মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ শূণ্য সহনশীলতা বৰঘৰত দূৰ্নীতি।দুটা বৃত্ত বর্ষত ৪৫কোটি ৩৬ লাখ টকা মন্ত্ৰী ৰঞ্জিত দাসৰ চৰ উন্নয়ন সঞ্চালকালয়ত দুৰ্নীতি গুৰুত্ব অভিযোগ উত্তৰ-পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ নেমচু ।সংগঠন টোৱে প্ৰকাশ কৰা অনুসৰি ২০১৭-১৮ আৰু ২০১৮-১৯ বিত্ত বৰ্ষত ক্ৰমে ২১কোটি ৬০লাখ আৰু ২৩কোটি ৭৬ লাখ টকা মন্ত্ৰী দত্ত চৰ উন্নয়ন সঞ্চালকা লয়ে আৱন্টন দিছিল ৷
সেই অনুসৰি ২০১৭-১৮ আৱন্টিত পূজিৰে চৰৰ ৰাইজৰ উন্নয়নৰ বাবে ১৪৭৯ টা তাৰা হেণ্ড পাম্প আৱন্টন দি তাৰে ৭৬৩টা বিতৰণ, ৩৬৮৬টা চলা গৃহচাকি আৱন্টন দি ১৫৩০টা বিতৰন আৰু ৫৬১খন ই-ৰিস্কা আৱন্টন দি ৯০ খন বিতৰন কৰা বুলি তথ্য জনাৰ অধিকাৰত সংগঠনটোৱে বিভাগৰ পৰা লাভ কৰিছে।এই কথা জনায় সোমবাৰে দিছপুৰৰ প্ৰেছক্লাৱত এক সংবাদমেল সম্বোধন কৰে নেমছু সভাপতি বদৰুল ইছলামে।তেও লগতে প্ৰকাশ কৰে ২০১৮-১৯ বিত্তবৰ্ষত বিভাগটোৱে চৰ ৰাইজৰ উন্নয়নৰ বাবে আৱন্টন দিয়া নিৰ্ধাৰিত পূজিৰে ১২,০০০খন চাইকেল ৩২৫০টা চিলাই মেচিন,৪৭৩৪টা সৌৰ চাকি, ১৪৭০টা হেণ্ডপাম্প আৰু ১৬৮৩৫টা ছাতি বিতৰন কৰা তথ্য সংগঠটোৱে আৰটিআই জৰিয়তে লাভ কৰিছে।
সেই তথ্য লাভ কৰাৰ পিছতে সংগঠনটোৱে বিভাগে যোগান ধৰা আৰটিআই তথ্য ভিত্তিত বিতৰন কৰা সমগ্ৰী সমূহৰ বিপৰিতে হিতাধিকাৰীৰ নাম ঠিকনা জনাবলৈ বিভাগক পুনৰ আৱেদন কৰাত বিভাগে সেই তথ্য সংগঠনটোক যোগান ধৰিব নোৱাৰিলে।ইতিমধ্যে দুবাৰ কৈ আবেদন কৰি হিতাধিকাৰীৰ তালিকা লাভ নকৰাত সংগঠনটোৱে সন্দেহ প্ৰকাশ কৰিছে শূন্য সহনশীলতাৰ কথা কোৱা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ দিনত মন্ত্ৰী ৰঞ্জিত দত্ত চৰ উন্নয়ন সঞ্চালকালয়ত সংঘটিত হৈছে ৪৫কোটি ৩৬লাখ টকা আত্মসাৎ।এই গুৰুত্বৰ অভিযোগ ‘নেমচু’ সভাপতি ইছলামৰ ৷
ইফালে সমগ্ৰ ঘটনাৰ উচ্চস্তৰীয় তদন্ত দাবী কৰি সংগঠনটোৱে আজিয়েই দূৰ্নীতি নিবাৰক শাখাত বিভাগৰ বিৰুদ্ধে গোচৰ তৰিব বুলি সংবাদ মেলত উল্লেখ কৰে ৷উল্লেখ যে সংবাদ মেলত সংগঠনটো।সাধাৰণ সম্পাদক ৰেকিবুদ্দিন আহমেদ, সহ-সাংগঠিক আমিৰ ইছলাম উপস্থিত থাকে ৷













