুষ্ঠিত কা-বিৰােধী প্রতিবাদৰ প্রতিকৃতিৰ ছবি অঁকা প্রতিযােগিতা অনুষ্ঠিত হয়।
প্ৰতিযোগিতাৰ ক’ শাখাৰ বিজয়ী সকলৰ নাম সমূহ প্রথম স্থান অপৰাজিতা বৰা (শংকৰদেৱ শিশু নিকেতন, বােকাখাত), দ্বিতীয় স্থান ৰবিনা বেগম (খ্রীষ্টজ্যোতি হাই স্কুল, বােকাখাত), তৃতীয় স্থান দেৱলিনা শর্মা (খ্রীষ্টজ্যোতি হাই স্কুল, বােকাখাত), উদগণিমূলক বঁটা লাভ কৰিছে স্বস্তিকা গগৈ (খ্রীষ্টজ্যোতি হাইস্কুল, বােকাখাত), আৰু আস্তিকা কৌশিক (বিবেকানন্দ বিদ্যালয়, বােকাখাত)। ‘খ’ শাখাৰ প্রথম স্থান পল্লৱজ্যোতি মেধী (কুৰুৱাবাহী উচ্চতৰ মাধ্যমিক বিদ্যালয়), দ্বিতীয় স্থান আয়ুষ্মন ফাংচ (বােকাখাত টাউন হাই স্কুল), তৃতীয় স্থান অনামিকা বৰা (আর্যভট্ট বিদ্যাপীঠ) লাভ কৰিছে। ‘গ’ শাখাৰ প্রথম স্থান মিনাফ ৰুবুল দলে (কাজিৰঙা মডার্ণ স্কুল, বােকাখাত), দ্বিতীয় স্থান ৰিছা হাজৰিকা (জে.ডি.এছ.জি. মহাবিদ্যালয়, বােকাখাত), তৃতীয় স্থান যুটীয়া ভাৱে মণিকল্পিতা পৰাশৰ (কমাৰগাঁও মহাবিদ্যালয়), ঈশান গগৈ, ৰজাবাৰী উচ্চ মাধ্যমিক বিদ্যালয়), উদগণিমূলক বঁটা মাধুৰ্য্য দত্ত (কুৰুৱাবাহী উচ্চতম মাধ্যমিক বিদ্যালয়)।
অনুষ্ঠানৰ আৰম্ভণিতে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ হাইলাকান্দি জিলা সমিতিৰ সভাপতি খলিল আহমেদ বৰভূঞাৰ যােৱা ২২ তাৰিখে নিশা মৃত্যু হােৱাত এক মিনিট মৌন প্রার্থনা জনাই । জয়সূৰ্য্য চিত্রকলা বিদ্যালয়ৰ অধ্যক্ষ বিজয় তাতীয়ে অনুষ্ঠানটো উদ্বোধন কৰে। অনুষ্ঠানটিত চিত্রকলা বিদ্যালয়ৰ মধুস্মিতা মহন্ত, নন্দেশ্বৰ কুটুম আদিয়ে সহযােগিতা আগবঢ়াই।
বিচাৰক হিচাপে গৌতম বৰা আৰু দ্বিজেন নাথে দায়িত্ব পালন কৰে। অনুষ্ঠানটিৰ আঁতধৰে অঃজাঃযুঃছাঃপ’ৰ বােকাখাত আঞ্চলিক সমিতিৰ সভাপতি বিকু প্রধান আৰু ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক ৰচিদুল হকে। বিজয়ী সকলক বঁটা সমূহ অহা ১ মাৰ্চত বােকাখাত হিন্দী হাইস্কুলৰ জয়সূর্য চিত্রকলা বিদ্যালয়ত দিনৰ ১১ বজাত প্ৰদান কৰা হব।













