ASSAM TIMES POST
নগাঁও : নগাঁও চহৰৰ হয়বৰগাঁৱৰ মৰিগাঁও বাছ আস্থানৰ সমীপৰ এখন কম্পিউটাৰ দোকানত কালি দিন দুপৰতে সংঘটিত এক চুৰিকাণ্ডৰ মুল অভিযুক্ত ৰাণা ঘোষৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে আৰু তিনিটা চোৰক কৰায়ত্ত কৰিবলৈ সক্ষম হয়।
ধৃত ৰাণা ঘোষক নিশা চলোৱা জেৰাৰ ভিত্তিত নগাঁও চহৰৰ বিভিন্ন স্থানৰ পৰা হয়বৰগাঁও আৰক্ষীয়ে উত্তম শ্বাহ, অভিজিৎ সৰকাৰ আৰু কৃষ্ণ দাসক কৰায়ত্ত কৰে। আৰক্ষীয়ে তেওঁলোকৰ পৰা ভেকুৱাম, প্ৰিন্টাৰ মেচিন সহ কেতবোৰ চুৰি সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হয়। আৰক্ষী সূত্রৰ পৰা জানিব পৰা মতে, ধৃত চোৰকেইটাই নগাঁও চহৰৰ বিভিন্ন স্থানত চুৰি কাৰ্য সংঘটিত কৰি ত্ৰাসৰ সৃষ্টি কৰি আহিছিল।

উল্লেখ্য যে, কালি হয়বৰগাঁৱৰ কম্পিউটাৰ ছলিউশ্বন নামৰ এখন ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা ধৃত ৰাণা ঘোষে কম্পিউটাৰ ছেটসহ কেতবোৰ সামগ্ৰী চুৰি কৰিছিল। চুৰি কাণ্ডৰ এই সমগ্ৰ দৃশ্য চি চি টি ভি কেমাৰত বন্দী হৈছিল আৰু চি চি টি ভিৰ ফুটেজ চাই দোকানখনৰ গৰাকীয়ে ৰাইজৰ সহযোগত ৰাণা ঘোষক কৰায়ত্ত কৰি আৰক্ষীক চমজাই দিছিল। আৰক্ষীয়ে তেওঁৰ স্বাকাৰোক্তিৰ ভিত্তিত কালি নিশা অভিযান চলাই বাকী চোৰ কেইটাক গ্ৰেপ্তাৰ কৰে।













