ASSAM TIMES POST
তেজপুৰ : আজি ঘোচলৈ থাকোতে বিদ্যুত সংমণ্ডল গড়কাপ্তানি বিভাগৰ কাৰ্যবাহী অভিযন্তা এজন হাতে- লোটে আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱা ঘটনাত চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ প্ৰাপ্ত খবৰ অনুসৰি আজি বিয়লি তেজপুৰ বিদ্যুত সংমণ্ডলৰ গড়কাপ্তানিৰ দায়িত্বত থকা কাৰ্যবাহী অভিযন্তা নাৰায়ণ চন্দ্ৰ দে’ক অসম বিদ্যুত পৰিষদে আৰক্ষী অধীক্ষক সুমিত শৰ্মাৰ নেতৃত্বত অভিযান চলাই কাৰ্যালয়ত বিদ্যুত ঠিকাদাৰৰ পৰা ৪০ হাজাৰ টকাৰ ঘোচলৈ থকা অৱস্থাত হাতে -লোটে ধৰা পেলায় ৷
উদ্ধাৰ হোৱা ঘোচৰ টকাখিনি বিদ্যুত পৰিষদে জব্দ কৰে ৷ অভিযুক্ত অভিযন্তাজনে বিভাগীয় ঠিকাদাৰ জনৰ পৰা তেজপুৰ গড়কাপ্তানি বিভাগৰ কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয়, ঢেকিয়াজুলি পিএইছই, আৰু বিশ্বনাথ চাৰি আলিৰ বিদ্যুত সংক্ৰান্তীয় কামৰ বিলৰ বাবদ ঠিকাদাৰৰ পৰা ৫০ হাজাৰ টকা দাবী কৰিছিল আৰু উক্ত টকা দাবীকৰা মতে আজি পৰিশোধ কৰাৰ কথা আছিল বুলি এক সুত্ৰত প্ৰকাশ ৷জনতাৰ সেৱক অভিযন্তা জনক গ্ৰেপ্তাৰ কৰা হৈছে আৰু কাইলৈ গুৱাহাটীৰ বিশেষ আদালতত প্ৰেৰণ কৰা হব বুলি জানিব পৰা গৈছে ৷
ধৃত অভিযন্তাজনৰ গুৱাহাটী আৰু তেজপুস্থিত ঘৰতো তালাচী চলোৱা হৈছে ৷ আৰক্ষী অধীক্ষক আৰু দূৰ্নিতী নিবাৰক আৰু ভিজিলেন্সৰ সঞ্চালকে জনায়যে, বিত্ত বৰ্ষৰ পূৰ্বেই বিল ক্লিয়াৰেন্সৰ নামত অবৈধভাবে জনতাৰ সেৱক সকলে কোনোধৰণৰ উপঢৌকন খুজিলে বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰাৰ লগে লগে বিহীত ব্যৱস্থা গ্ৰহণ কৰা হব বুলি কয় ৷













