ASSAM TIMES POST
অজন্তা তালুকদাৰ, বোকাখাত : বোকাখাতৰ নবসুৰুজ যুৱক সংঘৰ উদ্যোগত প্ৰথমবাৰৰ বাবে আয়োজন কৰা অসম ভিত্তিত ন’ন ৰেংকিং বেডমিন্টন প্ৰতিযোগিতাৰ যোৱা নিশা সফল সামৰণী পৰে ৷ ডাবলচত অনুস্থিত প্ৰতিযোগিতাখনিত ৰাজ্যখনৰ ৩০ টা দলে অংশ গ্ৰহণ কৰে ৷ দুদিনীয়া প্ৰতিযোগিতাখন বন্তি প্ৰজ্বলন কৰি শুভাৰম্ভ কৰে ডাঃ পুলিন চন্দ্ৰ বৰকটকীয়ে আৰু প্ৰতিযোগিতা মুকলি কৰে মহকুমাধিপতী বিবেক শ্যামে ৷
প্ৰতিযোগিতাত বিজয়ীৰ সন্মান লাভ কৰে বোকাখাত অনুৰাগ একাডেমিৰ পঙ্খৰাজ দেউৰী আৰু অসীম ৰয়ে। তেওঁলোকে লাভ কৰে এটি ট্ৰফী, ২০০০০ টকাৰ মাননী লগতে একোখনকৈ মান পত্ৰ।দ্বিতীয় স্থান দখল কৰে চাবুৱাৰ শংকৰ আৰু তেওঁৰ সহযোগী ৰাহুলে। তেওঁলোকে লাভ কৰে এটি ট্ৰফী, ১০০০০ টকাৰ মাননীৰ লগতে একোখনকৈ মান পত্ৰ। তৃতীয় স্থান দখল কৰিবলৈ সক্ষম হয় মৰানৰ অভিজিত দত্ত আৰু অভিজিত গগৈয়ে। তেওঁলোকে লাভ কৰে এটি ট্ৰফী, ৫০০০ টকাৰ মাননীৰ লগতে একোখনকৈ মান পত্ৰ। শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান বুটলিবলৈ সক্ষম হয় অসীম ৰয়ে।
সামৰণি অনুষ্ঠানত উপস্থিত থকা বোকাখাত আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া শ্ৰীযুত দিব্যজ্যোতি দত্ত দেৱ, জ্যেষ্ঠ চিকিৎসক ডাঃ পুলিন চন্দ্ৰ বৰকটকী দেৱ, ডলামৰা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া , ডলামৰাৰ বি,এচ,এফ,ৰ সহকাৰী পৰিদৰ্শক, টেঙাখাত আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অনুপম গোৱালা, তুষেশ্বৰ বৰা , নয়নজ্যোতি গগৈ । জ্যেষ্ঠ খেলুৱৈ ৰঞ্জন দাস, পৰশুৰাম কৰ্মকাৰ আৰু গোলাপ চাহুক বঁটা প্ৰদানস্থলীতেই বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰে ৷













