
যুদ্ধৰ পৰিস্থিতিত সমগ্ৰ বিশ্বতে তীব্ৰ ইন্ধনৰ সংকটৰ সৃষ্টি হৈছে। এই অস্থিৰ পৰিৱেশত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সংযুক্ত আৰব আমিৰশ্বাহী ভ্ৰমণলৈ গৈছে।

দেশৰ বজাৰত পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধিৰ ঠিক পিছতেই মোদীৰ আবুধাবি ভ্ৰমণক ভাৰতৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ বাবে অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে।
আবুধাবিত আমিৰেটছৰ ৰাষ্ট্ৰপতি মহম্মদ বিন জায়েদ আল নাহিয়ানক মোদীয়ে সাক্ষাৎ কৰে। জানিব পৰা মতে, দুয়োখন দেশৰ মাজত বাণিজ্য, বিনিয়োগ আৰু জনসাধাৰণৰ সম্পৰ্কক লৈ তেওঁলোকৰ মাজত দীঘলীয়া আলোচনা হৈছে।
এই ভ্ৰমণৰ সময়ত এলপিজি আৰু খনিজ তেলৰ মজুত সন্দৰ্ভত দুটা গুৰুত্বপূৰ্ণ চুক্তিত উপনীত হয়। ইয়াৰ উপৰি ভাৰতৰ আন্তঃগাঁথনি আৰু বেংকিং খণ্ডত প্ৰায় ৫ বিলিয়ন ডলাৰৰ বিনিয়োগৰ কথা ঘোষণা কৰা হৈছে।
গুজৰাটৰ ভাদিনত জাহাজ মেৰামতি কেন্দ্ৰ স্থাপনৰ বাবেও দুয়োখন দেশ সহমতত উপনীত হৈছে। আমেৰিকা আৰু ইজৰাইলৰ সৈতে হোৱা যুদ্ধৰ মাজতে ইৰাণে আমিৰেটছত কৰা আক্ৰমণক তীব্ৰ গৰিহণা দিয়ে প্ৰধানমন্ত্ৰীয়ে।
বৰ্তমান ইউএই হৈছে ভাৰতৰ তৃতীয় বৃহত্তম বাণিজ্যিক অংশীদাৰ। দেশখনত প্ৰায় ৪৫ লাখ ভাৰতীয়ই কাম কৰে। স্বাভাৱিকতে মোদীৰ ভ্ৰমণৰ সময়ত তেওঁলোকৰ সা-সুবিধাৰ বিষয়টোৱেও গুৰুত্ব লাভ কৰিছে।
আনহাতে, আমেৰিকা-ইৰাণ যুদ্ধৰ প্রভাৱ এতিয়া দেশৰ সাধাৰণ মানুহৰ বাবে বোজা হৈ পৰিছে৷ সুদীৰ্ঘ চাৰি বছৰৰ অন্তত ১৫ মে’ শুকুৰবাৰৰ পৰা খুচুৰা বজাৰত প্ৰতি লিটাৰ পেট্ৰ’ল-ডিজেলৰ মূল্য বৃদ্ধি কৰিছে। একে সময়তে চিএনজিৰ মূল্যও ২ টকা বৃদ্ধি পাইছে।
বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ সূত্ৰ অনুসৰি, ইউএই ভ্ৰমণৰ পিছত প্ৰধানমন্ত্ৰী নেদাৰলেণ্ডলৈ যাব। তাৰ পৰা তেওঁৰ গন্তব্যস্থান হ’ব ছুইডেন।
ছুইডেনৰ প্ৰধানমন্ত্ৰীৰ সৈতে দ্বিপাক্ষিক বৈঠকৰ লগতে তেওঁ প্ৰথম শ্ৰেণীৰ বাণিজ্য মঞ্চতো ভাষণ দিব। ইয়াৰ পিছত সোমবাৰে নৰৱেত অনুষ্ঠিত হ’বলগীয়া ভাৰত-নৰ্ডিক সন্মিলনত মোদীয়ে অংশগ্ৰহণ কৰিব। ভ্ৰমণৰ একেবাৰে শেষত তেওঁ মঙলবাৰে ইটালীলৈ গৈ দেশখনৰ ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰিব।











