
অহা ৯ এপ্ৰিল (9th April)ত এটা পৰ্যায়ত অসম, কেৰালা আৰু পুডুচেৰীত অনুষ্ঠিত হ’বলগীয়া আগন্তুক বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ (Legislative Assembly election voting)ৰ সাক্ষী হ’বলৈ (To be a witness) আহিব এটা আন্তৰাষ্ট্ৰীয় প্ৰতিনিধি দল (International delegation)। আন্তঃৰাষ্ট্ৰীয় নিৰ্বাচনী দৰ্শনাৰ্থী কাৰ্যসূচী চমুকৈ IEVP, ২০২৬ কাৰ্যসূচীৰ অধীনত ২৩ খন দেশৰ ৪৩ গৰাকী প্ৰতিনিধিয়ে এই ৰাজ্যকেইখন ভ্ৰমণ কৰিব। মঙলবাৰে নতুন দিল্লীত আইইভিপি, ২০২৬ কাৰ্যসূচী উদ্বোধন কৰি মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে কয় যে নিৰ্বাচন আয়োগে ভাৰতত নিৰ্বাচনক এক গণতন্ত্ৰৰ উৎসৱ হিচাপে গ্ৰহণ কৰে।

ইয়াৰ উপৰি প্ৰতিনিধি দলটোক এই ৰাজ্যকেইখন ভ্ৰমণ কৰি ভাৰতৰ বৈচিত্ৰ্যক জানিবলৈ, চাবলৈ আৰু অনুভৱ কৰিবলৈ আহ্বান জনায়। উল্লেখ্য যে প্ৰতিনিধি দলটোৱে ৮-৯ এপ্ৰিলত অসম, কেৰালা আৰু পুডুচেৰী ভ্ৰমণ কৰাৰ পিছত দ্বিতীয় পৰ্যায়ত ২০ এপ্ৰিলৰ পৰা পশ্চিমবংগ আৰু তামিলনাডু ভ্ৰমণ কৰিব।













