ASSAM TIMES POST
গুৱাহাটী : সামাজিক অনুষ্ঠান ‘সমলয়’ অসম আৰু জাতীয় সাহিত্য প্ৰকাশক ‘ভাষা প্ৰকাশন’ৰ উদ্যোগত অহা ৮ মাৰ্চত গুৱাহাটীৰ চানমাৰিৰ নৱগিৰিত অৱস্থিত অম্বিকাগিৰি উদ্যানত পুৱা ৯ বজাৰ পৰা দিনজোৰা কাৰ্যসূচীৰে কবিতাৰ মহাসন্মিলন আয়োজন কৰা হৈছে৷
অসমৰ ভিন্ন প্ৰান্তৰ নৱীন প্ৰৱীন কবি, সাহিত্যিক, কাব্যপ্ৰেমীসকলক একত্ৰিত কৰি কবিতা, ভাষা সাহিত্যৰ জৰিয়তে কাব্য সাহিত্য জগত তথা বৌদ্ধিক জগতৰ উত্তৰণ লক্ষ্যৰে এই মহাসন্মিলনৰ আয়োজন কৰা হৈছে৷ এই মহাসন্মিলনত অসম সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়া, বিশিষ্ট সাহিত্যিক-সাংবাদিক হোমেন বৰগোহাঞি, ড° লক্ষ্মীনন্দন বৰা, সাংবাদিক প্ৰশান্ত ৰাজগুৰু, শিক্ষাবিদ ড° অমৰজ্যোতি চৌধুৰী, ড° দয়ানন্দ পাঠক, মাইনী মহন্ত, বিশিষ্ট কবি ক্ৰমে ৰবীন্দ্ৰ বৰা, আনিছ উজ জামান, নীলিম কুমাৰ আদি উপস্থিত থাকিব৷ এই মহাসন্মিলন উদ্বোধন কৰিব বিশিষ্ট কবি ৰবীন্দ্ৰ বৰাই৷













