
মঙলবাৰে সন্ধিয়া বোকাজান মহকুমাৰ অন্তৰ্গত খটখটী থানা এলেকাৰ লাহৰিজান বাগানত ড্ৰাগছসহ এজন লোকক আটক (Drug Seized) কৰা হয়। ডিমাপুৰ দিশৰ পৰা অহা এজন ব্যক্তিক খটখটী আৰক্ষীয়ে গোপন খবৰ ভিত্তিত অভিযান চলাই ড্ৰাগছখিনি জব্দ কৰাৰ লগতে ড্ৰাগছ সৰবৰাহৰ অভিযোগত ব্যক্তিজনক আটক কৰা হয়।

খটখটী থানাৰ উপ-পৰিদৰ্শক দেৱাশিস বৰা, অমৰজ্যোতি গগৈ তথা থানাৰ ষ্টাফৰ সহযোগত তালাচী চলাই ব্যক্তিজনে কৌশলেৰে নিজৰ শৰীৰত লুকুৱাই অনা এটা চাবোনৰ baksত প্ৰায় ১৩.৯৬ গ্ৰাম হেৰ’ইন খটখটী আৰক্ষীয়ে জব্দ কৰে।
ব্যক্তিজন বৰপেটা জিলাৰ বৰপেটাৰোডৰ গোৱৰ্ধনাৰ মেলাগাঁৱৰ মোনেশ্বৰ নাৰ্জাৰীৰ পুত্ৰ মনিৰাম নাৰ্জাৰী (২৫) বুলি চিনাক্ত কৰা হৈছে। খটখটী আৰক্ষীয়ে ব্যক্তিজনক আটক কৰি সোধাপোছা অব্যাহত ৰাখিছে।












