ASSAM TIMES POST
নগাঁও: নগাঁও জিলাৰ ঐতিহ্যমণ্ডিত সত্ৰ-নামঘৰ আদিত বিগত কিছুদিন ধৰি চোৰে ধাৰাবাহিকভাৱে লুটপাত চলাই অহা কাৰ্যই ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ।শেহতীয়াকৈ সত্ৰ-নামঘৰৰ আপুৰুগীয়া সম্পদ, মূৰ্তি, ধন-সোণ আদি চোৰৰ লক্ষ্য হৈ পৰাত ৰাইজ উদ্বিগ্ন হৈ পৰিছে। প্ৰাপ্ত খবৰ মতে, নগাঁও সদৰ আৰক্ষী থানাৰ অন্তৰ্গত দুই নম্বৰ বৰজহা কমলাবাৰী সত্ৰৰ নামঘৰত যোৱা নিশা চোৰৰ দলে প্ৰৱেশ কৰি লুটপাত চলায়।
চোৰৰ দলে নামঘৰৰ মণিকূটৰ কাষৰ দুৱাৰ ভাঙি ভিতৰত প্ৰৱেশ কৰি লুটি নিলে বহু আপুৰুগীয়া সম্পদ আৰু নগদ ধন। নিশা অহা বতাহ -বৰষুণৰ সুযোগ লৈ চোৰৰ দলটোৱে ২ নম্বৰ বৰজহা কমলাবাৰী সত্ৰ নামঘৰৰ মণিকূটৰ পৰা সোণ আৰু পিতলৰ দুটাকৈ মূৰ্ত্তি, ১৫ পাহ সোণ-ৰূপৰ ফুল, ৩ যোৰ বৰতাল, কাঁহৰ বাচন আদিৰ লগতে নগদ ১২ হেজাৰ টকা লৈ উধাও হয়। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে যদিও এই পৰ্যন্ত চোৰৰ সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই বুলি জানিব পৰা গৈছে ।
ইপিনে, যোৱা নিশাই জিলাখনৰ দক্ষিণপাট-বালিগাঁৱৰ কালিকা থানতো চোৰে নগদ ধন সহ কেতবোৰ মূল্যৱান সামগ্ৰী লুটি নিয়ে বুলি জানিব পৰা গৈছে । জিলাখনৰ সত্ৰ-নামঘৰ -মন্দিৰ আদিত চুৰি কাৰ্য সংঘটিত কৰি যোৱা চক্ৰটোক কৰায়ত্ত কৰিব নোৱাৰাৰ বাবে আৰক্ষীৰ ভুমিকাকো ৰাইজে সমালোচনা কৰে ।













