ASSAM TIMES POST
অজন্তা তালুকদাৰ, বোকাখাত : বোকাখাতৰ অন্যতম সাংস্কৃতিক অনুষ্ঠান বোকাখাত সাংস্কৃতিক মঞ্চ আৰু বোকাখাত নগৰ মইনা পাৰিজাতৰ উদ্যোগত অসমীয়া চিৰসেউজ আধুনিক গীতৰ কৰ্মশালাৰ যোৱা ২৩ ফেব্ৰুৱাৰীত সামৰণী পৰে। ১৬ ফেব্ৰুৱাৰীৰ পৰা ২৩ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হোৱা কৰ্মশালাৰ সামৰণি অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰে অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱা, বোকাখাত সাংস্কৃতিক মঞ্চ আৰু বোকাখাত নগৰ মইনা পাৰিজাতৰ সভাপতি দুলাল ডেকা, সমাজকৰ্মী মনোৰঞ্জন সেন, বিশিষ্ট গীতিকাৰ সাংস্কৃতিককৰ্মী শৰৎ ৰঞ্জন শৰ্মা, আৰু বোকাখাত মহকুমা কবি সন্মিলনৰ সভাপতি অমৰ শৰ্মা আৰু ধীৰেন গন্ধীয়াই ।
কেওগৰাকী ব্যক্তিয়ে শুভেচ্ছা মূলক বক্তব্য ৰাখে। কৰ্মশালাৰ সংগীত প্ৰশিক্ষক হিচাপে অংশ গ্ৰহণ কৰা ডঃ বৰ্ণালী বৰুৱা, অতুল বেজবৰুৱা, পৰীস্মিতা শৰ্মা, আৰু অনুৰাগ শংকৰক সম্বৰ্ধনা জনোৱা হয়। বোকাখাত নগৰ মইনা পাৰিজাতৰ সম্পাদিকা নমিতা বৰাই আঁত ধৰা সভাত প্ৰশিক্ষাৰ্থী সকলক মানপত্ৰৰে উদগনি জনোৱা হয়।
বোকাখাতৰ প্ৰায় শতাধিক ছাত্র ছাত্ৰীয়ে প্ৰশিক্ষণ গ্ৰহণ কৰা কৰ্মশালাত বোকাখাত নগৰ মইনা পাৰিজাতৰ সম্পাদিকা নমিতা বৰা, অশোক হাজৰিকা মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষয়িত্ৰীদ্বয় ক্ৰমে লক্ষ্মী দেৱী আৰু দীপিকা ফুকন, সাংস্কৃতিক কৰ্মী ক্ৰমে ইলি বৰা, কাকলি কাশ্যপ, গুণু ডেকা, ৰক্তিম ৰাজ ডেকা, পপী শইকীয়াৰ লগতে বহু সংখ্যক অভিভাৱক আৰু স্থানীয় লোক উপস্থিত থাকে। বঁটা বিতৰণৰ অন্তত প্ৰশিক্ষাৰ্থী সকলোৱে গুৰু প্ৰণাম জনায়। বোকাখাত সাংস্কৃতিক মঞ্চৰ সম্পাদক সৌৰভ হাজৰিকাই সকলোৰে শলাগ লৈ কেউটাদিনৰ সহায় সহযোগিতাৰ বাবে সকলোৰে শলাগ লৈ কৃতজ্ঞতা জ্ঞাপন কৰে ।













