ASSAM TIMES POST
গুৱাহাটী : বিতৰ্কিত নাগৰিকত্ব সংশোধনী আইন-২০১৯ বিৰোধিতাৰে আন্দোলনৰ ৰণকৌশল প্ৰস্তুত কৰাৰ লগতে বিকল্প ৰাজনৈতিক দল গঠনৰ সন্দৰ্ভত আজি সদৌ অসম ছাত্ৰ সন্থাই ল’ব চূড়ান্ত সিদ্ধান্ত।কালি অনুষ্ঠিত হৈ যোৱা ছাত্ৰ সংগঠনটো কাৰ্যনিৰ্বাহক বৈঠকৰ পিছত আজি পুনৰ সদৌ অসম ছাত্ৰ সন্থাই অনুষ্ঠিত কৰিছে প্ৰতিনিধি সভা।মহানগৰীৰ উজান বজাৰস্থিত বিবেকানন্দ কেন্দ্ৰত ইতিমধ্যে আৰম্ভ হৈছে প্ৰতিনিধি সভা।
সভাত উপস্থিত হৈছে আছু বিভিন্ন জিলা-মহকুমাৰ প্ৰতিনিধি সকল।উপস্থিত আছে কেন্দ্ৰীয় সমিতি বিষয়ববীয়া। ছাত্ৰ সংগঠনটো মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, সভাপতি দীপাংক নাথ, সাধাৰণ সম্পাদক লোৰিনজ্যোতি গগৈ উপস্থিত আছে। বৈঠক অনুষ্ঠিত হোৱা পূৰ্বে আছু উপদেষ্টা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য ‘কা’ৰ আন্দোলনৰ প্ৰসংগত কয় “বৰ্তমান পৰীক্ষা চলি থকাৰ বাবে আন্দোলনৰ কাৰ্যসূচী স্তিমিত হৈছে।পৰীক্ষা শেষ হোৱাৰ পিছতে অহিংস- গণতান্ত্ৰিক, শৃংখলাবদ্ধ, শান্তিপূৰ্ণ ব্যাপক আন্দোলন ৰাজ্যজুৰি গঢ়ি তোলা হ’ব”।
নতুন নতুন পন্থাৰে অসমত ধাৰাবাহিক ভাৱে মূলত ‘কা’ৰ বাতিল নোহোৱা পৰ্যন্ত সংগ্রাম আগবঢ়াই নিয়াৰ কথা ঘোষণা কৰে ভট্টাচাৰ্য। ইনাৰ লাইন পাৰ্মিতৰ ব্যৱস্থা ইতিমধ্যে অসমত আছিল কিন্তু প্ৰয়োগ হোৱা নাছিল।দুৰ্ভাগ্যজনক ভাৱে যিদিনা কা’ৰ ৰাইজৰ ওপৰত জাপি দিলে সেইদিনাই ইনাৰ লাইন পাৰ্মিতৰ ব্যৱস্থা অসমৰ পৰা কাঢ়ি লৈ যোৱা বুলি উল্লেখ কৰি ভট্টাচাৰ্য কয় “এফালে আকৌ চৰকাৰে সাংবিধানিক ৰক্ষা কৱচ দিয়া কথা কয় কিন্তু থকা ব্যৱস্থা টোকে আমাৰ পৰা কাঢ়ি লৈ গৈছে।চৰকাৰক আমি কেনেকৈ বিশ্বাস কৰিম”।













