ASSAM TIMES POST
গুৱাহাটী : আজিৰে পৰা নিৰ্বাচনী অধিসূচনা জাৰি গুৱাহাটী প্ৰেছ ক্লাবৰ ২০২০বর্ষ সাধাৰণ নিৰ্বাচনৰ।প্ৰকাশ পালে ভোটাৰ সম্পূৰ্ন তালিকা।এই কথা এক সংবাদ মেল যোগে ঘোষণা কৰিলে নিৰ্বাচনৰ মুখ্য আহ্বায়ক প্ৰশান্ত জ্যোতি হাজৰিকাই। গুৱাহাটী প্ৰেছ ক্লাৱত সম্বোধন কৰা সংবাদ মেলখনত হাজৰিকাই কয় “মুঠ ১০টা পদৰ বাবে অনুষ্ঠিত হ’ব নিৰ্বাচন।তাৰে উপ-সভাপতি আৰু সহ-সাধাৰণ সম্পাদকৰ এটাকৈ পদ মহিলাৰ বাবে সংৰক্ষণ আছে”।
ইফালে প্ৰাৰ্থী সকলে নিৰ্বাচন প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰাৰ বাবে আজি(২৭ফেব্ৰুৱাৰী) দিনৰ ২বজা পৰা প্ৰাৰ্থী সকলে ১মাৰ্চৰ আবেলি ৩বজা ভিতৰত দাখিল কৰিব লাগিব মনোনয়ন পত্ৰ।দাখিল কৰা প্ৰাৰ্থী সকলৰ মনোনয়ন পত্ৰ পৰীক্ষা কৰা হব ২মাৰ্চৰ আবেলি ৩বজাত।সেই দিনাৰে প্ৰাৰ্থী আংশিক তালিকা প্ৰকাশ কৰে হব সন্ধিয়া ৬বজাত। আনহাতে যদি কোনো প্ৰাৰ্থীয়ে যদি মনোনয়ন প্ৰত্যাহাৰ কৰিব বিচাৰে তাৰ বাবে ৩ মার্চৰ আবেলি তিনি বজা ভিতৰত ৩ উঠাই লব লাগিব।ইফালে ৪মার্চত দিনৰ ১২বজাত প্ৰকাশ কৰা হব প্ৰাৰ্থী চূড়ান্ত তালিকা।
এই কথা জানিবলৈ দিয়ে নিৰ্বাচন কমিটিৰ আহ্বায়ক অজিত পাটোৱাৰীয়ে। মুঠ ৭৯৮গৰাকী ভোটাৰে নিৰ্বাচন কৰিব গুৱাহাটী প্ৰেছ ক্লাৱৰ ১০গৰাকী সদস্য।তাৰ বাবে নিৰ্বাচন অনুষ্ঠিত হব ১২ মার্চৰ পুৱা ১০বজা পৰা আবেলি ৪বজা ভিতৰত।সেইদিনাই আবেলি ৫ বজাত অনুষ্ঠিত হব ভোট গণনা আৰু।ৰাতিলৈ ঘোষণা কৰা হব ফলাফল।এই কথাও জানিবলৈ দিয়ে সমিতিয়ে।













