ASSAM TIMES POST
গুৱাহাটী : শুক্ৰবাৰে গুৱাহাটীলৈ আহে দেশৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰামণ।গুৱাহাটী পঞ্চতাৰকা হোটেল ভিভাণ্টাত কেন্দ্ৰীয় বিত্তমন্ত্ৰী গৰাকীয়ে এক সংবাদ সংবাদমেল সম্বোধন কৰে।জনতাৰ বাজেট শীৰ্ষক অনুষ্ঠানৰ আঁত ধৰি সীতাৰমনে কয় “অসমত বেংক সেৱা উন্নত কৰি গ্ৰাহকৰ বাবে বন্ধুত্ব সুলভ বেংক সেৱা ব্যৱস্থা কৰা লগতে চাহ বাগান এলেকাত বেংক সেৱা সুলভ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ বুলি উল্লেখ কৰে”।
সংবাদমেলৰ পূৰ্বে দিনৰ ভাগত খানাপাৰাৰ ষ্টাফ কলেজত বেংক সেৱাৰে জড়িত বিষয়া,বিনিয়োগ কাৰীৰ লগত মন্ত্ৰীৰ সীতাৰমণে অালোচনাত মিলিত হয়৷ উল্লেখ যে বিত্তমন্ত্ৰী গৰাকীয়ে চেন্নাই, কলকাতা, মুম্বাইত দেশৰ অৰ্থনীতি সম্প্ৰসাৰণ বাবে ইতিমধ্যে বৈঠকত মিলিত হৈছে।সেই অনুসৰিয়ে ষষ্ঠস্থানত থকা গুৱাহাটীত বাজেট সম্বন্ধে কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে মিলিত হয় বৈঠকত।ইয়াৰ পিছত আহমেদাবাদ ৰাখিব এই কাৰ্যসূচী। আজি সংবাদ মেলত উপস্থিত থাকে ৰাজ্যৰ বিত্তমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাও৷
ইফালে সংবাদ মেলত দিল্লী হিংসাই বিনিযোগ কাৰীৰ ওপৰত প্ৰভাৱ পেলাব নেকি বুলি প্ৰশ্ন কৰাত তেওঁ কয় “কোনো প্ৰভাৱ নপৰে ক’তো একো প্ৰভাৱ নাই।বহু বিখ্যাত বিনিয়োগকাৰীয়ে ইচ্ছা প্ৰকাশ কৰিছে ভাৰতত বিনিয়োগ কৰিবলৈ।তেনে বিনিয়োগকাৰী নাম লৈ শেষ কৰিব নোৱাৰিম”।আনহাতে ক’ৰ’ণা ভাইৰাছে কিবা প্ৰভাৱ পেলাইছে নিকি বুলি প্ৰশ্ন কৰাত বিত্তমন্ত্ৰীৰ সীতাৰামণে কয় “কেচা সামগ্ৰী ক্ৰয় বিক্ৰয়ত সমস্যা হোৱা নাই”। ইফালে চাহ বাগানৰ কৰ্মী সকলৰ বেংক একাউণ্টৰ সম্বন্দে গুৰুত্বপূৰ্ণ নিৰ্দেশনা প্ৰদান কৰি সীতাৰামণে কয় “সকলো বেংককে এটিএম স্থাপনৰ বাবে নিৰ্দেশনা দিয়া হৈছে ৷
এটিএম স্থাপন কৰিবই লাগিব আগন্তক৩০ দিনৰ ভিতৰত”। উল্লেখ যে ২০১৪ৰ পৰা ২০১৯ৰ ভিতৰত উ:পূবৰ আন্ত:গাঁঠনি উন্নতি সাধন হৈছে ৷ সেঁতু, দলং নিৰ্মাণ, ৰাস্তাকে আদি কৰি বহু গঠনমূলক কাম সম্পন্ন হৈছে বিগত ৫বছৰত। বিনিয়োগকাৰী, চৰকাৰে গুৰুত্ব আগ্ৰহ দেখুৱাইছে উত্তৰ-পূবৰ উন্নয়নৰ বাবে”। আনহাতে সংবাদ মেলত ৮লাখ একাউণ্ট চাহ বাগানৰ কৰ্মচাৰীৰ মাজত খোলা কথা উল্লেখ কৰে – হিমন্ত বিশ্ব শৰ্মাই।লগতে কয় “মই অসমৰ মন্ত্ৰী হিচাপে সুখী ভাৰতৰ অৰ্থনীতিৰ বুৰঞ্জীত প্ৰথমবাৰৰ বাবে গুৱাহাটীত বাজেট সম্বন্ধে আলোচনা কৰিবলৈ বিত্তমন্ত্ৰী আহিছে”।
৬মাৰ্চৰ বাজেট দাখিলৰ পূৰ্বে আমি উদ্যম পাইছো সীতাৰমণৰ ভ্ৰমণত – মন্ত্ৰী শৰ্মাই কয়।ছটা মাহৰ পূৰ্বে নিৰ্মলা চিত্তৰামক চাহ বাগানৰ লোক সকলে বেংকিংৰ ক্ষেত্ৰত হোৱা অসুবিধাৰ সম্পৰ্কে জনাইছিলো।চাহ বাগানৰ শ্ৰমিক সকলৰ ৮০ হাজাৰো অধিক বেংক একাউণ্ট আছে,কিন্ত সকলোৰে কে ৱাই চিৰ অসুবিধাৰ বাবে এ টি এম ব্যৱহাৰ কৰিব পৰা নাছিল :হিমন্অসমৰ কোনো ক্ষুদ্ৰ অথবা বৃহৎ উদ্যোগৰ বাবেও লোৱা হ’ব বিশেষ ব্যৱস্থা।কিন্তু কাগজকল পুন ৰোত্থানৰ ক্ষেত্ৰত কোনো ধৰণৰ উত্তৰ নিদিলে মন্ত্ৰী সীতাৰামনে।













