ASSAM TIMES POST
অজন্তা তালুকদাৰ, বোকাখাত : অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ ভাতৃ সংগঠন অসম প্ৰদেশ কংগ্ৰেছ সেৱাদলৰ গোলাঘাট জিলা সমিতিৰ সভাপতি হিচাপে নিযুক্তি লাভ কৰিছে বোকাখাত সু-সন্তান তথা কংগ্ৰেছৰ এজন প্ৰবীণ কৰ্মী হৰি প্ৰসাদ শইকীয়াই ৷ অসম প্ৰদেশ কংগ্ৰেছ সেৱাদলৰ সভাপতি সুকান্ত ভট্টাচাৰ্যীৰ স্বাক্ষৰিত এক পত্ৰ যোগে এই নিযুক্তি প্ৰদান কৰিছে হৰি প্ৰসাদ শইকীয়াক৷ বোকাখাত ম’হমাইকী গাঁও নিবাসী প্ৰয়াত বিদ্যাধৰ শইকীয়া আৰু ৰাষ্ট্ৰপতি পুৰস্কাৰ প্ৰাপ্ত কৃতি শিক্ষয়িত্ৰী সোণমাই শইকীয়াৰ দ্বিতীয় সন্তান হৰি প্ৰসাদ শইকীয়া ১৯৮৫ চনৰ পৰাই কংগ্ৰেছৰ ভাতৃ সংগঠন এন এছ ইউ আইৰ সৈতে জড়িত হৈ আছিল ৷
১৯৮৯ চনত ছাত্ৰ একতা সভাৰ নিৰ্বাচনত কটন কলেজৰ পৰা এন এছ ইউ আইৰ সমৰ্থিত প্ৰাৰ্থী ৰূপে নিৰ্বাচিত হোৱাৰ পাছত ১৯৯২ চনত কটন কলেজৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত সদৌ অসম ছাত্ৰ সন্থাৰ সমৰ্থিত প্ৰাৰ্থী তথা বৰ্তমান ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক পৰাজিত কৰিছিল ৷ হৰি প্ৰসাদ শইকীয়াৰ নেতৃত্বতে সেই সময়ত ব্ৰহ্মপুত্ৰ ভেলীৰ যোৰহাট জে বি কলেজ, গুৱাহাটী কৰ্মাচ কলেজ, কটন কলেজকে আদি কৰি বহু কেইখন কলেজৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত এন এছ ইউ আইয়ে সক্ৰিয় ভুমিকা পালন কৰিছিল ৷ ১৯৯৩ চনত সদৌ ভাৰত এন এছ ইউ আইৰ সমন্বয়ক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ৷
১৯৯৩ চনৰ পৰা ২০১০ চন পৰ্যন্ত হৰি প্ৰসাদ শইকীয়াই অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক আৰু উপ-সভাপতি পদত কাৰ্যনিৰ্বাহ কৰিছিল ৷ ইয়াৰ পাছৰে পৰা বৰ্তমানলৈকে হৰি প্ৰসাদ শইকীয়া অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সম্পাদকৰ পদত কাৰ্যনিবাহ কৰি আছে ৷ এসময়ত কংগ্ৰেছৰ ভাতৃ সংগঠন সেৱাদলে সক্ৰিয় ভুমিকা পালন কৰিছিল যদিও বৰ্তমান সময়ত সেৱাদলৰ ভূমিকা সন্তোষজনক নহয় ৷
২০২১ চনৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি কংগ্ৰেছৰ সেৱাদলটোক অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে পুনৰ সক্ৰিয় কৰিবৰ বাবেই প্ৰস্তুতি আৰম্ভ কৰাৰ লগতে বোকাখাতৰ সু-সন্তান তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সম্পাদক হৰি প্ৰসাদ শইকীয়াক গোলাঘাট জিলা কংগ্ৰেছ সেৱাদলৰ সভাপতি হিচাপে ২৪ ফেব্ৰুৱাৰীত নিযুক্তি প্ৰদান কৰিছে ৷ গোলাঘাট জিলা কংগ্ৰেছৰ সেৱাদলৰ সভাপতি হিচাপে হৰি প্ৰসাদ শইকীয়াৰ নিযুক্তিত কংগ্ৰেছৰ সেৱাদলে গোলাঘাট জিলাত সক্ৰিয় ভুমিকা পালন কৰিব বুলি আশা প্ৰকাশ কৰিছে গোলাঘাট জিলা কংগ্ৰেছৰ প্ৰবীণ কংগ্ৰেছ কৰ্মী সকলে ৷













